নতুন দিল্লী
এসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৯০ পইচাকৈ বৃদ্ধি কৰা হয়। চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে পুনৰীক্ষণৰ ওপৰত প্ৰায় চাৰি বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলায় এই মূল্যবৃদ্ধি কৰিছে। এই বৃদ্ধিৰ ফলত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকাৰ পৰা ৯৮.৬৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯০.৬৭ টকাৰ পৰা ৯১.৫৮ টকালৈ বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে।
শুকুৰবাৰে চাৰি বছৰতকৈ অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা বৃদ্ধি পায়। আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ পিছত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত চৰকাৰী ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে কেইবামাহো ধৰি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কেবাখনো ৰাজ্যৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পেট্ৰ'পণ্যৰ মূল্য স্থিৰ কৰি ৰখাৰ পিছত তেওঁলোকৰ বৰ্ধিত লোকচান হ্ৰাস কৰিবলৈ মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হয়।
সংযোজিত কৰৰ পাৰ্থক্যৰ বাবে ৰাজ্যভেদে তেলৰ দাম ভিন্ন হয়। ১৫ মে’ত দিল্লী, মুম্বাইকে ধৰি চহৰসমূহত প্ৰতি কিলোগ্ৰামত সংকোচিত প্ৰাকৃতিক গেছ (CNG)ৰ মূল্য ২ টকা বৃদ্ধি পাইছিল। দেওবাৰে পুনৰ চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ১ টকা বৃদ্ধি পায়। যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলে আক্ৰমণ আৰু তেহৰানে প্ৰতিশোধ লোৱাৰ পিছত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য ৫০ শতাংশতকৈ অধিক বৃদ্ধি পায়৷ তদুপৰি বিশ্বজুৰি তেল প্ৰবাহৰ মূল ধমনী হৰমুজ জলদ্বীপৰ মাজেৰে তেল পৰিবহণত ব্যাঘাত জন্মে।
এই উত্থানৰ পিছতো ভাৰতত খুচুৰা ইন্ধনৰ মূল্য দুবছৰ পুৰণি হাৰত স্থিৰ কৰি ৰখা হৈছিল৷ ইয়াক চৰকাৰে গ্ৰাহকক বিশ্ব শক্তিৰ অধিক খৰচৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা বুলি ক’ব খোজে। কিন্তু গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত বিৰোধী দলসমূহে এই পদক্ষেপৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি অভিহিত কৰিছিল।
সোমবাৰে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই উল্লেখ কৰিছিল যে, ১৫ মে'ৰ মূল্যবৃদ্ধিৰ ফলত লোকচানৰ এক চতুৰ্থাংশ হ্ৰাস পাইছে আৰু তেল কোম্পানীসমূহে এতিয়াও প্ৰতিদিনে প্ৰায় ৭৫০ কোটি টকা লোকচানত ভুগি আছে।
মঙলবাৰৰ মূল্যবৃদ্ধিৰ পিছত এতিয়া ২০২২ চনৰ মে' মাহৰ পিছত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সৰ্বাধিক হৈছে। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা দাম অপৰিৱৰ্তিত আছে যদিও লোকসভা নিৰ্বাচনৰ ঠিক আগতে ২০২৪ চনৰ মাৰ্চ মাহত পেট্ৰ'ল-ডিজেলত প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰা হৈছিল। শেষবাৰৰ বাবে ২০২২ চনৰ এপ্ৰিল মাহত এই হাৰ বৃদ্ধি কৰা হৈছিল।
মুম্বাইত এতিয়া প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ১০৭.৫৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৯৪.০৮ টকা। কলকাতাত এতিয়া প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ১০৯.৭০ টকা আৰু ডিজেলৰ দাম ৯৬.০৭ টকা হোৱাৰ বিপৰীতে চেন্নাইত পেট্ৰ'লৰ মূল্য ১০৪.৪৯ টকা আৰু ডিজেলৰ মূল্য ৯৬.১১ টকালৈ বৃদ্ধি পাইছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম এতিয়া ১০২.২৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৩.৬১ টকা।
উদ্যোগৰ সূত্ৰই জনোৱা মতে, খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ তুলনাত এই মূল্যবৃদ্ধি সামান্য আৰু এতিয়াও খুচুৰা বিক্ৰেতাসকলে যথেষ্ট লোকচান ভৰি আছে। ক্ৰিচিলৰ মতে, ১৫ মে'ত মূল্যবৃদ্ধি পোৱাৰ পিছত পেট্ৰ'লৰ লোকচান প্ৰতি লিটাৰত প্ৰায় ১০ টকা আৰু ডিজেলত ১৩ টকা হৈছে। মাৰ্চ মাহত ঘোষণা কৰা আবকাৰী শুল্ক কৰ্তনৰ পিছত চৰকাৰে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে দেশৰ তেল আমদানি ব্যয় নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে এই মূল্যবৃদ্ধি কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত ইন্ধন সংৰক্ষণ, ঘৰৰ পৰা কামৰ প্ৰথা আৰু ভ্ৰমণ হ্ৰাসৰ আহ্বান জনাইছিল। কাৰণ শক্তিৰ মূল্যবৃদ্ধিয়ে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতত হেঁচা প্ৰয়োগ কৰাৰ লগতে ক্ৰমাগত তৃতীয় বছৰৰ বাবে চলিত বাজেটত ঘাটি বৃদ্ধিৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে একাংশ ৰাজ্য চৰকাৰে বিভাগসমূহক যাতায়ত সীমিত কৰিবলৈ, শাৰীৰিক বৈঠক পৰিহাৰ কৰিবলৈ আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰি কাম কৰিবলৈ নিৰ্দেশ দিছে।