৮,৮০০ কোটি টকা পুঁজিৰ অনুমোদন স্কিল ইণ্ডিয়ালৈ

Story by  atv | Posted by  [email protected] • 2 Months ago
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
 
নতুন দিল্লী
 
দেশৰ নিবনুৱাসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সকলৰ বাবে গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ।
 
স্কিল ইণ্ডিয়া প্ৰগ্ৰেমৰ বাবে কেন্দ্ৰই ৮,৮০০ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে। শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
 
মন্ত্ৰীগৰাকীয়ে কয় যে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে স্কিল ইণ্ডিয়া প্ৰগ্ৰেমক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৮,৮০০ কোটি টকাৰ পেকেজ আৱণ্টন দিব। এই পুঁজিৰ লক্ষ্য হৈছে দেশৰ দক্ষতা বিকাশৰ পদক্ষেপসমূহ বৃদ্ধি কৰা আৰু যুৱক- যুৱতীসকলক উদ্যোগ-প্ৰাসংগিক দক্ষতা আহৰণৰ অধিক সুযোগ সৃষ্টি কৰা।
 
উল্লেখযোগ্য যে দক্ষতা ভাৰত কাৰ্যসূচীৰ অধীনত তিনিটা মূল আঁচনি বৃদ্ধি কৰা হ’ব - পিএম কৌশল বিকাশ যোজনা ৪.০ (পিএমকেভিৱাই ৪.০), পিএম ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (পিএম-এনএপিএছ) আৰু দক্ষতা বিকাশৰ বাবে জন শিক্ষা সংস্থা।