চাকৰি নিয়মীয়া হোৱালৈ ৰৈ নাথাকি মাকৈ খেতিৰে স্বাৱলম্বী হৈছে মায়ঙৰ আৰ্শ্বাদ আলম

Story by  Munni Begum | Posted by  Munni Begum • 1 Years ago
 মাকৈ খেতিৰে স্বাৱলম্বী হৈছে মায়ঙৰ আৰ্শ্বাদ আলম
মাকৈ খেতিৰে স্বাৱলম্বী হৈছে মায়ঙৰ আৰ্শ্বাদ আলম
 
মুন্নী বেগম / গুৱাহাটী
 
নিৱনুৱা সমস্যাই বৰ্তমান আমাৰ ৰাজ্যত এক ভয়াবহ ৰূপ ধাৰন কৰা দেখা গৈছে। তেনে পৰিস্থিতিত ৰাজ্যৰ একাংশ উচ্চ শিক্ষিত যুৱকে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰি লৈছে। তেনে এগৰাকী যুৱক হৈছে মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত গাগলমাৰী বৰকুৰানী গাঁৱৰ আৰ্শ্বাদ আলম। বৃত্তিগতভাৱে তেওঁ শিক্ষকতা কৰিছিল যদিও চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে বৰ্তমান কৃষি কাৰ্যৰ লগত ওতঃপ্ৰোতঅভাৱে জড়িত হৈ পৰিছে। মাকৈ খেতি কৰি তেওঁ এতিয়া বছৰি লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি স্বাৱলম্বীতাৰ এক উজ্জল নিদৰ্শন দাঙি ধৰিছে।
 
"মাকৈ খেতি অতি সহজ আৰু খুবেই লাভাম্বিত হ'ব পৰা এবিধ খেতি। আমাৰ গাঁৱৰ প্ৰায় ৯০ শতাংশ লোকে মাকৈ খেতি কৰি স্বাৱলম্বী হৈছে। মই ৭/৮ বছৰৰ পৰা মাকৈ খেতি কৰি আহিছো। ইয়াৰ পূৰ্বে মই সৰিয়হ, মছুৰ দাইল আদি খেতি কৰিছিলো। কিন্তু যেতিয়া আমাৰ অঞ্চলত মথাউৰি নিৰ্মান কৰা হ'ল, তেতিয়া খেতিপথাৰসমূহলৈ নদীৰ পানী অহা বন্ধ হৈ গৈছিল। যাৰ ফলত মোৰ খেতি যথেষ্ট প্ৰভাৱিত হৈছিল। তাৰ পিছত মই ১ বিঘা ভূমিত মাকৈ খেতি কৰিছিলো আৰু ৮ ৰ পৰা ৯ কুইণ্টল মাকৈ লাভ কৰিছিলো, যি অন্য খেতিৰ তুলনাত যথেষ্ট বেছি আছিল। তেতিয়াৰ পৰাই মই মোৰ ১০ বিঘা ভূমিত তিনিগৰাকী সহযোগী কৃষকৰ সৈতে মাকৈ খেতি কৰিবলৈ আৰম্ভ কৰিলো,"আৰ্শ্বাদ  আলমে কয়।  
 
উল্লেখ্য যে, মাকৈ খেতি খুবেই সহজ হয়। এই খেতি এবছৰত দুবাৰকৈ কৰিব পৰা যায়। এক বিঘা ভূমিত কৰা মাকৈ খেতিৰ পৰা ১৬ৰ পৰা ২০ কুইণ্টলকৈ মাকৈ উৎপাদন কৰি পৰা যায়। 
 
পুৰঠ মাকৈ ৰ'দত শুকুৱা এক দৃশ্য
 
মাকৈ খেতি সন্দৰ্ভত কৃষক আলমে কয়, "জাৰকালি আৰু জহকালি উভয় ঋতুতে মাকৈ খেতি কৰিব পৰা যায়। কিন্তু জহকালিৰ তুলনাত জাৰকালি কৰা খেতিত মাকৈৰ উৎপাদন কিছু পৰিমানে উন্নত হয়। বজাৰত বিভিন্ন প্ৰকাৰৰ মাকৈৰ বীজ ক্ৰমে ডিকেচিৰ ৯২/১৭, ৯৫, পাইনুৰ, বাহুৱলী ইত্যাদি উপলব্ধ। এই সকলো প্ৰকাৰৰ মাকৈৰ খেতিৰ প্ৰক্ৰিয়া একে হয়। খেতিয়কসকলে মাকৈৰ খেতিত খুব বেছি সময় দিব নালাগে। কিয়নো এবাৰ বীজ সিঁচাৰ পিছত ২ৰ পৰা ৩বাৰ পানী যোগান ধৰিলেই যথেষ্ট। আমাৰ গাঁৱত খেতিয়কেসকলে বাহুৱলী মাকৈ বীজৰ খেতি অধিক কৰি আহিছে। ব্যৱসায়ীসকলে বজাৰলৈ লৈ অহা মাকৈৰ বীজ খেতিয়কসকলে ক্ৰয় কৰাৰ লগতে কিছুমান এজেন্সীয়ে আমাক উন্নতমানৰ মাকৈৰ বীজ যোগান ধৰি আহিছে।"      
 
কৃষক আৰ্শ্বাদ আলমৰ মতে অন্য খেতিৰ তুলনাত মাকৈ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে যথেষ্ট লাভাম্বিত হব পৰা যায়। কিয়নো বৰ্তমান সময়ত বজাৰত মাকৈৰ চাহিদা যথেষ্ট বেছি। প্ৰতি কুইণ্টল মাকৈৰ বজাৰ মূল্য হৈছে ১৫০০ ৰ পৰা ১৮০০ টকা পৰ্যন্ত। মাকৈ বিক্ৰী কৰি বছৰি লাখ টকা উপাৰ্জন কৰিব পৰা যায়। 
 
অসমৰ লগতে বহিঃৰাজ্য লৈ ৰপ্তানী কৰাৰ বাবে পুৱতি নিশা  ট্ৰাকত তোলা মাকৈৰ বস্তাবোৰ
 
কৃষক আলমে কয়, "এক বিঘা ভূমিত কৰা বাহুৱলীৰ মাকৈ বীজৰ খেতিত ১৬ৰ পৰা ২০ কুইণ্টল মাকৈ উৎপাদন হয়। অন্য প্ৰজাতিৰ মাকৈৰ ক্ষেত্ৰত প্ৰতি বিঘাত ১০ কুইণ্টলকৈ উৎপাদন হয়। ডিকেচি-ৰ ৯১/১৭ প্ৰজাতিৰ এটা মাকৈত ৫০০ টাকৈ বীজ ধৰে। অন্যবোৰত ৩০০ৰ পৰা ৪৫০ টালৈ বীজ ধৰে। মাকৈৰ বীজবোৰ পুৰঠ হোৱাৰ পিছত গছতে শুকুৱাৰ বাবে মাকৈবোৰৰ ওপৰৰ পাত তথা বাকলিবোৰ কাটি ৰ'দত শুকাবলৈ দিয়া হয়। পিছত মূলৰ পৰা বীজবোৰ আঁতৰোৱা হয়।"  
 
বজাৰ সন্দৰ্ভত আলমে কয় যে, বৰ্তমান সময়ত বজাৰত মাকৈৰ চাহিদা যথেষ্ট বেছি। অসমৰ বিভিন্ন জিলাৰ লগতে কলিকতাকে ধৰি বহিঃৰাজ্যৰ কেইবাখনো ৰাজ্যলৈ আমাৰ গাঁৱৰ কৃষকৰ খেতিৰ মাকৈ ৰপ্তানী হয়। দৈনিক পুৱা মাকৈৰ বস্তাবোৰ তোলাৰ বাবে ট্ৰাকবোৰে শাৰী পতা দেখা যায়। মাকৈৰ মুল্যৰ ক্ষেত্ৰত পাইনুৰ মাকৈৰ দাম অন্য মাকৈৰ তুলনাত কিছু পৰিমানে বেছি। সাধাৰনতে মাকৈৰ প্ৰতি কুইণ্টলৰ দাম ১৭০০ - ১৮০০ হয়, যদিও  পাইনুৰৰ ৫০  টকা বেছি হয়।
 
মাকৈ খেতি
 
অলপতে মাকৈৰ খেতি সন্দৰ্ভত আমাৰ গাৱত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল। কৰ্মশালাখন ডিকেচি-ৰ ৯২/১৭ বীজৰ এজেন্সীয়ে আয়োজন কৰিছিল। কৰ্মশালাত কৃষকসকলক মাকৈ খেতি সন্দৰ্ভত বিভিন্ন বিষয়ে অৱগত কৰোৱা হৈছিল। কৃষকসলক উৎসাহিত কৰাৰ বাবে এজেন্সীয়ে এই কৰ্মশালাত এক লটাৰীৰো ব্যৱস্থা  কৰিছিল। এই এজেন্সীটোৱে দৰং, মঙলদৈ, মৰিগাওঁ, নগাওঁ, বৰপেটা আদি বিভিন্ন জিলাত বীজ যোগান ধৰি আহিছে আৰু মাকৈ খেতি ভাল হোৱা অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে বুলিও আলমে জনায়।