একসময়ত OLA-UBER চলোৱা ছলমান খান এতিয়া ভাৰতীয় সেনাৰ স্বৰ্ণবিজয়ী খেলুৱৈ

Story by  atv | Posted by  [email protected] • 1 Years ago
পদক গ্ৰহণৰ সময়ত ছলমান খান (সোঁমাজত)
পদক গ্ৰহণৰ সময়ত ছলমান খান (সোঁমাজত)
 
মহম্মদ শ্বাহিদ / তাওদু / নুহ (হাৰিয়ানা)

দেশৰ ৰাজধানীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ হাৰিয়ানাৰ নুহ জিলাৰ টাউডু চহৰৰ ছলমান খান এসময়ত দিল্লী-এনচিআৰৰ অলা-উবেৰৰ কেব চালক আছিল। এতিয়া তেওঁ কেৱল সেনাবাহিনীত কাম কৰি দেশ সেৱা কৰাই নহয়, সেনা বাহিনীৰ হৈ পদকো অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ'য়িংঙত এজন অলিম্পিয়ানক পৰাস্ত কৰি ভাৰতীয় সেনাৰ হৈ স্বৰ্ণ পদক লাভ কৰিছে। ছলমানৰ এই কৃতিত্বক সেনাধ্যক্ষইও প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে।

উল্লেখ্য যে, নিটি আয়োগে দেশৰ পিছপৰা জিলাসমূহত অন্তৰ্ভুক্ত কৰা হাৰিয়ানাৰ নুহ জিলাৰ টাউডুৰ বাসিন্দা ছলমান খান হৈছে দেশৰ অন্যতম বিখ্যাত নাওঁ চলোৱা খেলুৱৈ। শৈশৱত তেওঁ সাঁতোৰৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সেই আকৰ্ষণে তেওঁৰ সফলতাক অধিক উদগণি যোগাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ'য়িঙত এগৰাকী অলিম্পিয়ানক পৰাস্ত কৰি সেনাবাহিনীৰ শিবিৰলৈ সোণকে ধৰি দুটাকৈ পদক কঢ়িয়াই অনা ছলমানৰ এই কৃতিত্বক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।

যোৱা ২০ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ মহাৰাষ্ট্ৰৰ পুনেত ভাৰতীয় ৰ'য়িং ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত ৪০সংখ্যক ছিনিয়ৰ আৰু ২৪ সংখ্যক ওপেন স্প্ৰিণ্ট ৰাষ্ট্ৰীয় ৰ'য়িং চেম্পিয়নশ্বিপত ভাৰতীয় সেনা বাহিনীৰ ক্ৰীড়া নিয়ন্ত্ৰণ ব’ৰ্ডৰ হৈ দুটা ইভেণ্টত অংশগ্ৰহণ কৰি ছলমান খানে এটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে।
 

ছলমান খানে 'আৱাজ দ্য ভইচ'ক জনোৱা মতে, ২৪ সংখ্যক অ’পেন স্প্ৰিণ্ট নেশ্যনেল ৰ'য়িং চেম্পিয়নশ্বিপৰ একক ইভেণ্টত মহাৰাষ্ট্ৰৰ অলিম্পিয়ান খেলুৱৈ দট্টু ভোকানাল আৰু পঞ্জাৱৰ অলিম্পিয়ান সতনম সিঙক হৰুৱাই স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। একে সময়তে ৪০ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ৰ'য়িং চেম্পিয়নশ্বিপত কুৱাৰ্ড পুল ইভেণ্টত তেঁও সেনাবাহিনীৰ সতীৰ্থ জোৱানসকলৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে।

২৪খন ৰাজ্যৰ প্ৰায় ৪৫০ গৰাকী খেলুৱৈয়ে তেওঁৰ সৈতে ৫০০ আৰু ২০০০ মিটাৰৰ দুটা ইভেণ্টত অংশগ্ৰহণ কৰে।দেওবাৰে প্ৰতিযোগিতাখনৰ সামৰণিত সেনা প্ৰধান মনোজ পাণ্ডেই বিজয়ী খেলুৱৈসকলক পদক প্ৰদান কৰে আৰু ভৱিষ্যতৰ বাবে শুভকামনা জনায়। ইফালে, খেলুৱৈজনে তেওঁৰ এই সফলতাৰ কৃতিত্ব ৰাষ্ট্ৰীয় প্ৰশিক্ষক ইছমাইল বেইগক দিছে। ২০১৮ চনত জোৱান হিচাপে সেনাবাহিনীত যোগদান কৰিছিল ছলমানে। সেনাবাহিনীত থাকোঁতে তেওঁ নাওঁ চলোৱাৰ প্ৰতি আগ্ৰহী হৈ পৰে। 

যদিও নুহৰ দৰে পিছপৰা জিলা এখনত ইয়াৰ কোনো সুবিধা নাই, সেনাবাহিনীত যোগদান কৰাৰ আগতে তেওঁ নাও চলোৱা নাছিল। শৈশৱত সাঁতোৰ নিশ্চিতভাৱে এটা চখ আছিল।সেনাবাহিনীলৈ অহাৰ পিছত তেওঁৰ শাৰীৰিক উচ্চতা দেখি সেনাবাহিনীৰ প্ৰশিক্ষকে তেওঁক নাওঁ চলোৱা প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। উল্লেখ্য যে, ২৬ বছৰীয়া ছলমান হৈছে পৰিয়ালৰ জ্যেষ্ঠ সন্তান। তেওঁৰ পিতৃ বৰ্তমান এই পৃথিৱীত নাই। 
 

ছলমান খানৰ লগত জড়িত এটা আমোদজনক কাহিনী হ’ল যে তেওঁ সেনাবাহিনীত যোগদান কৰাৰ আগতে কেব চালক আছিল। ২০১৬ চনত পিতৃৰ অকাল মৃত্যুৰ পিছত তেওঁৰ ওপৰতে সমস্ত ঘৰখনৰ দায়িত্ব আহি পৰিছিল। মাকৰ লগতে ছয় ভাই-ভনীক ডাঙৰ-দীঘল কৰাৰ দায়িত্বও তেওঁ পালন কৰিব লাগিছিল।

তাৰ পিছত পৰিয়ালৰ জ্যেষ্ঠ হিচাপে ১৮ বছৰীয়া ছলমান খানে চাকৰি বিচাৰিবলৈ বাধ্য হৈছিল। তেওঁৰ পৰিয়ালৰ কৃষিভূমি নাই আৰু আন কোনো উপাৰ্জনৰ উৎসও নাই। সেইবাবেই দ্বাদশ শ্ৰেণীৰ পঢ়া-শুনা আধাতে এৰি পৰিয়ালক আৰ্থিক সহায় আগবঢ়াবলৈ তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অলা-উবেৰৰ সৈতে কেব চলাবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ সেনাবাহিনীত যোগদানৰ চেষ্টা আৰম্ভ কৰে আৰু তেওঁ সৈনিক হিচাপে সেনাবাহিনীত যোগদান কৰে।

সেনাবাহিনীত যোগদান কৰাৰ পাছত ছলমানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ’য়িং চেম্পিয়নত পদক লাভ কৰিছে। এতিয়া তেওঁ হাৰিয়ানাৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস। এই সাফল্যৰ পিছত তেওঁ কয় যে এছিয়ান গেমছ, অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত দেশৰ হৈ পদক লাভ কৰাটো তেওঁৰ সপোন। ছলমান খানে কয় যে দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া তেওঁ আঠজনীয়া পৰিয়াল এটা ডাঙৰ-দীঘল কৰিবলৈ কেব চলাইছিল, তেতিয়া যাত্ৰীসকলে তেওঁৰ উচ্চতা দেখাৰ পিছত তেওঁক ক্ৰীড়া আৰু সেনাবাহিনীলৈ যাবলৈ পৰামৰ্শ দিছিল। প্ৰথমে তেওঁ এই কথাবোৰক গুৰুত্বসহকাৰে লোৱা নাছিল যদিও পিছলৈ এই দিশত চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল।

উল্লেখ্য যে, ছলমান খানৰ উচ্চতা ৬ ফুট ৫ ইঞ্চি। তেওঁ কয় যে ভাৰতীয় সেনাবাহিনীত নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ জীৱন সলনি হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ বাবে ভাল দিন আৰম্ভ হ’ল। তেওঁ কয় যে সেনাবাহিনীত থকাৰ বাবে এতিয়া তেওঁ পৰিয়ালক ভাল জীৱন দিবলৈ সক্ষম হৈছে। ভাই-ভনীসকলক ভাল শিক্ষা দিব পাৰিছে। তেওঁ অনাগত সময়ত ভাৰতক গৌৰৱান্বিত কৰিব বিচাৰে।