ছাকিল ইনজামে দিলে অসম আৰক্ষীৰ নৱগঠিত কমাণ্ডো দলক অস্ত্ৰবিহীন যুঁজৰ প্ৰশিক্ষণ

Story by  Mukut Sarma | Posted by  Munni Begum • 3 Months ago
ছাকিল ইনজাম  আৰু তেওঁ অসম আৰক্ষীৰ নৱগঠিত কমাণ্ডো দলক অস্ত্ৰবিহীন যুঁজৰ প্ৰশিক্ষণ দিয়াৰ এক মূহুৰ্ত
ছাকিল ইনজাম আৰু তেওঁ অসম আৰক্ষীৰ নৱগঠিত কমাণ্ডো দলক অস্ত্ৰবিহীন যুঁজৰ প্ৰশিক্ষণ দিয়াৰ এক মূহুৰ্ত
 
মুকুট শৰ্মা / গুৱাহাটী
 
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নিজৰ শক্তি-সামৰ্থ্য প্ৰদৰ্শন কৰিছিল অসম আৰক্ষীৰ নতুনকৈ গঠিত এটা কমাণ্ডো দলে। 
 
যিকোনো জটিল পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ এইসকল কমাণ্ডোক উন্নত প্ৰশিক্ষণ প্ৰক্ৰিয়াৰে সাজু কৰি তোলা হৈছে। অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰদ্বাৰা উচ্চ মানৰ প্ৰশিক্ষণ লাভ কৰা ২৫৫১ জনীয়া এই ব্লেক পেন্থাৰৰ দলটো হৈছে অসম আৰক্ষীৰ নিজৰ কমাণ্ডো বেটেলিয়ন। 
 
অসম আৰক্ষীৰ তথ্য অনুসৰি দেশৰ যিকোনো আৰক্ষী বাহিনীৰ ইমান বৃহৎ দল এটাক ভাৰতীয় সেনাই কমাণ্ডো প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে। অসম আৰক্ষীৰ বাবে নিশ্চয়কৈ এয়া এক ঐতিহাসিক মুহূৰ্ত।
 
ছাকিল ইনজাম তেওঁৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে
 
মনকৰিবলগীয়া যে, অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ উচ্চ মানৰ প্ৰশিক্ষণ লাভ কৰা কমাণ্ডো বেটেলিয়নটোক অস্ত্ৰ অবিহণেও যুঁজ (Unarmed Combat) দিয়াৰ অভিনৱ কৌশল শিকোৱা হৈছে। যিকোনো জটিল আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ বাবে সস্তম কৰি ৰাখিবলৈ তেওঁলোকক এমাহৰ Unarmed Combat Training প্ৰদান কৰা হৈছে। ৰাজ্যৰ আগশাৰীৰ এম এম এ ফাইটাৰ ছাকিল ইনজামে অসম আৰক্ষীৰ নতুনকৈ গঠিত কমাণ্ডো দলটোক এই বিশেষ প্ৰশিক্ষণ আগবঢ়াইছে। 
 
অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু, মুৱাই-থাই, কিক-বক্সিং খেলুৱৈ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, শক্তি উক্তোলক, ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক, চাৰ্টিফাইড স্পৰ্টছ নিউট্ৰিচনিষ্ট আৰু মাৰ্চিয়েল আৰ্টছৰ কেইবাটাও শাখাত ব্লেক বেল্ট অৰ্জন কৰা বহু প্ৰতিভা সম্পন্ন যুৱক ছাকিলে ইয়াৰ পূৰ্বে ভাৰতীয় সেনাৰ কেইবাটাও কমাণ্ডো বেটেলিয়নক অস্ত্ৰ অবিহণে যুঁজাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।  
 
সমৰকলাৰ জন্মস্থান হিচাপে পৰিচিত চীনত সমৰকলাৰ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা গুৱাহাটীৰ ২৯ বছৰীয়া যুৱকজন হৈছে ভাৰতীয় সেনাৰ কেইবাটাও স্পেচিয়েল ফ'ৰ্চৰ আমন্ত্ৰিত প্ৰশিক্ষক। ভাৰত-চীন সীমান্তত দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ থকা দেশৰ সশস্ত্ৰ বাহিনীক তেওঁ শিকায় অস্ত্ৰ অবিহণে যুঁজ দিয়াৰ অভিনৱ কৌশল।
 
আৰ্মী জোৱানক প্ৰশিক্ষণ আগবঢ়াইছে গুৱহাটীৰ ছাকিলে
 
অসম আৰক্ষীৰ বিশেষ শাখাৰ ডিজিপি (ব'ৰ্ডাৰ আৰু হেড কোৱাৰ্টাৰ) হৰমীত সিঙৰ আমন্ত্ৰণক্ৰমে ২৫৫১ জনীয়া কমাণ্ডো দলটোক এমাহৰ প্ৰশিক্ষণ দিয়া বুলি উল্লেখ কৰি ছাকিল ইনজামে কয়, "হৰমিত সিং ছাৰৰ আমন্ত্ৰণমৰ্মে মই অসম আৰক্ষীৰ কমাণ্ডো দলটোক দেৰগাঁওত এমাহৰ বাবে Unarmed Combat Training আগবঢ়াও। সেই সময়ছোৱাত মই তেওঁলোকক জটিল পৰিস্থিতিত কিদৰে অস্ত্ৰ অবিহণে যুঁজ দি প্ৰতিপক্ষক পৰাভূত কৰিব পাৰি, তাৰ কৌশল শিকাও। একেদৰে, সৰুসজাইত শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত কমাণ্ডো দলটোৱে প্ৰদৰ্শন কৰা Unarmed Combat Performanceৰ মই Choreographer আছিলো। অনুষ্ঠানটোৰ বাবে আমি প্ৰায় এমাহ অনুশীলন কৰিছিলো। কমাণ্ডোসকলৰ প্ৰদৰ্শনত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্তুষ্ট হোৱা বুলি জানিব পাৰি গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছো।"
 
নতুনকৈ গঠিত কমাণ্ডো বেটচটোক ছাকিলে আগবঢ়োৱা প্ৰশিক্ষণত সন্তুষ্ট হৈ অসম আৰক্ষীয়ে সুদক্ষ সমৰকলাবিদজনক আৰক্ষীৰ আন আন কমাণ্ডো বেটেলিয়ন কেইটাকো Unarmed Combat Training দিবলৈ প্ৰস্তাৱ আগবঢ়াইছে বুলি তেওঁ আৱাজ দ্য ভইচক জানিবলৈ দিয়ে।  
 
উল্লেখ্য যে, শিক্ষা আৰু সাহিত্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটি উচ্চ শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা ছাকিল স্বাভাৱিকতে আছিল এজন মেধাৱী ছাত্ৰ। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০১৫ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। অসমৰ বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ পিতৃ ইছমাইল হুছেইনৰ ইচ্ছা আছিল তেওঁলোকৰ একমাত্ৰ সন্তান ছাকিলক সংস্কৃতৰ অধ্যাপক হিচাপে গঢ় দিয়াৰ।  
 
 সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম আৰক্ষীৰ নতুনকৈ গঠিত কমাণ্ডো দলৰ সৈতে ছাকিল ইনজাম
 
'দেউতাই মোক এজন সংস্কৃতৰ অধ্যাপক হিচাপে গঢ় দিব বিচাৰিছিল। একেদৰে, মাই বিচাৰিছিল প্ৰশাসনিক সেৱাত যোগ দিয়াটো। সেই অনুসৰি মই শৈক্ষিক কেৰিয়াত ভাল ফলাফলো দাঙি ধৰিছিলো। অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিকত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈছিলো। ইয়াৰ পিছত শ্ৰীমন্ত শংকৰ একাডেমীত হায়াৰ ছেকেণ্ডাৰী আৰু দিছপুৰ কলেজত বি.এ পঢ়ো। ২০১৫ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰো। মা-দেউতা যিহেতু কলা-সংস্কৃতিৰ সৈতে জড়িত লোক, সেয়ে সৰুতে তেওঁলোকে মোক সত্ৰীয়া নৃত্য আৰু গানৰ প্ৰশিক্ষণত নাম লগাই দিছিল। কিন্তু সেইবোৰে মোক আকৰ্ষিত কৰা নাছিল। জীৱনটোক অধিক উপভোগ্য আৰু ৰোমাঞ্চকৰ কৰি তুলিবলৈ কিবা এটা ব্যতিক্ৰম কৰাৰ লক্ষ্য লৈছিলো আৰু এদিন সমৰকলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো।,' আৱাজ্য দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাকিলে কয়।
 
অসমত প্ৰায় ৬ বছৰ ধৰি কুংফু, কাৰাটে, টাইকোৱাণ্ডো, উশ্বু, জিমনাষ্টিকছ, মুৱাই-থাই, আৰু কিক বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণৰ পিছত অৱশেষত তেওঁ ২০১৬ চনত উন্নত প্ৰশিক্ষণৰ বাবে চীনৰ হেনান প্ৰদেশলৈ যোৱাৰ সিদ্ধান্ত লয়। তাত তেওঁ চীনৰ এখন আগশাৰীৰ উশ্বু একাডেমী Yuntaishan International Wushu Schoolত তিনি মাহ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই একাডেমীখনক চীনৰ আৰ্মী স্কুল বুলিও জনা যায়।  
 
মনকৰিবলগীয়া যে, সমৰকলাত বিৰল প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰা ছাকিল এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদো। তেওঁ জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছিল। ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত ছাকিলৰ এনে বহু ঈৰ্ষণীয় সাফল্যই ভাৰতীয় সেনা বাহিনীকো আকৰ্ষিত কৰিছিল। তেওঁলোকে ২০১৯ত অসমৰ সুদক্ষ সমৰকলাবিদজনক ইণ্ডিয়ান আৰ্মীৰ স্পেচিয়েল ফ'ৰ্চক প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ জনায়। দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ চীন সীমান্তত থিয় হৈ থকা ভাৰতীয় সেনাৰ বিভিন্ন ৰেজিমেণ্টৰ জোৱানসকলক তেওঁ অস্ত্ৰ অবিহণে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল শিকায়।  
 
ছাকিলে কয়, "মই ২০১৯ৰ পৰা ভাৰতীয় সেনাৰ কিছুমান গোটৰ সৈতে জড়িত হৈ আছো। তেওঁলোকক স্পেচিয়েল ফ'ৰ্চ বুলি কোৱা হয়। স্পেচিয়েল ফ'ৰ্চৰ জোৱানসকলক মই আনআৰ্ম কমবেটৰ প্ৰশিক্ষণ প্ৰদান কৰো। প্ৰতি বছৰে প্ৰায় এমাহৰ বাবে মই আৰ্মীৰ শিবিৰলৈ যাও আৰু জোৱানসকলক অস্ত্ৰ অবিহণে যুঁজাৰ কৌশল শিকাও। প্ৰতিবাৰে বেলেগ বেলেগ স্থানত অনুশীলন শিবিৰবোৰ অনুষ্ঠিত হয়। এইদৰে দেশ মাতৃক সেৱা কৰিবলৈ পোৱাটো মোৰ বাবে নিশ্চয়কৈ গৌৰৱৰ কথা"।