আৱাজ দ্য ভইচ / নতুন দিল্লী
ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দেশক সেৱা আগবঢ়োৱাৰ সপোন দেখা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুৱৰ্ণ সুযোগ। অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় সেনাৰ নিযুক্তি সঞ্চালকালয়ে। ২০২৫-২৬ নিযুক্তি বৰ্ষৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২০২৫ চনৰ ১২ মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু ১০ এপ্ৰিললৈকে চলিব।
ইচ্ছুক প্ৰাৰ্থীয়ে www.joinindianarmy.nic.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰ্থিক সুৰক্ষা আৰু ভৱিষ্যতৰ বাবে এয়া এক উজ্জ্বল কেৰিয়াৰ পথ হ'ব পাৰে।
নিযুক্তিৰ বাবে মুকলি হোৱা পদসমূহঃ অগ্নিবীৰ জেনেৰেল ডিউটী, অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ কেৰাণী / ষ্ট'ৰ কীপাৰ টেকনিকেল, অগ্নিবীৰ ট্ৰেডছমেন (দশম আৰু অষ্টম উত্তীৰ্ণ), অগ্নিবীৰ মহিলা কৰ্পছ অৱ মিলিটাৰী পুলিচ (কেৱল মহিলাৰ বাবে)। প্ৰাৰ্থীয়ে নিজৰ যোগ্যতা অনুসৰি দুটা শিতানত আবেদন কৰিব পাৰিব।
বয়সৰ সীমাঃ ১৭.৫ৰ পৰা ২১ বছৰ (১ অক্টোবৰ ২০২৫ তাৰিখলৈ), শ্বহীদ অগ্নিবীৰৰ বিধৱাই ৩০ বছৰ পৰ্যন্ত ৰেহাই পাব।
শিক্ষাগত অৰ্হতাঃ ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।
শাৰীৰিক মাপকাঠিঃ উচ্চতা, ওজন আৰু বুকু – ক্ষেত্ৰীয় মানদণ্ড অনুসৰি।
শাৰীৰিক ফিটনেছ পৰীক্ষাঃ পুৰুষৰ বাবেঃ ১.৬ কিলোমিটাৰ দৌৰ, বিম, ৯ ফুট খাদ, জিগ-জেগ বেলেন্সিং
মহিলাৰ বাবেঃ ১.৬ কিলোমিটাৰ দৌৰ, ১০ ফুট লং জাম্প, ৩ ফুট হাই জাম্প
নিৰ্বাচন প্ৰক্ৰিয়াঃ অনলাইন পঞ্জীয়ন। অনলাইন সাধাৰণ প্ৰৱেশ পৰীক্ষা (চিইই) – ২০২৫ চনৰ জুন মাহত হোৱাৰ সম্ভাৱনা আছে। নিযুক্তি ৰেলী (পিএফটি আৰু পিএমটি)। চিকিৎসা পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ।
পৰীক্ষাৰ ভাষাঃ হিন্দী, ইংৰাজী, তামিল, তেলেগু, উৰ্দু, গুজৰাটী, মালয়ালম আদি ১৩টা ভাষাত চি ই ই পৰীক্ষা অনুষ্ঠিত হ’ব।
প্ৰশিক্ষণৰ সময়সীমাঃ মুঠ ৩১ সপ্তাহৰ প্ৰশিক্ষণ।
জীৱন বীমাঃ ৪৮ লাখ টকাৰ বীমা কভাৰ। সেৱাৰ সময়ত মৃত্যুৰ হ'লে ৪৪ লাখ টকাৰ অতিৰিক্ত আৰ্থিক ক্ষতিপূৰণ।
চিকিৎসা আৰু চিএছডি সুবিধাঃ নিয়োগৰ সময়ছোৱাত উপলব্ধ সেনা চিকিৎসালয় আৰু চি এছ ডি কেণ্টিনৰ সুবিধা লাভ কৰিব।
চাৰি বছৰীয়া নিযুক্তিঃ অগ্নিবীৰসকলক ৪ বছৰৰ বাবে নিযুক্তি দিয়া হ’ব। পিছলৈ কৰ্মক্ষমতা, প্ৰয়োজনীয়তা আৰু নীতিৰ ওপৰত নিৰ্ভৰ কৰি ২৫% পৰ্যন্ত অগ্নিবীৰক স্থায়ী সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব।
অফিচিয়েল ৱেবছাইটঃ আবেদন আৰু অধিক বিৱৰণৰ বাবে চাওক: www.joinindianarmy.nic.in
অন্তিম তাৰিখঃ ২০২৫ চনৰ ১০ এপ্ৰিলৰ ভিতৰত আবেদন কৰক।