কটন বিশ্ববিদ্যালয়ৰ অন্যতম ব্যতিক্ৰমী প্ৰতিভা ইব্ৰাহিম খলিল

Story by  atv | Posted by  Munni Begum • 1 Years ago
ইব্ৰাহিম খলিল
ইব্ৰাহিম খলিল
আৰিফুল ইছলাম / গুৱাহাটী
 
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কেৱল মাথো শৈক্ষিক দিশত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় বুলি ক’লে হয়তো ভুল হ’ব। সময়ৰ লগে লগে তেওঁলোকে আন আন দিশতো প্ৰতিভাৰ প্ৰমাণ দি সমাজৰ বিভিন্ন ক্ষেত্ৰত জিলিকি উঠিছে। তেনে এক উদাহৰণ হ’ল প্ৰতিভাৱান অভিনেতা ইব্ৰাহিম খলিল। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা মুকাভিনয় শিল্পীজনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ত্ৰিপুৰা(এন এছ ডি)ৰ পৰা থিয়েটাৰ ইন এড্যুকেশ্বন বিষয়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।      
 
গুৱাহাটী মহানগৰীৰ বাছেৰ আলী আৰু তাৰাবীন বেগমৰ পুত্ৰ ইব্ৰাহিম খলিল কটন কলেজিয়েটত পঢ়ি থকাৰ পৰাই অভিনয় আৰু মুকাভিনয়ৰ সৈতে জড়িত। বন্ধু এজনৰ পৰা তেওঁ মুকাভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল। অভিনয় আৰু মুকাভিনয়ৰ উপৰিও ইব্ৰাহিম পুতলা নাচৰ সৈতে জড়িত।
 
ইব্ৰাহিম খলিল আৰু তেওঁৰ দলে মঞ্চত অভিনয় কৰি থকা এক মূহুৰ্ত
 
ত্ৰিপুৰাৰ নেচনেল স্কুল অফ ড্ৰামাৰ পৰা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি অভিনয় কেৰিয়াৰত আৰু এখোজ আগুৱাই যোৱা ইব্ৰাহিমে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মুকাভিনয় কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। প্ৰখ্যাত মুকাভিনয় শিল্পী তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক মইনুল হকৰ সৈতে মুকাভিনয় প্ৰদৰ্শন কৰা যুৱকজনে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয় আদিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সপ্তাহত মুকাভিনয়নৰ প্ৰশিক্ষণ দিয়ে। 
‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইব্ৰাহিম খলিলে কয়; "কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সাধাৰণতে মানুহে কেৱল শৈক্ষিক দিশত মেধাৱী বুলি ভাবে। কিন্তু শৈক্ষিক ক্ষেত্ৰৰ লগতে আন সকলো ক্ষেত্ৰতে কটনিয়ানে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কটনৰ পৰা ইতিমধ্যেই 'নেচনেল স্কুল অফ ড্ৰামাৰ' পৰা অভিনয়ৰ ডিগ্ৰী লোৱা বহু কেইজন আছে। কিন্তু ত্ৰিপুৰা এন এছ ডিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা মই প্ৰথম কটনিয়ান। পূৰ্বতে পঢ়া-শুনাৰ লগতে অভিনয় একেলগে চলোৱাটো মোৰ বাবে বহুত কঠিন হৈ পৰিছিল। কিন্তু মা-দেউতাই মোক কেতিয়াও পঢ়া-শুনাত শীৰ্ষস্থান লাভ কৰিব লাগিব বুলি দাবী কৰা নাছিল। যি কৰিব মন আছে, ভালকৈ কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিছিল।"
তেওঁ পুনৰ কয়, "সাংস্কৃতিক ক্ষেত্ৰখনত কটনিয়ানে সদায়ে সুনাম কঢ়িয়াই আনিছে। যেনে, প্ৰাক্তন কটনিয়ান ৰিমা দাস বাইদেউৰ ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখনে অস্কাৰলৈ মনোনীত হৈছে। হিমাংশু প্ৰসাদ দাস এজন প্ৰাক্তন কটনিয়ান হয়। তেওঁ এন এছ ডি(NSD)ৰ পৰা অভিনয়ৰ ডিগ্ৰী লাভ কৰিছে আৰু এতিয়া বহু সফল ছবি নিৰ্মাণ কৰি আছে। অভিনেতা কমল লোচন কটনিয়ান আৰু এন এছ ডি ডিগ্ৰীধাৰী।"
 
ইব্ৰাহিম খলিলে অভিনয় কৰি থকা মূহুৰ্তৰ এক দৃশ্য 
 
ইব্ৰাহিম খলিলৰ কোনো ব্যক্তি কেন্দ্ৰিক ৰোল মডেল নাই। তথাপি মুকাভিনয়ৰ সৈতে জড়িত হিচাপে তেওঁ প্ৰখ্যাত মুকাভিনয় শিল্পী মইনুল হকৰ পৰা প্ৰেৰণা লাভ কৰিছিল। তাৰোপৰি আদিল হুছেইনৰ অভিনয়ে ইব্ৰাহিমক আকৰ্ষিত কৰে। তেওঁৰ কামবোৰে ইব্ৰাহিমক অনুপ্ৰেৰণা যোগায়। হিমাংশু প্ৰসাদ দাসৰ অভিনয় আৰু সৃষ্টিশীলতাকো ইব্ৰাহিমে যথেষ্ট ভাল পায়।
নেচনেল স্কুল অফ ড্ৰামাৰ বিষয়ে উল্লেখ কৰি প্ৰতিভাৱান অভিনেতাজনে কয়; "এন এছ ডিত আচলতে আসন বহুত কম থাকে। তাত স্থান পোৱাটো যথেষ্ট কঠিন। প্ৰকৃততে এন এছ ডি এখন বিশাল সাগৰ। মই তাত নামভৰ্তি কৰিছিলোঁ অভিনয় শিকিবৰ বাবে। কিন্তু তাত মই সীমাহীন কথা শিকিবলৈ পাইছো। তাৰে কিছু কিছু শিকিবও চেষ্টা কৰিছোঁ। এন এছ ডিত আমি জীয়াই থাকিবলৈ শিকিছোঁ। এজন অভিনেতাৰ শিপা শক্তিশালী হয় এন এছ ডিত। ইয়াত অভিনয়ৰ সকলোবোৰ দিশ বিস্তৃত ভাৱে শিকোৱা হয়। যাতে আপুনি তাৰ পৰা ওলাই আহি নিজাববীয়াকৈ কাম কৰিব পাৰে। এন এছ ডিত আপুনি সকলো পাব, তাৰ পৰা আপুনি কি গ্ৰহণ কৰিছে, সেইটো আপোনাৰ নিজৰ কথা।"
২০১৯ৰ ‘কা’ আন্দোলনৰ সময়ত মুকাভিনয়ৰ জৰিয়তে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি বাতৰিৰ শিৰোনাম দখল কৰা ইব্ৰাহিম খলিলে ইতিমধ্যে বহু কেইখন নাটক আৰু ৱেব চিৰিজ তথা বিভিন্ন বিভাগৰ অধীনত কাম কৰিছে। সংগীত নাটক একাডেমী বঁটা প্ৰাপক অবিনাশ শৰ্মাৰ লগতো তেওঁ কাম কৰাৰ সুযোগ অৰ্জন কৰিছে। বিভিন্ন কৰ্মশালা, সাংস্কৃতিক মন্ত্ৰালয়ৰ কৰ্মশালাতো প্ৰতিভাশালী যুৱকজনে অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে। অনাগত দিনত তেওঁ মুকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে।