পাপু আলীৰ 'পুনা' চেণ্ডেল

Story by  atv | Posted by  Munni Begum • 1 Years ago
পাপু আলী
পাপু আলী
আৰিফুল ইছলাম / গুৱাহাটী
 
অসমৰ যুৱ-প্ৰজন্মৰ মন আৰু চিন্তাত ক্ৰমান্বয়ে কৰ্ম-সংস্কৃতিৰ চেতনা জাগ্ৰত হৈ উঠিছে। কৰ্ম সংস্কৃতিক আকোঁৱালি লৈ ৰাজ্যৰ বহু যুৱক-যুৱতী এতিয়া আত্মনির্ভৰশীল হৈ উঠিছে। লাখ লাখ নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই থকাৰ সময়তে নলবাৰী জিলাৰ এজন যুৱকে ক্ষুদ্ৰ উদ্যোগেৰে আত্মনির্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে।
 
চাকৰিৰ আশাত সময় পাৰ নকৰা এই আত্মনিৰ্ভৰশীল যুৱকজন হৈছে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত পকোৱা গাঁৱৰ পাপু আলী। তেওঁ ঘৰতে গঢ়ি তুলিছে ক্ষুদ্ৰ চেণ্ডেল উদ্যোগ। 'পুনা' নামৰ চেণ্ডেল উদ্যোগ এটা গঢ় দি তেওঁ স্বাৱলম্বী হোৱাৰ লগতে গাঁওখনৰ আন চাৰি-পাঁচজন নিবনুৱা যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে। 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাপু আলীয়ে কয়; "বহু বছৰ মই বিভিন্ন চাকৰিৰ ইণ্টাৰভিউ দি দি হাবাথুৰি খাইছোঁ। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈও গৈছিলোঁ। পিছত ভাবিলোঁ যে এনেকৈ থাকিলে বয়স গুচি যাব আৰু জীৱনত একো কৰিব নোৱাৰিম। গতিকে ঘৰতে মই সৰুকৈ হ’লেও কিবা এটা কৰাৰ মন মেলিলোঁ। মোৰ চেণ্ডেল উদ্যোগটো আৰম্ভ কৰিবলৈ প্ৰায় দুমাহ হৈছে। চাকৰি কৰিলে মই খাই-বৈ জীয়াই থাকিব পাৰিলোহেঁতেন। কিন্তু, তাতকৈ বেছি একো কৰিব নোৱাৰিম। সেয়ে, মই সৰুকৈ হ’লেও নিজেই কিবা এটা আৰম্ভ কৰিছোঁ। সময়ৰ লগে লগে উন্নতি কৰিব পাৰিম বুলি মই আশাবাদী।"
উল্লেখ্য যে, কৰ্মক ধৰ্ম হিচাপে গ্ৰহণ কৰা উদ্যমী যুৱকজনে চেণ্ডেল উদ্যোগৰ বাবে আহমেদাবাদৰ পৰা চেণ্ডেল বনোৱা মেচিন অৰ্ডাৰ কৰি আনিছে। চেণ্ডেলৰ কেঁচামাল যেনে ৰবৰ আৰু চেণ্ডেলৰ ফিটা তেওঁ আমিনগাঁওৰ পৰা ক্ৰয় কৰে। এদিনত প্ৰায় ৬০০ ৰ পৰা ৭০০ চেণ্ডেল প্ৰস্তুত কৰে বুলি পাপু অলীয়ে জানিবলৈ দিয়ে। 
 
পাপু আলীৰ 'পুনা' চেণ্ডেল উদ্যোগত প্ৰস্তুত কৰা চেণ্ডেল
 
অসমৰ নিবনুৱাসকলক উদ্দেশ্যি ক্ষুদ্ৰ উদ্যোগী পাপু আলীয়ে কয়; "এটা চাকৰিৰ বাবে হাত সাৱটি বহি থাকিলে নহ'ব। চাকৰিৰ কাৰণে যিসকলে চেষ্টা কৰি আছে তেওঁলোকে চাকৰি বিচৰা কাম অব্যাহত ৰাখিও নিজাববীয়াকৈ যিকোনো কাম কৰিব পাৰে। কেৱল চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি স্ব-নির্ভৰশীল হোৱাটো এতিয়া সময়ৰ আহ্বান। কেৱল চাকৰি বিচাৰি বহি থাকি বহু মানুহ এলেহুৱা হৈ পৰাও দেখিছোঁ। গতিকে নিজেই কাম কৰা আৰম্ভ কৰিলে যথেষ্ট লাভান্বিত হ’ব পাৰি। অসমৰ তুলনাত কিন্তু অন্য ৰাজ্যসমূহৰ যুৱক-যুৱতীয়ে চাকৰিতকৈ ব্যৱসায় বা নিজৰ কামৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যায়।"
বৰ্তমান এই উদ্যোগৰ জৰিয়তে প্ৰতিদিনে ৪ ৰ পৰা ৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ উদ্যোগত প্ৰস্তুত হোৱা বিভিন্ন ডিজাইনৰ চেণ্ডেল গুৱাহাটী, বৰপেটা, বাক্সা আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তলৈ পাইকাৰী দৰত যোগান ধৰা হয়। কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু ইতিবাচক দৃষ্টিভংগীৰে সফলতাৰ শিখৰ বগাবলৈ চেষ্টা কৰা পাপু আলী এতিয়া অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। ভৱিষ্যতে তেওঁ দিছপ'জেল ভোজপাত উদ্যোগ আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি তোলাৰ আশা পুহি ৰাখিছে। এই যুৱকজনৰ এনে কৰ্মক বহু লোকে শুভেচ্ছাঁ জনাইছে।
উল্লেখযোগ্য যে পাপু আলীৰ দৰে অসমৰ ভিন্ন প্ৰান্তৰ বহু উদ্যমী যুৱকে বৰ্তমান সময়ত চাকৰিৰ বাবে অপেক্ষা নকৰি নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত স্বাৱলম্বী হৈ উঠিছে। এই ক্ষেত্ৰত নাম উল্লেখ কৰিব লাগিব নলবাৰী জিলাৰ ঘগ্ৰাপাৰাৰ বড়িদতৰাগাঁৱৰ যুৱক বনজিৎ হুছেইনৰ। তেওঁ কৃষিকৰ্মৰে বিপ্লৱ গঢ়াৰ সপোন দেখিছিল আৰু সম্প্ৰতি ৰাজ্যৰ এগৰাকী সফল খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰিছে। হুছেইনে আন বহুতো যুৱককো সংস্থাপন দিবলৈ সক্ষম হৈছে। 
 
পাপু আলীয়ে প্ৰস্তুত কৰা বিভিন্ন ডিজাইনৰ চেণ্ডেল
 
আনহাতে, নলবাৰী জিলাৰ মেহবুব আলী নামৰ আন এজন যুৱকে বাঁহ-বেটৰ উদ্যোগেৰে স্বাৱলম্বী হৈ উঠিছে। তেওঁ বাঁহৰ স্কুটাৰ আৰু অন্য বহু আটকধুনীয়া সামগ্ৰী সাজি উলিয়াইছে। স্বাৱলম্বীতাৰ উদাহৰণ দাঙি ধৰা আন এগৰাকী যুৱক হ’ল দৰং জিলাৰ হবিবুৰ ৰহমান। তেওঁ 'সেউজমুখী এগ্রো প্র'ডিউচাৰ লিমিটেড' নামৰ প্ৰতিষ্ঠান এটাৰ নেতৃত্ব দি কৃষকৰ সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাত সহায় কৰি আছে।