গুৱাহাটী
তেজপুৰৰ প্ৰবীণ আইনজ্ঞ, এসময়ৰ সাংবাদিক, ফুটবল খেলৰ প্ৰখ্যাত ধাৰাভাষ্যকাৰ, ক্রীড়া সংগঠক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ চৈয়দ ইস্কে আলমলৈ শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে আগবঢ়াইছে ২০২৬ বৰ্ষৰ 'নৰেন্দ্ৰদেৱ শাস্ত্রী স্মাৰক বঁটা।'
উল্লেখ্য যে, জিলাখনৰ একালৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা সংস্কৃত পণ্ডিত নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ দহ ডিচেম্বৰৰ ওপজা দিনৰ লগত সংগতি ৰাখি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এই বঁটা প্ৰদানৰ লগতে প্ৰতি বছৰে 'নৰেন্দ্ৰদেৱ শাস্ত্রী স্মাৰক বক্তৃতানুষ্ঠান'ৰ আয়োজন কৰি আহিছে।
প্রবীণ সাংবাদিক, সাহিত্যিক তথা সংস্কৃত পণ্ডিতগৰাকীৰ ২০০৯ বৰ্ষৰ ১৯ নৱেম্বৰত দেহাৱসান ঘটাৰ পিচত শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে ২০১০ বৰ্ষৰ পৰাই পণ্ডিতগৰাকীৰ দহ ডিচেম্বৰৰ ওপজা দিনটোত এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
এইবাৰো এইগৰাকী প্রবীণ সাংবাদিক, সাহিত্যিক তথা সংস্কৃত পণ্ডিতৰ ৯৯ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অহা তেৰ ডিচেম্বৰৰ বিয়লি তিনি বজাৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত বক্তৃতানুষ্ঠানৰ লগতে দশম বছৰৰ বাবে নৰেন্দ্ৰদেৱ শাস্ত্রী স্মাৰক বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰিছে।
শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এইবাৰ প্ৰবীণ আইনজ্ঞ, এসময়ৰ সাংবাদিক, ক্রীড়া সংগঠক, ফুটবল খেলৰ প্ৰখ্যাত ধাৰাভাষ্যকাৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ চৈয়দ ইস্কে আলমক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰিব। আনহাতে এই একে অনুষ্ঠানতে এইবাৰ 'অসমীয়া ভাষাৰ বিকাশ আৰু সংবাদ মাধম' শীর্ষক গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা দিব ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক, কবি দিলীপ ফুকনে।
উল্লেখ্য যে, এই একে অনুষ্ঠানতে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলকো নির্বাচিত কৰি সম্বৰ্ধনা জ্ঞাপন কৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো বিশিষ্ট অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী দুর্গাময়ী বৰা আৰু তেজপুৰৰ প্ৰবীণ জনপ্রিয় চিকিৎসক এফ আৰ চৌধুৰীক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰিব। এটা বিবৃতিৰ জৰিয়তে শোণিতপুৰ প্ৰেছ ক্লাবে এই অনুষ্ঠানত ৰাইজৰ উপস্থিত আৰু সহযোগিতা কামনা কৰিছে।