ভ্লগিঙৰ জ্ঞান নথকা আফ্ৰিন আলফাজ কেনেকৈ হৈ পৰিল সফল আৰু জনপ্ৰিয় ইউটিউবাৰ?

Story by  atv | Posted by  Munni Begum • 1 Years ago
ইউটিউবাৰ আফ্ৰিন আলফাজ
ইউটিউবাৰ আফ্ৰিন আলফাজ
আৰিফুল ইছলাম / গুৱাহাটী
 
বৰ্তমান সামাজিক মাধ্যম যথেষ্ট শক্তিশালী। যিটো সময়ত অসমত নিবনুৱা সমস্যা দিনে দিনে বৃদ্ধি পাইছে সেই সময়তে বহু যুৱ প্ৰজন্মই ফেচবুক আৰু ইউটিউবত ভিডিঅ' বনাই নিজেই জনপ্ৰিয় হোৱাৰ উপৰিও ধন উপাৰ্জনৰ পথ মুকলি কৰি লৈছে। বৰ্তমান বহু যুৱক-যুৱতীয়ে পঢ়া-শুনাৰ সমান্তৰালকৈ ইউটিউবক উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰিছে। তেনে উদাহৰণ অসমত বহুত আছে, তাৰে ভিতৰত অন্যতম হ'ল আফ্ৰিন আলফাজ।
 
আফ্ৰিন আলফাজে ২০১৮ চনৰ পৰা ইউটিউব ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল। সেই সময়ত আজিৰ দৰে বহুত ইউটিউবাৰ নাছিল। প্ৰথম অৱস্থাত আফ্ৰিনে ভিডিঅ'ৰ বিষয়ে নাজানিছিল। সেই সময়ত জুৱেইৰ হাছান নামৰ এগৰাকী ইউটিউবাৰৰ পৰা আফ্ৰিনে ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল।
 
 
আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যুৱ ইউটিউবাৰ আফ্ৰিন আলফাজে কয়; "প্ৰথমতে মই বহু সমস্যা বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। মই ২০১৮ চনত ভিডিঅ' বনোৱা আৰম্ভ কৰোঁতে মোৰ হাতত এটা ভাল মোবাইল নাছিল। মই দেউতাৰ মোবাইলেৰে ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ। একেবাৰে নিম্ন মানদণ্ডৰ কেমেৰাৰে মই ভিডিঅ' বনাই ৪৫ হাজাৰ ছাবস্ক্ৰাইবাৰ অতিক্রম কৰিছিলোঁ। তাৰপিছত মই নিজৰ উপাৰ্জনেৰে ভাল কেমেৰা আৰু মোবাইল ক্ৰয় কৰিছোঁ।"
নতুন ইউটিউব ক্ৰিয়েটৰৰ উদ্দেশ্যে আফ্ৰিনে কয়; "বৰ্তমান সময়ত ইউটিউব চেনেল এটা চলোৱা বা উন্নতি কৰাটো যথেষ্ট সহজ। চেনেল এটা খুলি থৈ দিলেই নহ'ব, আপুনি দৈনন্দিন ভিডিঅ' দিব  লাগিব। ট্ৰেনডিংত থকা বিষয়বস্তুৰ ওপৰত ভিডিঅ' বনালে চেনেলটোৰ সোনকালে উন্নতি হয়। বেছিভাগ সৰু সৰু লৰা ছোৱালীয়ে আজিকালি ভিডিঅ' বনাব আৰম্ভ কৰিয়েই নিজাববীয়াকৈ ভাল মোবাইল বা কেমেৰা ক্ৰয় কৰি ভিডিঅ' বনোৱা দেখা যায়। যিটো ভাল বুলি মই নাভাবো। চেনেল এটা উন্নতি হোৱাৰ পিছত তাৰে পোৱা পইচাৰে ভাল মোবাইল বা কেমেৰা কিনিব পাৰে। কিন্তু আগতীয়াকৈ ইমান পইচা খৰছ কৰি লাভ নাই।"
ইউটিউবৰ জৰিয়তে বহুতে ভাল উপাৰ্জন কৰি আছে। যদি ইউটিউবৰ বাবে ভালকৈ সময় দিয়ে তেন্তে ইউটিউবত ভাল পইচা উপাৰ্জন কৰিব পাৰি বুলি আফ্ৰিনে উল্লেখ কৰে। কিন্তু ইউটিউবক কৰ্মসংস্থাপন হিচাপে লোৱাটো আফ্ৰিনে সমৰ্থন নকৰে, কাৰণ ইউটিউব হ'ল এটা ছচিয়েল মিডিয়া প্লেটফৰ্ম। টিকটকক যিদৰে ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল, ঠিক তেনেদৰে ইউটিউবো এদিন বন্ধ হৈ গ'লে বহুতৰ উপাৰ্জনৰ পথ বন্ধ হৈ যাব পাৰে বুলি আফ্ৰিনে উল্লেখ কৰে।
 
আফ্ৰিন আলফাজ তেওঁৰ পৰিয়াল আৰু জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাৰ সৈতে
 
আজিকালি বহু যুৱক-যুৱতীয়ে জীৱনৰ লক্ষ্য হিচাপে ইউটিউক বাছি লয়। সেই যুৱক-যুৱতীসকলক উদ্দেশ্যে আফ্ৰিনে কয়; "আপোনালোকে ইউটিউবটো নিজৰ হবি হিচাপে ল'ব পাৰে, কিন্তু প্ৰথম অৱস্থাত কেৰিয়াৰ হিচাপে ল'ব নালাগে। কাৰোবাৰ হয়তো ভিডিঅ' বনাই ভাল লাগে, বনাব পাৰে। কিন্তু পঢ়া-শুনাটো সমান্তৰাল ভাৱে আপোনালোকে বৰ্তাই ৰাখিব। ডিগ্ৰীটো বহু গুৰুত্বপূৰ্ণ বস্তু। ডিগ্ৰীটোৰে আপুনি জীৱনত বহু আগুৱাই যাব পাৰিব। ইউটিউব কৰিলেও পঢ়া-শুনা সমান্তৰালভাবে কৰি যাওঁক। যেতিয়া আপোনাৰ ইউটিউব চেনেলটো অলপ উন্নতি কৰিব, তেতিয়া ভিডিঅ' বনোৱাত অলপ গুৰুত্ব দিব পাৰে।"
 
ভিডিঅ' বনাই থকা মুহূৰ্তত আফ্ৰিন
 
ভৱিষ্যত পৰিকল্পনাৰ কথা উল্লেখ কৰি আফ্ৰিন আলফাজে কয়; "ভৱিষ্যত পৰিকল্পনাৰ কথা এতিয়ালৈ তেনেকৈ ভবা নাই। যেতিয়ালৈ অসমবাসী ৰাইজৰ পৰা মই মৰম পাই যাম, তেতিয়ালৈ মই ভিডিঅ' বনাই যাম। দৰ্শকে যেতিয়ালৈ আমনি নাপাই মই কাম কৰি যাম।"