দিছপুৰস্থিত কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই যাবলৈ চেষ্টা কৰিছে
গুৱাহাটী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ পৰিৱেশ-সংবেদনশীল অঞ্চল (ESZ) সংকোচনৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৱে বিভিন্ন জিলাত পদযাত্ৰা উলিয়াই চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে প্ৰস্তাৱটো প্ৰত্যাহাৰৰ দাবী জনায়।
শোণিতপুৰ, লক্ষীমপুৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিচুকীয়া, কাৰ্বি আংলং আৰু গোলাঘাটকে ধৰি কেইবাখনো জিলাত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা সদৰৰ ৰাজপথেৰে পদযাত্ৰা কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী শ্লোগান দিয়াৰ লগতে ESZ সংকোচনৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবী উত্থাপন কৰে।
গুৱাহাটীত ৰাজ্য বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰসহ দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে প্ৰতিবাদত অংশ লয়।
দিছপুৰস্থিত কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলক ওলাই যাবলৈ আৰক্ষীয়ে বাধা দিয়ে। ইয়াৰ পিছতে কংগ্ৰেছ কৰ্মীসকলে বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহি পদযাত্ৰা কৰাৰ চেষ্টা কৰে।
বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কয় যে চৰকাৰে সিদ্ধান্তটো পুনৰ বিবেচনা নকৰালৈকে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব।
“কাজিৰঙা আমাৰ গৌৰৱ। বিজেপি নেতৃত্বাধীন চৰকাৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষতি কৰিবলৈ আমি নিদিওঁ। সিদ্ধান্তটো প্ৰত্যাহাৰ নকৰালৈকে আমি কোনোপধ্যেই পিছুৱাই নাযাওঁ,” তেওঁ কয়।
ৰিপুণ বৰা আৰু মীৰা বৰঠাকুৰে কয় যে কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে বিষয়টো উত্থাপন কৰাৰ লগতে জনসাধাৰণৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব।
তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বৃহৎ কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহক সুবিধা প্ৰদানৰ স্বাৰ্থত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বাৰ্থৰ সৈতে আপোচ কৰিছে।
কাজিৰঙাৰ ESZক লৈ অসম চৰকাৰৰ এক প্ৰস্তাৱক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে। চৰকাৰে কাজিৰঙাৰ চৌপাশৰ বাফাৰ জ’ন, যিটো সাধাৰণভাৱে ১০ কিলোমিটাৰ পৰ্যন্ত, সেয়া হ্ৰাস কৰি ১ৰ পৰা ৩ কিলোমিটাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰাৰ পৰিকল্পনা কৰিছে।
ESZৰ ভিতৰত বাণিজ্যিক কাৰ্যকলাপৰ প্ৰকৃতি অনুসৰি নিৰ্ধাৰিত নিয়মৰ অধীনত কিছুমান কাৰ্যকলাপ নিষিদ্ধ, কিছুমান নিয়ন্ত্ৰিত আৰু কিছুমান অনুমোদিত।
বিৰোধী দল আৰু পৰিৱেশ সুৰক্ষা কৰ্মীসকলৰ অভিযোগ অনুসৰি ESZ সংকোচন কৰিলে কাজিৰঙা আৰু ইয়াৰ কাষৰীয়া কাৰ্বি আংলং পাহাৰাঞ্চলত বাণিজ্যিক খনন আৰু পৰ্যটন কাৰ্যকলাপ বৃদ্ধি পোৱাৰ পথ মুকলি হ’ব পাৰে। উল্লেখ্য, কাৰ্বি আংলং পাহাৰাঞ্চলটো এটা গুৰুত্বপূৰ্ণ হাতী কৰিড’ৰ হিচাপেও পৰিচিত।
পৰিৱেশবিদসকলে আশংকা প্ৰকাশ কৰিছে যে বাফাৰ জ’ন সংকুচিত হ’লে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যও ভাবুকিৰ সন্মুখীন হ’ব পাৰে।
অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ প্ৰস্তাৱৰ পক্ষত মত প্ৰকাশ কৰিছে। তেওঁৰ মতে, ESZ সংকোচনৰ লক্ষ্য হৈছে এই অঞ্চলৰ ভিতৰত বসবাস কৰা গাঁওবাসীৰ স্বাৰ্থ আৰু জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰা।