সোণ-ৰূপৰ আমদানি শুল্ক ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ আৰু অন্যান্য বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্ক দুগুণতকৈও অধিক অৰ্থাৎ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে ৷
 
বিত্ত মন্ত্ৰালয়ে মঙলবাৰে অধিসূচনা জাৰি কৰি কয় যে, ১৩ মে’ৰ পৰা এই হাৰ কাৰ্যকৰী কৰা হৈছে৷ ফলস্বৰূপে অনাগত দিনত সোণ-ৰূপৰ দাম অধিক হ’ব পাৰে৷ বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি ভাৰতে সোণ আৰু ৰূপৰ আমদানি শুল্ক ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে৷ ইয়াৰ উপৰিও বহুমূলীয়া ধাতু আমদানিৰ ওপৰত সমাজ কল্যাণ চাৰ্চাৰ্জ (এছডব্লিউএছ) আৰু কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন চেছ (এআইডিচি) সংশোধন কৰা হৈছে। 
এই ধাতুসমূহৰ বিদেশী ক্ৰয় ৰোধ কৰাৰ আৰু দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা কমোৱাৰ প্ৰয়াস৷ চলিত সপ্তাহৰ আৰম্ভণিতে হায়দৰাবাদত ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ, ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ, সোণৰ অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ আৰু সংকটৰ সময়ত বৈদেশিক মুদ্ৰা ৰাহি কৰাত সহায় কৰিবলৈ অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ এৰাই চলিবলৈ আহ্বান জনায়৷
 
সূত্ৰ অনুসৰি ভাৰতৰ সোণৰ আমদানি ২৪ শতাংশতকৈ অধিক বৃদ্ধি হৈ ২০২৫-২৬ চনত অভিলেখ ৭১.৯৮ বিলিয়ন ডলাৰ হয় যদিও আমদানিৰ পৰিমাণ সামান্য হ্ৰাস হৈ ৭২১.০৩ টন হয়৷ 
 
বিগত কেইমাহমানত সোণৰ মূল্যও তীব্ৰভাৱে বৃদ্ধি পাইছে৷ দিল্লীত মঙলবাৰে সোণৰ মূল্য ১৫০০ টকাৰ পৰা ১,৫৬,৮০০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১২,০০০ টকা বৃদ্ধি পাই ২,৭৭,০০০ টকা হয় ৷ 
 
মন কৰিবলগীয়া যে, ২০২৪-২৫ চনৰ বাজেটত চৰকাৰে সোণৰ ওপৰত শুল্ক ৬ শতাংশলৈ হ্ৰাস কৰি ৰত্ন আৰু গহনা উদ্যোগক সহায় কৰাৰ লগতে চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ অৱনতি ঘটাত আৰু টকাৰ ওপৰত ক্ৰমাৎ হেঁচা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এতিয়া সেই সিদ্ধান্ত সলনি কৰিছে৷ 
 
একেদৰে ভাৰতে ২০২২ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত সোণৰ ওপৰত আমদানি শুল্ক ১৫ শতাংশলৈ বৃদ্ধি কৰিছিল যাতে চলিত বাজেটৰ ঘাটি নিয়ন্ত্ৰণ আৰু টকা সুস্থিৰ কৰিব পাৰে৷
 
মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে মঙলবাৰে পশ্চিম এছিয়াত চলি থকা সংঘাতক ভাৰতৰ বাবে ‘লাইভ বেলেন্স অৱ পেমেণ্ট ষ্ট্ৰেছ টেষ্ট’ বুলি অভিহিত কৰি মুদ্ৰাস্ফীতি, টকা আৰু দেশৰ আমদানি বিলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে সকীয়াই দিয়ে৷ মঙলবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে ৯৫.৬৩ৰ অভিলেখ সৃষ্টি কৰিছিল৷