প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৩ টকাকৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য৷ মধ্য প্ৰাচ্যৰ সংঘাতৰ ফলত তেল কোম্পানীসমূহ লোকচানৰ মাজেৰে গতি কৰিছে৷ সমগ্ৰ বিশ্বতে শক্তিৰ মূল্য বৃদ্ধিৰ ফলশ্ৰুতিত ইয়াৰ চাপ গ্ৰাহকৰ ওপৰতো আংশিকভাৱে পেলাবলৈ বাধ্য হৈছে তেল কোম্পানীসমূহ৷
 
প্ৰথম অৱস্থাত চাৰিখন মেট্ৰ' নগৰীত এই মূল্যবৃদ্ধি কৰা হৈছে৷ পেট্ৰ’ল-ডিজেলৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত এই নতুন নিৰীখ ১৫ মে’ৰ পৰা কাৰ্যকৰী হ’ব৷ এই চাৰি মেট্ৰ' নগৰী হৈছে মুম্বাই, দিল্লী, কলকাতা আৰু চেন্নাই৷
 
কেন্দ্ৰই বাৰে বাৰে কৈ আহিছে যে, ইৰাণ সংঘাত আৰু হৰমুজ জলদ্বীপৰ সংকটৰ ফলত বিশ্বৰ শক্তিৰ পৰিবহণত ব্যাঘাত জন্মিলেও দেশত ইন্ধনৰ নাটনি নাই আৰু পেট্ৰ’ল, ডিজেল বা এল পি জিৰ ৰেচন প্ৰৱৰ্তনৰ পৰিকল্পনাও নাই৷
 
শেহতীয়াকৈ চিআইআইৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অইলৰ সচিব নীৰজ মিট্টলে কয়, "আতংকিত হোৱাৰ প্ৰয়োজন নাই। পৰ্যাপ্ত যোগান আছে। ৰেচনৰ কোনো ব্যৱস্থাৰ পৰিকল্পনা নাই। তেনে কৰা নহয়।" বিষয়াসকলে কয় যে, বিশ্বৰ শক্তি বজাৰত অস্থিৰতা অব্যাহত থকাৰ পাছতো ভাৰতে বৰ্তমান প্ৰায় ৬০ দিনৰ বাবে ইন্ধন আৰু প্ৰায় ৪৫ দিনৰ বাবে এল পি জি মজুত কৰি ৰাখিছে।
 
সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি দেশৰ ৰাজধানী দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.৭৭ টকা হ’ব৷ পেট্ৰ’লৰ দাম পূৰ্বৰ ৯৪.৭৭ টকাৰ পৰা ৩ টকা বৃদ্ধি পাইছে৷ আনহাতে ডিজেলৰ মূল্য ৮৭.৬৭ টকাৰ পৰা ৯০.৬৭ টকালৈ বৃদ্ধি পাইছে। শুকুৰবাৰৰ পৰা কাৰ্যকৰী হয় এই সংশোধিত হাৰ। 
 
এই বৃদ্ধিয়ে কেইবাখনো চহৰত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰলৈ গতি কৰিছে। কলকাতাত পেট্ৰ’লৰ মূল্য ৩.২৯ টকা বৃদ্ধিৰ পিছত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ খুচুৰা মূল্য ১০৮.৭৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫.১৩ টকা হৈছে।
 
মুম্বাইত পেট্ৰ’লৰ মূল্য ৩.১৪ টকা বৃদ্ধি পাই ১০৬.৬৮ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধিৰ পিছত এতিয়া প্ৰতি লিটাৰত ৯৩.১৪ টকা হৈছেগৈ। চেন্নাইতো ১০০ টকা পাৰ কৰিলে পেট্ৰ’লৰ দাম৷ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৮৩ টকা বৃদ্ধি পাই ১০৩.৬৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ২.৮৬ টকা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫.২৫ টকা হৈছেগৈ।
 
এতিয়ালৈকে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ পৰা হাত সাৰি আছিল ভাৰত, ইয়াৰ পৰিৱৰ্তে চৰকাৰী তেল বিপণন কোম্পানী (OMC), কৰ সালসলনি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থাৰ জৰিয়তে চাপ হ্ৰাস কৰিবলৈ প্ৰয়াস কৰিছিল। শেহতীয়া চৰকাৰী প্ৰতিবেদন প্ৰকাশৰ সময়ত পৰ্যালোচনা কৰা অনুসৰি খাৰুৱা তেলৰ দাম বৃদ্ধি আৰু পাম্পৰ হাৰ অপৰিৱৰ্তিত হোৱাৰ বাবে প্ৰতিদিনে তেল বিপণন কোম্পানীৰ লোকচান ১০০০ কোটিৰ পৰা ১২০০ কোটি টকাৰ ভিতৰত হোৱা বুলি অনুমান কৰা হৈছে। 
 
২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত আদায় দিবলগীয়া ধন প্ৰায় ২ লাখ কোটি টকাৰ কাষ চাপিছে বুলি অনুমান কৰা হৈছে। ভাৰতে প্ৰায় ৯০ শতাংশ খাৰুৱা তেল আমদানি কৰে।