বৈজ্ঞানিক হৈ দেশক সেৱা কৰাৰ লক্ষ্যৰে নিউয়ৰ্কলৈ যাব ইলিয়াচ খান ৰাণা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ইলিয়াচ খান ৰাণা
ইলিয়াচ খান ৰাণা
মুকুট শৰ্মা / গুৱাহাটী
 
শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী অঞ্চল হিচাপে ৰাজ্যৰ ভিতৰতে সুনাম থকা বজালীৰ মেধাৱী ছাত্ৰ ইলিয়াচ খান ৰাণাই সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আই আই টি, গুৱাহাটীৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি মেধাৰ পৰিচয় দিয়া ছাত্ৰজনে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ খ্যাতনামা ষ্টোনী ব্ৰুক বিশ্ববিদ্যালয়ৰ কলেজ অৱ আৰ্টচ এণ্ড ছায়েন্সত সন্মানীয় পি.এইচডি ডিগ্ৰী কৰাৰ সুযোগ লাভ কৰিছে।
 
বৰপেটা জিলাৰ হাউলীৰ সমীপস্থ হাতীজানা গাঁৱৰ নিবাসী প্ৰয়াত বিলায়েত হুছেইন খান আৰু খন্দকাৰপাৰা হাইমাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক হামিদা বেগমৰ একমাত্ৰ পুত্ৰ ইলিয়াচ খান ৰাণাই ইয়াৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত পঞ্চম আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।  
 
আই আই টি, গুৱাহাটীৰ দীক্ষান্ত সমাৰোহত ইলিয়াচ খান ৰাণা
 
"আমেৰিকা যুক্তৰাষ্ট্ৰত পি এইচ ডি কৰাৰ সুযোগ লাভ কৰি অতিশয় আনন্দিত হৈছো। মই কেইবাখনো বিশ্ববিদ্যালয়ত আবেদন জনাইছিলো আৰু শেহতীয়াকৈ নিউয়ৰ্কৰ ষ্টোনী ব্ৰুক বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি কৰাৰ প্ৰস্তাৱ লাভ কৰিছো। মই যিহেতু গৱেষণাৰ প্ৰতি আগ্ৰহী, গতিকে ভৱিষ্যতলৈ বৈজ্ঞানিক হৈ দেশক সেৱা আগবঢ়াব বিচাৰো," আৱাজ-দ্য ভইচৰ সৈতে হোৱা বাৰ্তালাপত ইলিয়াচ খান ৰাণাই কয়। 
শিক্ষা নগৰী পাঠশালাৰ পৰিৱেশে তেওঁৰ অধ্যয়নত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি মেধাৱী ছাত্ৰজনে জানিবলৈ দিয়ে যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহৰ ভিতৰত তেওঁ গৱেষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব। 
“সৰুৰে পৰা ঘৰত মই পঢ়াৰ এক সুন্দৰ পৰিৱেশ লাভ কৰিছিলো। মা-দেউতা শিক্ষাৰ সৈতে জড়িত ব্যক্তি। এতিয়া দেউতা অৱশ্যে ঢুকাইছে। হাইস্কুলীয়া শিক্ষা মই হাউলীৰ হজৰত ওমৰ মডেল একাডেমীৰ পৰা গ্ৰহণ কৰিছিলো। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান লাভ কৰিছিলো। ইয়াৰ পিছত উন্নত শিক্ষাৰ বাবে পাঠশালালৈ আহো। তাত আনন্দ ৰামবৰুৱা একাডেমীত পঢ়াৰ সুযোগ লাভ কৰো। তাৰ পৰা মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলো। সৰুৰে পৰা বৈজ্ঞানিক হোৱাৰ সপোন এটা মনৰ মাজত পুহি ৰাখিছো। আশা কৰিছো যে বৈজ্ঞানিক হৈ ভৱিষ্যতলৈ দেশক সেৱা কৰিব পাঁৰো,” ইলিয়াচ খান ৰাণাই পুনৰ কয়। 
 
মেট্ৰিকত স্থান পোৱাৰ সময়ত ইলিয়াচক সম্বৰ্ধনা
 
উল্লেখ্য যে, সৰুৰে পৰা পঢ়া-শুনাত অত্যন্ত চোকা ইলিয়াচে আই আই টি, গুৱাহাটীৰ পৰা ২০২২ৰ জুনত ৰসায়ন বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে ৰাজ্যপালৰ সোণৰ পদক অৰ্জন কৰি বজালীৰ লগতে সমগ্ৰ বৰপেটা জিলাবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ ২০১৫ চনত হাউলীস্থিত হজৰত ওমৰ মডেল একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰিছিল। 
একেদৰে, ২০১৭ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ পৰা বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি হাউলীৰ যুৱকজন উজলি উঠে৷ 
ইয়াৰ পিছত, ২০২০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ঐতিহ্যমণ্ডিত ৰামজাচ কলেজৰ পৰা সুখ্যাতিৰে ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি ইলিয়াচে গুৱাহাটী আই আই টিত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰে। ইয়াতো প্ৰচুৰ মেধা আৰু বুদ্ধিমত্তাৰ পৰিচয় দি তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।