নতুন দিল্লী
ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৬ টকাকৈ হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীৰ ফালৰ পৰা এই কথা সদৰী কৰা হৈছে।
১৯ কিলোগ্রাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ পিচত আজি দেশৰ ৰাজধানী মহানগৰ দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দৰ হ'লগৈ ১,৯৭৬ টকা, কলকাতাত ২,০৯৫.৫০ টকা, চেন্নাইত ২,১৪১ টকা আৰু মুম্বাইত চিলিণ্ডাৰৰ নিৰিখ হ'লগৈ ১,৯৩৬.৫০ টকা।
উল্লেখ্য যে তৈল বিপণন কোম্পানীয়ে এমাহৰ ব্যৱধানত সোমবাৰে দ্বিতীয়বাৰলৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্রাস কৰিছে। ইয়াৰ পূৰ্বে যোৱা ৬ জুলাইত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য চিলিণ্ডাৰত ৮.৫০ টকাকৈ হ্ৰাস কৰিছিল।
চিলিণ্ডাৰৰ মূল্য ভেটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য বিশেষে কম-বেছি হয়। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কিছু হ্ৰাস কৰা হ'লেও ১৪.২ কিলোগ্রাম ওজনৰ ঘৰুৱা কার্যত ব্যৱহৃত চিলিণ্ডাৰৰ দৰ অপৰিবৰ্তিত অৱস্থাত ৰাখে।