নতুন দিল্লী
অসমীয়া সাহিত্যৰ বাবে সুখবৰ। বৰেণ্য সাহিত্যিক য়েচে দৰজে ঠংচিৰ বাঁহ ফুলৰ গোন্ধ শীর্ষক গল্প সংকলনখনৰ ইংৰাজী অনুবাদ প্রকাশ কৰিব আমেৰিকাৰ সম্ভ্রান্ত প্রকাশক মডার্ণ লাইব্ৰেৰীয়ে। ইতিমধ্যে লেখক তথা অনুবাদক আৰুণি কাশ্যপৰ সৈতে চুক্তিবদ্ধ কৰিছে প্ৰকাশন গোষ্ঠীটোৱে।
নিউয়র্ক চহৰৰ পৰা প্ৰকাশিত পাবলিচার্চ মার্কেটপ্লেচ নামৰ আলোচনীখনত এই কথা প্রকাশ পাইছে। য়েচে দৰজে ঠংচি হৈছে মডার্ণ লাইব্ৰেৰীৰ দ্বাৰা প্ৰকাশিত প্ৰথম অসমীয়া সাহিত্যিক। ইয়াৰ আগেয়ে ভাৰতীয় সাহিত্যিকৰ ভিতৰত চলমান ৰুশ্বদিৰ দ্বিতীয়খন উপ্যন্যাস, মিডনাইটচ্ চিল্ড্রেন, মডার্ণ লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছিল।
ইতিপূর্বে আৰুণি কাশ্যপৰ অনুবাদত ঠংচিৰ এই গ্ৰন্থখন মার্কিন যুক্তৰাষ্ট্ৰৰ এটা আগশাৰীৰ সাহিত্য বঁটা আম'ৰী স্কুৱেৰ প্ৰাইজ ফৰ চাউথ এচিয়ান লিটাৰেচাৰ ইন ট্রানলেচনৰ বাবে ২০২৩ চনত চূড়ান্ত তালিকাভুক্ত হৈছিল। একেদৰে ২০২৪ চনত অনুৰাধা শৰ্মা পূজাৰীৰ এজন ঈশ্বৰৰ সন্ধানত কিতাপখনো আৰুণি কাশ্যপৰ অনুবাদত এই মার্কিন বঁটাৰ বাবে চূড়ান্ত তালিকাভুক্ত হৈছিল।
এই বঁটাৰ বাবে মনোনীত হোৱাৰ পাছত ঠংচি আৰু পূজাৰীৰ কিতাপৰ প্ৰতি আগ্ৰহ মার্কিন সাহিত্যৰসিক আৰু প্ৰকাশকৰ মাজত বৃদ্ধি পাইছিল। তাৰ ফলশ্রুতিতেই আজি ঠংচি অসমীয়া ভাষাত সাহিত্য ৰচনা কৰা প্ৰথম সাহিত্যক হোৱাৰ পথত, যাৰ কিতাপ মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰকাশকে অনুবাদ কৰি প্ৰকাশ কৰিব।
আৰুণি কাশ্যপৰ সাহিত্যিক প্রতিনিধি দ্য ফ্রানচিচ্ গল্ডেন লিটাৰেৰী এজেন্সীৰ নিউয়র্ক চহৰস্থিত কাৰ্যালয়ৰ চিনিয়ৰ এজেন্ট আৰু ভাইচ প্রেচিডেন্ট লুচি ক্লিলেণ্ডে আৰুণি কাশ্যপৰ হৈ মধ্যস্থতা কৰি এই আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ চুক্তি সম্পন্ন কৰে। উল্লেখযোগ্য যে মডার্ণ লাহাব্ৰেৰী পেংগুইন-আমেৰিকাৰ এটা অংশ।