আৰিফুল ইছলাম / গুৱাহাটী
বৰপেটাৰ বহৰিৰ পৰা সুদূৰ আমেৰিকালৈ এক প্ৰেৰণাদায়ী যাত্ৰাৰ কাহিনী এয়া। গুৱাহাটীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন ভিতৰুৱা গাঁওৰ এজন যুৱকে কঠোৰ সংগ্ৰাম আৰু পৰিশ্ৰমৰে শৈশৱত দেখা এক দুৰ্বাৰ সপোনক বাস্তৱ ৰূপ দিছে। যুৱকজনৰ নাম হৈছে ছাকিল তালুকদাৰ। দৃঢ়মনা যুৱকজনে আমেৰিকাৰ আকাশত বিমান উৰুৱাই সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বৰপেটা জিলাৰ বহৰি অঞ্চলৰ পৰা আমেৰিকাৰ ফ্লায়িং একাডেমীলৈ এই যাত্ৰা ছাকিলৰ বাবে মুঠেই সহজ নাছিল। আৰ্থিক সমস্যাৰ উপৰিও নেচনেল ডিফেন্স একাডেমীৰ মেডিকেল টেষ্টত বিফল হোৱাৰ পিছতো ছাকিলে হাৰ মনা নাছিল। তেওঁ ২০২৪ চনৰ আগষ্ট মাহৰ পৰাই আমেৰিকাৰ ফ্লৰিডাৰ ইণ্টাৰনেছনেল এল ৩ (L3) হেৰিছ ফ্লায়িং একাডেমীত বিমান উৰুৱাৰ প্ৰশিক্ষণ লৈ আছিল। ছাকিল তালুকদাৰৰ এই সাফল্যই তেওঁৰ পিতৃ-মাতৃ, স্থানীয় অঞ্চল তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিমান উৰুওৱাৰ পূৰ্বে ছাকিল তালুকদাৰ
এই সন্দৰ্ভত ছাকিল তালুকদাৰৰ পিতৃ আবুল কালাম তালুকদাৰে কয়; "সৰুৰে পৰা তাৰ বিমান উৰুওৱাৰ এক ডাঙৰ সপোন আছিল। তাৰ এই সপোন দিঠকত পৰিণত কৰিবলৈ মোৰ বাবে সম্ভৱ নহ'ব বুলিয়ে কৈছিলোঁ। ছাকিলক কৈছিলোঁ যে তুমি অন্য বিষয় লৈ পঢ়া। ছাকিলে দিল্লীত কোচিং কৰি এনডিএৰ কাৰণেও পৰীক্ষা দিছিল। দিল্লীৰ এনডিএত নিৰ্বাচিত হৈ তেওঁ জেট ফাইটাৰ উৰুওৱাৰ হেঁপাহ পূৰণৰ দিশে এখোজ আগবঢ়াইছিল। দূৰ্ভাগ্যবশতঃ মেডিকেল টেষ্টৰ সময়ত কিছু অমিল হোৱাৰ বাবে তেওঁৰ জেট ফাইটাৰ উৰুওৱাৰ সপোন তাতেই ভাঙি গৈছিল। তাৰপিছত কিছুদিন ছাকিলে হতাশাত ভুগিছিল। আমাৰো বেয়া লাগিছিল।"
কিন্তু সপোনৰ পিছ নেৰি ছাকিল তালুকদাৰে পাইলটৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে আৰু শেহতীয়াকৈ বিমান উৰুৱাই সমগ্ৰ ৰাজ্যবাসীক গৌৰবান্বিত কৰিছে। পবিত্ৰ ৰমজান মাহৰ সময়ত ছাকিলে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল আৰু পিতৃ-মাতৃক এয়া আছিল ঈদৰ উপহাৰস্বৰূপ।
ছাকিল তালুকদাৰ
প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণতে ইণ্টাৰনেছনেল এল ৩ (L3) হেৰিছ ফ্লায়িং একাডেমীৰ প্ৰশিক্ষকসকলে ছাকিলৰ প্ৰদৰ্শন উৎকৃষ্ট বুলি তেওঁক প্ৰশংসা কৰিছিল। প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত ছাকিলৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পাইছিল আৰু তেওঁ নিজৰ সপোনৰ দুৱাৰদলিত উপনীত হয়।
"এনডিএত মেডিকেল টেষ্টত বিফল হোৱাৰ পিছতো ভাঙি পৰা নাছিল ছাকিল। তাৰ পিছত ছাকিলে 'ডাইৰেক্টৰ অফ চিভিল এভিয়েচন অফ ইণ্ডিয়া'ত পাইলটৰ পৰীক্ষা দিয়ে। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 'এয়াৰ ইণ্ডিয়া'ৰ সহযোগত ছাকিলক আমেৰিকালৈ পঠিয়ালে। ২০২৪ চনৰ আগষ্ট মাহৰ পৰা তেওঁ আমেৰিকাৰ ফ্লৰিডাৰ ইণ্টাৰনেছনেল এল ৩ (L3) হেৰিছ ফ্লায়িং একাডেমীত প্ৰশিক্ষণ লৈ আছে। ছাকিলে বৰ্তমান অকলে বিমান উৰুৱাব পৰা হৈছে", পিতৃ আবুল কালাম তালুকদাৰে কয়।
বিমান উৰুওৱাই থকা অৱস্থাত ছাকিল তালুকদাৰ
পঢ়া শুনাৰ উপৰিও সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতিও সমানে আগ্ৰহী আছিল ছাকিল তালুকদাৰ। তেওঁ ক্ৰিকেট, বেডমিণ্টন খেলি অতিবাহিত কৰিছিল নিজৰ শৈশৱ। হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাতো ছাকিল তালুকদাৰে অংশগ্ৰহণ কৰিছিল।
ছাকিল তালুকদাৰৰ মাতৃয়ে কয়; "মাতৃ হিচাপে মই আজি গৌৰৱাম্বিত। আমাৰ সকলোৰে ভাল লাগিছে। আপোনালোকেও তাৰ বাবে দোৱা কৰিব। নিজৰ সপোন পূৰণৰ বাবে ছাকিলে সকলো প্ৰকাৰে চেষ্টা কৰিছিল। তেওঁ দিনটোত মাত্ৰ ৩-৪ ঘণ্টা শুইছিল। বাকী সময়খিনিত তেওঁ লেপটপ অথবা কিতাপ হাতত লৈ বহি থাকে। এতিয়া তাক পাইলট হিচাপে স্বীকৃতি দিয়া হৈছে। সকলোৰে ওচৰত দোৱাৰ আহ্বান কৰিছোঁ।"