ঈদ-উজ-জোহাঃ ধৰ্মীয় উৎসৱৰ মননশীল তাৎপর্য

Story by  Pulin Deka | Posted by  [email protected] • 10 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
পুলিন ডেকা

সমাজ জীৱনত ধর্মীয় উৎসৱ সমূহৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। এই উৎসৱসমূহে মানুহৰ মানসিক শক্তিক প্রভাৱিত কৰি সমাজ জীৱনত নৈতিকতাৰ এক পৰিমণ্ডল গঢ়ি তুলিছে। তেনে এক ধর্মীয় উৎসৱ হৈছে ঈদ-উজ-জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই পবিত্ৰ উৎসৱ ঈদৰ গুৰুত্ব অপৰিসীম, ব্যাপক আৰু গভীৰ। মানৱ জীৱন কিভাবে পৰিচালিত কৰিব লাগে সেই গভীৰ তত্ত্ব ঈদৰ মাজত নিহিত হৈ আছে। 

ঈদ-উজ-জোহা বাহ্যিক চেতনাৰ প্ৰকাশ নহয়। এক আধ্যাত্মিক উত্তৰণৰ প্রতিফলিত ৰূপ। ঈদ পালনৰ জৰিয়তে মনৰ পংকিলতা আতঁৰাই শুদ্ধ জীবনবোধৰে পৰিচালিত কৰিবলৈ সাহস যোগায়। মানুহ হিচাপে কিদৰে পৰিচালিত হোৱা উচিত সেই কথা ঈদ উৎসৱ পালনৰ জৰিয়তে গভীৰভাবে অনুধাৱন কৰিব পাৰো। ঈদ পালনে সমাজত সাম্য-মৈত্ৰীৰ বান্ধোন কটকটীয়া কৰাৰ অপূৰ্ব সুযোগ দিয়ে। ঈদৰ আধ্যাত্মিক তাৎপর্যই মানৱীয় কর্তব্য আৰু দায়িত্বক এনে এক পর্যায়লৈ লৈ গৈছে, যাৰ জৰিয়তে বিশ্বজনীন অনুভৱৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। ঈদৰ মাজেৰে ভক্তিভাৱৰ উচ্চ প্রাৱল্য দেখা যায়। ইয়ে অন্তৰাত্মৰ অনুভূতিক মানৱমুখী চেতনাৰ বিশাল পৰিসৰলৈ লৈ গৈছে। 

ব্যক্তি জীৱনৰ উৰ্দ্ধত যে সমাজ জীৱন, মানুহ হিচাপে আমাৰ অস্তিত্বই সমতামুখী দর্শনৰে আগুৱাই যোৱাটো জীৱনমুখী চেতনা হোৱা উচিত সেই কথা ঈদৰ মাজেৰে গভীৰভাৱে উপলব্ধি কৰিব পাৰি। বিশ্ব ভাতৃত্ববোধ গঢ়া, সুস্থিৰ সমাজ গঢ়িবলৈ শান্তিপূর্ণ সহাৱস্থানৰ প্ৰয়োজনীয়তা ঈদৰ মাজেৰে প্রতিফলিত হৈ আহিছে।  
 
ঈদৰ দিনা সমূহীয়া নামাজৰ এক মনোমোহা দৃশ্য (ফাইল ফটো)
 
ঈদ-উল-জোহাৰ মহত্ব গভীৰভাৱে উপলব্ধি কৰিবলৈ হ'লে ধৰ্মনো কি, কিয় ই মানৱ সমাজক গভীৰভাৱে প্রভাৱিত কৰি আহিছে, তাৰ আধ্যাত্মিক উপলব্ধিৰ গভীৰতাৰ বিষয়ে বিশ্লেষণ কৰাৰ প্রয়োজনীয়তা আছে। মেক্সমুলাৰে কৈছিল যে ধর্ম হ'ল এনে এক মানসিক প্ৰৱণতা যাৰ দ্বাৰা মানুহে অসীমক উপলব্ধি কৰিব পাৰে। মার্টিনিউয়ে এক বেলেগ দৃষ্টিভংগীৰে ইয়াৰ বাখ্যা আগবঢ়াই কৈছিল যে নৈতিক কর্তব্য আৰু দায়িত্বই ঈশ্বৰৰ ধাৰণাৰ জন্ম দিয়ে। আধ্যাত্মিকতাৰ  সম্ভাৰ বিশ্বাস আধাৰিত টাইলাৰ ধাৰণাই মানুহৰ মনন অভিকৰণক সুকীয়াকৈ বিশ্লেষণ কৰাৰ সুযোগ দিয়ে। 

ছাৰ ফ্ৰেজাৰৰ ধৰ্মীয় সংজ্ঞাই বহল মাত্ৰক সূচিত কৰে। তেওঁ ধৰ্মক এক উচ্চতৰ শক্তি বা শৃংখলা হিচাপে মানি লৈছে। ইয়ে মানৱ জীৱনৰ গতিপথ পৰিচালিত কৰে। ধৰ্মৰ সৈতে আৱেগক জড়িত কৰি মেছিউ আৰ্নল্ডে নৈতিকতা আৰু আৱেগৰ মাজত সম্পর্ক নির্ণয় কৰিছে। ধৰ্মৰ সৈতে জড়িত এক অন্যতম শক্তিশালী দিশ হৈছে বিশ্বাস । বিশ্বাস মন আৰু চিন্তাৰ সৈতে সংপৃক্ত। ধর্ম নিয়ত অস্তিত্বশীল শক্তিৰ ওপৰত থকা গভীৰ বিশ্বাস। মানুহৰ মন আৰু বিশ্বাসে সমগ্ৰ মানৱ জাতিক নৈতিকতাৰ সৈতে সম্পর্কিত কৰি জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। সেইবাবে দার্শনিক হেৰল্ড হফডিংতে ধৰ্মৰ সৈতে বিনাশবিহীন ধাৰণাক অতি উচ্চ পর্যায়লৈ লৈ গৈছে। 

কাৰ্ণ্ট আৰু মার্টিনিউৰ দৰে দাৰ্শনিকে নৈতিকতা অবিহনে যে ধর্মৰ তত্ত্ব অনুভৱ কৰিব নোৱাৰি, সেই দিশত থকা তেওঁলোকৰ অনুভূতিক গভীৰভাৱে ব্যাখ্যা আগবঢ়াইছে। অতীন্দ্রিয় শক্তি এক কাল্পনিক ধাৰণা হ'ব নোৱাৰে। ইয়ে মানুহৰ বোধ পৰিচালিত কৰি জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক মার্গ দর্শন দেখুৱায়। ধর্মীয় আদর্শই এক অদৃশ্য শক্তিক স্বীকাৰ কৰি লোৱা হয়। মানুহ তথা সমাজ জীৱনক সেই শক্তিয়ে দিয়া চেতনাই জীৱন আৰু সমাজক আগুৱাই নিয়াৰ প্ৰেৰণা যোগায়। মানুহৰ বিশ্বাসক গভীৰভাৱে নিয়ন্ত্রিত কৰিব পৰা এই শক্তি অতুলনীয় আৰু এক স্বৰ্গীয় অনুভূতিৰে পৰিপূৰ্ণ। 

ব্যক্তি জীৱন আৰু সমাজ জীৱনক সংহত কৰাৰ এই প্ৰক্ৰিয়াটোৱে সভ্যতাৰ প্ৰতিটো স্তৰতে নির্ণায়াত্মক ভূমিকা গ্ৰহণ কৰি আহিছে। জীৱাত্মক পৰমাত্ম হিচাপে গণ্য কৰিব পৰাটো এক উজু প্রক্রিয়া নহয়। ধর্মৰ বাহিৰে আন কোনো বিষয়ে মানুহক ইমান গভীৰভাৱে প্রভাৱিত কৰিব নোৱাৰে। পৰম শক্তিৰ প্রতি বৌদ্ধিক অনুৰাগে মানুহক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। এই পৰম তত্ত্বই সমাজ জীৱনক পৰিবর্তনমুখী ধাৰণাৰে আগুৱাই যোৱাৰ বাট প্রশস্ত কৰি আহিছে। 

ধর্মীয় বিষয়সমূহে কেৱল মানুহক মানসিক প্রশস্তি যোগাই, তেনে দিশতে সীমাবন্ধ কৰি ৰাখিব নোৱাৰি । ধৰ্ম অভ্যন্ত এক জটিল বিষয়। ইয়ে বিজ্ঞান, দর্শন, যুক্তি বিচাৰ ধাৰা, মানৱীয় কৰ্ত্তব্য, জীৱনবোধ, সামাজিক স্থিতি আদি সকলোবোৰ দিশকেই প্রতিফলিত কৰি আহিছে। আদিম উচ্ছৃংখলতাৰ পৰা মানুহৰ আচৰণ আৰু ক্ৰিয়াক নিয়ন্ত্রিত কৰি সভ্য সমাজৰ ভেটি নির্মাণত ধৰ্মই প্রধান ভূমিকা গ্রহণ কৰিছিল। সেইবাবে ধৰ্মীয় আচৰণ আৰু নীতিসমূহে মানুহক গতিময় সংস্কৃতিৰ প্ৰতি কৰ্ষণ কৰিছে। 

ঈদ-উজ-জোহা পালনৰ জৰিয়তে আমি ধর্মীয় চেতনা কি, সেই বিষয়ে গভীৰভাৱে অনুধাৱন কৰিব লাগিব। মানৱ সভ্যতাক সুন্দৰভাৱে আগুৱাই নি আমাৰ মাজত ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰাৰ আদৰ্শ আমি ঈদ পালনৰ জৰিয়তে উপলব্ধি কৰিব লাগিব। মানৱ সভ্যতাৰ চিন্তাক আগুৱাই নিয়াৰ এক শক্তিশালী প্রেৰণা হিচাপে গণ্য কৰি ঈদ পালন কৰিলেহে ইয়াৰ প্ৰকৃত তাৎপর্যই সমাজখনক আগুৱাই নিয়াৰ এক আলোকলৈ ৰূপান্তৰিত হ'ব।