জেমিন, নিচাদ আৰু হানীৰ আলোকোজ্জ্বল গাথা

Story by  atv | Posted by  Munni Begum • 19 d ago
নিচাদ আৰু হানী--- দুই প্ৰতিভাৱান ভাতৃ-ভগ্নী
নিচাদ আৰু হানী--- দুই প্ৰতিভাৱান ভাতৃ-ভগ্নী
 
  স্বপ্না দাস 
 
প্ৰতিভা আৰু নিষ্ঠাৰ এক প্ৰেৰণাদায়ক প্ৰদৰ্শনেৰে তিনিগৰাকী অসমীয়া যুৱক-যুৱতীয়ে নিজ নিজ ক্ষেত্রত নিজৰ নাম উজলাই তোলাৰ লগতে অনেকৰ বাবে প্ৰেৰণাৰ আকৰ হিচাপে চৰ্চিত হৈছে। ৰাজ্যখনক গৌৰাবান্বিত কৰি বৰপেটা জিলাৰ দুই ভাতৃ-ভগ্নী নিচাদ আলী আৰু হানী আলীয়ে কাৰাটেত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বিপৰীতে নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পহলংপাৰাৰ জেমিন চাজিদ ইকবালে গণিতত শৈক্ষিকভাৱে উৎকৃষ্টতা অৰ্জন কৰি শেহতীয়াকৈ সুনাম কঢ়িয়াই আনিছে। 
 
এইখিনিতে প্রসংগক্রমে উল্লেখ কৰা হ'ল যে, ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হায়দৰাবাদত অনুষ্ঠিত হৈছিল চতুর্থ কিঅ' ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আগশাৰীৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ অসমৰ বৰপেটা চহৰৰ দুই ভাতৃ-ভগ্নী ক্ৰমে নিচাদ আলী আৰু হানী আলীয়ে আকর্ষণীয় প্রদর্শনেৰে মুঠ তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ নিচাদ আৰু হানীৰ এই সফলতাই তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু খেলবিধৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰমাণ। 
 
ৰাইজৰ অভিনন্দন নিচাদ আৰু হানীক
 
চতুর্থ কিঅ' ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত নিচাদ আলীয়ে এটা সোণৰ পদক আৰু হানী আলীয়ে দুটাকৈ সোণৰ পদক লাভ কৰে। হানী আলীয়ে ছিনিয়ৰ শাখাত এটা সোণৰ পদক লাভ কৰে আৰু আনটো সোণৰ পদক তেওঁ ২১ বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ ৬১ কেজিৰ কুমিটেত লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, হানী আলিৰ ভাতৃ  নিচাদ আলীয়ে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাখনত ছিনিয়ৰ ৭৫ কেজি কুমিটেত সোণৰ পদক লাভ কৰে ৷ একেটি পৰিয়ালৰ দুই সন্তানৰ এই কৃতিত্বত বৰপেটাত এক আনন্দৰ জোৱাৰ উঠিছে। এই কৃতিত্ব অৰ্জন কৰিবলৈ তেওঁলোকক পথ প্ৰদৰ্শন কৰাত তেওঁলোকৰ পিতৃ তথা বৰপেটাৰ আগশাৰীৰ কাৰাটে প্ৰশিক্ষক হাছমত আলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কৃচ্ছ্ৰসাধনা, দৃঢ়তা, একাগ্ৰতা, অধ্যৱসায় আৰু সঠিক পথ প্ৰদৰ্শনৰ দ্বাৰা সফলতা লাভৰ এক সুন্দৰ নিদৰ্শন বৰপেটাৰ হাছমত আলী পৰিয়ালৰ দুই সন্তান নিচাদ আৰু হানী।
 
আনহাতে, শৈক্ষিক দক্ষতাৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ জেমিন ছাজিদ ইকবালে শেহতীয়াকৈ সুনাম কঢ়িয়াই আনিছে। পশ্চিম নলবাৰী অঞ্চলৰ পহলংপাৰা নামৰ প্ৰত্যন্ত গাঁও এখনত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান নলবাৰী চহৰৰ জ্যোতিনগৰ নিৱাসী জিলা কৃতী শিক্ষকৰ বঁটাপ্ৰাপক, এগৰাকী ভিন্ন ক্ষেত্ৰৰ প্ৰতিভাৱান ব্যক্তি জয়নুৰ আলী আৰু চেজিনা বেগমৰ জ্যেষ্ঠ পুত্ৰ চাজিদ সৰুৰে পৰা যথেষ্ট মেধাসম্পন্ন ছাত্ৰ আছিল। 
 
গণিতত সৰ্বোচ্চ নম্বৰৰ বাবে ৰাজ্যপালৰ পৰা স্বৰ্ণপদক গ্ৰহণ কৰিছে নলবাৰীৰ জেমিনে
 
২০২২ বৰ্ষৰ স্নানতোকত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উক্ত বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হৈছিল চাজিদ ৷ তেওঁৰ এই অসাধাৰণ কৃতিত্বৰ স্বীকৃতি স্বৰূপে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত যোৱা ২৯ মাৰ্চত আয়োজিত দীক্ষান্ত সমাৰোহত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক স্বৰ্ণ পদক প্ৰদান কৰে। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে কলা-সংস্কৃতিৰ অন্যতম সাধক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি কৃষ্ণ ৰায়ক প্ৰদান কৰা হয় সন্মানীয় ডক্টৰেট ডিগ্ৰী৷ আন কেবাগৰাকীও গৱেষক ছাত্ৰকো প্ৰদান কৰা হয় ডক্টৰেট উপাধি। 
 
নলবাৰীৰ জেমিনৰ লগতে বৰপেটাৰ নিচাদ আৰু হানীৰ নিচিনা  প্ৰতিভাৱান যুৱক-যুৱতীসকলক তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ সময়তে আমি তেওঁলোকৰ পৰিয়াল, প্ৰশিক্ষক আৰু গুৰুসকলৰ ভূমিকাকো অন্তঃকৰণে স্বীকাৰ কৰোঁ, যিয়ে তিনিওৰে সমগ্ৰ যাত্ৰাত তেওঁলোকক সহায়ক আৰু পথ প্ৰদৰ্শক হিচাপে যৎপৰোনাস্তি নিজকে ব্ৰতী কৰিছে। তেওঁলোকৰ  প্ৰতিভাক লালন-পালন কৰাত পৰিয়াল, সম্প্ৰদায় আৰু সমাজৰ সহায়ৰ গুৰুত্বও অনস্বীকাৰ্য। তেওঁলোকৰ এই সফলতাই ৰাজ্যখনৰ উৎকৃষ্টতাৰ সম্ভাৱনাক প্ৰতিফলিত কৰাৰ লগতে তেওঁলোক হৈ ৰ'ব প্ৰেৰণাৰ আকৰ।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)