হাত আৰু ভৰি অবিহনে জন্ম গ্ৰহণ কৰা নুৰ জলীলা এতিয়া TED X বক্তা

Story by  atv | Posted by  Munni Begum • 1 Months ago
 নুৰ জলীলা
নুৰ জলীলা
 
শ্ৰীলথা মেনন/ ত্ৰিছুৰ 
 
হাত আৰু ভৰি অবিহনে জন্ম গ্ৰহণ কৰিও আনন্দময় জীৱন যাপনৰ আদৰ্শ দাঙি ধৰিছে এগৰাকী সাহসী মহিলাই। তেওঁ শাৰীৰিক সীমাবদ্ধতাক শক্তিৰূপে গ্ৰহণ কৰি জীৱনৰ প্ৰতিটো পৰীক্ষাত জয়ী হব পাৰে বুলি প্ৰমাণ কৰি দিছে। সম্প্ৰতি তেওঁ লাখ লাখ মানুহৰ অনুপ্ৰেৰণা হৈ পৰিছে। তেওঁ হৈছে নুৰ জলীলা।      
 
তেওঁ নিজৰ শাৰীৰিক সীমাবদ্ধতাকলৈ কেতিয়াও লাজ তথা সংকোচবোধ কৰা নাছিল, বৰং তেওঁ ইয়াক শক্তি হিচাপেহে গ্ৰহণ কৰি আহিছে। তেওঁ সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি TED X (বিভিন্ন অনুষ্ঠানত অনুপ্ৰেৰণামূলক ভাষণ দিয়া ব্যক্তি) স্পীকাৰ হিচাপে কাম কৰি আহিছে। সামাজিক মাধ্যমত এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে নিজৰ এক সুকীয়া স্থান দখল কৰি অহা নুৰ এগৰাকী ভাল গীতিকাৰ হোৱাৰ উপৰিও সুন্দৰ চিত্ৰকাৰও।     
 
নুৰ জলীলাই বক্তৃতা প্ৰদান কৰি থকা এক দৃশ্য
 
'আন্তঃৰাষ্ট্ৰীয় ভিন্ন সক্ষমতাৰ দিন'ত নিজৰ অক্ষমতাৰ বিষয়ে নুৰে কয়, "কোনো সংকোচ বা দুখ নকৰাকৈয়ে মই ক'ব বিচাৰো যে আজিৰ দিনটো হৈছে মোৰ দিন। মই এনে ৰূপত জন্ম লোৱাৰ বাবে নিজকে বহু সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ। সহানুভূতি আৰু অতিৰিক্ত যত্নৰ বিৰুদ্ধে থিয় হ’বলৈ মোক বহু বছৰ সময় লাগিছিল। সৰু থাকোতে মোৰ শাৰীৰিক গঠনৰ ভিন্নতাৰ বাবে প্ৰায়ে মোক আওকাণ তথা একাষৰীয়া কৰি ৰখাৰ উপৰিও বহুতে মোক উপহাসও কৰিছিল। কৃত্ৰিম ভৰিৰ ব্যৱহাৰৰ ফলত হোৱা কষ্টৰ সেই দিনবোৰত মই ভাবিছিলোঁ যে, কিমান ভাগ্যবান সেইসকল লোক যিসকল লোকৰ ভৰি আছে। কিন্তু আজি অট্টোবক (ottobock) কোম্পানীৰ ওচৰত মই খুবেই কৃতজ্ঞ, কিয়নো তেওঁলোকেৰ কৃত্ৰিম অংগৰে (হাত আৰু ভৰি) মোৰ জীৱনটো খুব সহজ কৰি তুলিলে।"    
 
নুৰে কয় যে, শাৰীৰিক বিকৃতি যিকোনো মানুহৰ লগত হ’ব পাৰে। গতিকে ঈশ্বৰে আমাক উপহাৰ দিয়া সকলো বস্তুৰ বাবে আমি কৃতজ্ঞ হোৱা উচিত।" নুৰ জলীলাই তেওঁৰ সুন্দৰ গীত আৰু ব্লগৰ জৰিয়তে লাইমলাইটলৈ আহিছিল। নুৰে এগৰাকী মুছলমান ধৰ্মপ্ৰান ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু তেওঁ তেওঁৰ স্বামীৰ সৈতে কটোৱা আনন্দময় মুহূৰ্তবোৰ তেওঁৰ সামাজিক মাধ্যমত নথিভুক্ত কৰি ৰখা আছে। 
 
মাক-দেউতাক আৰু ভনীয়েকৰ সৈতে নুৰ জলীলা
 
নুৰৰ উজ্জ্বল হাঁহি,  সুন্দৰ গীত আৰু তেওঁৰ সাহসী আৰু আত্মবিশ্বাসী মনোভাৱে কেৱল বিশেষভাৱে সক্ষম লোকসকলৰ বাবেই নহয়, মুছলমান সম্প্ৰদায়ৰ সকলো যুৱক-যুৱতী তথা মহিলাৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। নুৰে মূৰটো ওৰণিৰে ঢাকি ৰাখে যদিও তেওঁ কেতিয়াও হিজাব পিন্ধা নাই। তেওঁৰ প্ৰতিটো পোষ্টত তেওঁ নিজস্ব পৰিচয়ৰ সৈতে উপস্থিত হয় — য'ত কোনো ধৰ্মীয় বা লিংগীয় লেবেল লগোৱা নাথাকে।
 
নুৰৰ সৈতে যোগাযোগ কৰিবলৈ বহুবাৰ চেষ্টা কৰা হৈছিল, যদিও তেওঁৰ সৈতে কোনো যোগাযোগ কৰিব পৰা হোৱা নাছিল। কিন্তু তেওঁ নিজৰ আত্মবিশ্বাস আৰু সাহসেৰে মানুহক অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগাই আহিছে।