ঈদ-উল-ফিটৰ আৰু ইয়াৰ তাৎপৰ্য

Story by  atv | Posted by  [email protected] • 1 Years ago
 শিশুৰ মাজত ঈদৰ আনন্দ আৰু ঈদৰ সমূহীয়া নামাজৰ দৃশ্য
শিশুৰ মাজত ঈদৰ আনন্দ আৰু ঈদৰ সমূহীয়া নামাজৰ দৃশ্য

  আয়েছা আশ্রফ আহমেদ

ঈদ-উল-ফিটৰ বা চমুকৈ ঈদ হ'ল ইছলাম ধর্মাৱলম্বী সকলৰ এটা ধৰ্মীয় উৎসৱ। ই কোনো অঞ্চল,  স্থান বা গোত্ৰৰ উৎসৱ নহয়। এই উৎসৱ বিশ্বব্যাপী। ইয়াৰ গুৰুত্বও অপৰিসীম, ব্যাপক আৰু গভীৰ। উৎসৱ বুলিলেই স্ফূর্তি, আনন্দ থাকিবই। ঈদ এটা আৰৱীক শব্দ, যাৰ অভিধানিক অর্থ হ'ল উৎসৱ বা আনন্দ। 

ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজাব্ৰত বা উপবাসৰ অন্তত পালন কৰা হয় ঈদ-উল-ফিটৰ। সৃষ্টিকর্তা আল্লাহৰ বিধান অনুসৰি নিজ ইচ্ছা-আকাংক্ষা দমন কৰি ৰখাটোতে আছে পৰম সার্থকতা আৰু এই সফলতাৰ পৰিসমাপ্তি ঘটে ঈদ উল ফিটৰৰ দিনা।

ঈদ-উল-ফিটৰ নামৰ উৎসৱটোৰ কি এনে এক বৈশিষ্ট আছে যে ই এক আনন্দৰ উৎসৱ হৈ পৰে। প্ৰকৃততে ঈদ এই আনন্দ অর্থহীন আনন্দ নহয়। ইয়াৰ গুৰিত এক গভীৰ তত্ত্ব সোমাই আছে। সৃষ্টিকর্তা আল্লাহতালাই তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি 'মানুহ' নো কেনে হোৱা উচিত সেয়া বুজাবলৈ এই উৎসৱ দিছে। এই উৎসৱৰ প্ৰকৃত আনন্দ পাবলৈ আগৰ তিনিমাহৰ পৰা অর্থাৎ ইছলামিক কেলেন্ডাৰৰ ৰজব, শ্বাবান মাহৰ পৰা আৰম্ভ কৰি ৰমজান মাহলৈকে প্রস্তুতি চলে। এই প্রস্তুতি বাহ্যিক নহয়। এয়া আধ্যাত্মিক উত্তৰণৰ প্ৰস্তুতি। এই প্রস্তুতিয়ে মনৰ পৰা পংকিলতা আতঁৰাই আত্মাক শুদ্ধিকৰণ কৰি এই পৃথিৱীত মনুষ্য হিচাবে কেনেভাৱে থকা উচিত তাৰেই শিক্ষা দিয়ে।

তাৎপর্যপূর্ণ কথা এই যে, ঈদে আনন্দৰ উৎসৱ বুলি বুজোৱাৰ লগতে সামাজিক সমতা প্রতিষ্ঠাৰ আৰু বিশ্ব-ভ্ৰাতৃত্বৰ বাৰ্তাও সোৱঁৰাই দিয়ে। আনহাতেদি ফিটৰ মানে হৈছে দান"। সামর্থবান লোকৰ লগতে গৰীৱ-মিছকিনেও যাতে ঈদ আনন্দৰ ভাগ পাব পাৰে তাৰ বাবে দুটা সুন্দৰ ব্যৱস্থা আছে যেনে জাকাত আৰু ফিটৰা। জাকাতৰ উদ্দেশ্য হ'ল অভাৱগ্রস্ত লোকসকলে যাতে নিজকে সংস্থাপিত কৰি লবলৈ সক্ষম হয় তাৰ বাবে সামর্থবান লোকে সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দান কৰিব লাগে।


'ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ ঘৰত ঈদৰ নামাজ আদায়

আনহাতে ফিটৰা হ'ল, ঘৰৰ মুখিয়ালজনে পৰিয়ালৰ প্রত্যেক সদস্যৰ নামত, আনকি সদ্য ভূমিহ শিশুৰ নামতো সেইবছৰৰ বাবে নিৰ্দ্ধাৰিত কৰা ধন ফিটৰা হিচাবে দিয়া। এই দানৰ পৰিমান এজন পূর্ণবয়স্ক লোকে উদৰপূৰ্তি কৰি খোৱা এসাঁজ আহাৰৰ মূল্য। ফিটৰা ঈদৰ আগতেই দিয়াৰ বাবে তৎপৰ হব লাগে। এটা পৰিয়ালৰ ফিটৰা মাথো এটা অভাৱগ্রস্ত পৰিয়ালে পাব লাগে। ঈদৰ দিনা কোনো অনাহাৰে থাকি ঈদৰ আনন্দ-উল্লাসৰ পৰা যাতে বঞ্চিত নহয়, তাৰ বাবেই এই বিধান। ফিটৰা আদায় দিয়াৰ পিছতহে ঈদ নামাজ পঢ়িবলৈ যোগ্যতা অর্জন কৰে। সেয়েহে, ইছলামৰ এই প্ৰাণৱন্ত উৎসৱটোৰ নাম ঈদ উল ফিটৰ। 

ঘৰৰ মাতৃ-বোৱাৰীসকলে এই দিনটোৰ যা-যোগাৰ বেছ কিছুদিন আগৰ পৰাই কৰে। ল'ৰা-ছোৱালীয়ে কি পোছাক পিন্ধিব, আলহী-অতিথিক কি কি ব্যঞ্জনৰে আপ্যায়ন কৰিব আদি বহুত কথা পৰিকল্পনা কৰে। পুৰুষসকলে প্রয়োজনীয় সামগ্ৰীবোৰ যা-যোগাৰ কৰাত লাগি যায়। ঘৰৰ জীয়ৰীয়ে ঘৰখন চাফ চিকুন কৰি সুন্দৰ কৈ সজায় আৰু ডেকা লৰাসকলে ঈদগাহ, মছজিদ, নিজা চুবুৰি আটকধুনীয়াকৈ সজাই তুলি এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। মুঠতে, সকলো স্বত:স্ফূর্তভাৱে ব্যস্ত হৈ পৰে। এই ব্যস্ততাতো থাকে এক মধুৰ আনন্দ।

ঈদৰ দিনা ৰাতিপুৱাতে আল্লাহক কৃতজ্ঞতা জনাবলৈ মাত্র দুই ৰাকাত সমূহীয়া প্ৰাৰ্থনাৰ বাহিৰে ধর্মীয় ৰীতি-নীতি ইয়াত বিশেষ একো নাই। পুৰুষৰ বাবে ঈদৰ নামাজ সমূহীয়াভাৱে পঢ়াতো ওৱাজিৱ অর্থাৎ পালনীয় কর্তব্য। ঈদগাহলৈ গৈ সমূহীয়া ঈদৰ নামাজ পঢ়াতো মহিলাৰ বাবে বাধ্যতামূলক নকৰি মহান আল্লাহতালাই মহিলাৰ ওপৰত সচাকৈয়ে যেন এক ডাঙৰ অনুগ্ৰহ কৰিছে। পুৰুষৰ দৰে আই-মাতৃ সকলেও ঘৰৰ পৰা ওলাই যাব লগীয়া হলে ঘৰখনত এক বিশৃংখলতাই দেখা দিয়াতো স্বাভাৱিক।


ইজিপ্তৰ এগৰাকী মহিলাই ঈদৰ বাবে প্ৰস্তুত কৰা খাদ্য

নামাজ-দুৱাৰ অন্তত ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে মোছাফাহ বা ইজনে সিজনক আনন্দৰে আকোৱালি লয়। কাৰো অন্তৰত কলুষতা নাই, মনত নাথাকে কোনো গ্লানি বা অহঙ্কাৰ। নিশ্চয়কৈ ভ্রাতৃত্ববোধ আৰু সমাজত সাম্য-মৈত্রীৰ বান্ধোন কটকটীয়া কৰাৰ এয়া এক সুবর্ণ সুযোগ। ভাগ্যবান সকলৰ লগতে দুখীয়া-নিছলা সকলোৱেও আনন্দত উৎফুল্লিত হয়। ইজনে সিজনক, আনকি অ-মুছলমান সকলোৱেও ফোন কৰি, হোৱাটছ-আপত বাৰ্তা দি ঈদৰ শুভেচ্ছা জনায়। আত্মীয় স্বজন, বন্ধু বান্ধৱৰ লগত এটা মধুৰ সম্বন্ধ স্থাপন কৰাৰ এয়া এক উত্তম উপায়। ঈদ উল ফিটৰৰ যোগেদি লাভ কৰা শিক্ষা আমাৰ জীৱনত কাৰ্যকৰী কৰিব পাৰিলেহে আমাৰ জীৱন ধন্য হব।


ঈদ উপলক্ষে নতুন পোছাক পৰিধান কৰিছে শিশুসকলে

যোৱা দুটা বছৰে ক'ভিড অতিমাৰীৰ বাবে সমূহীয়াভাৱে ঈদৰ নামাজ পঢ়াতো সম্ভৱ হোৱা নাছিল। এক কথাত ক'বলৈ গ'লে ঈদৰ আনন্দও আছিল একেবাৰে স্তিমিত। বর্তমান সময়ত ক'ভিডৰ চতুৰ্থ ঢৌক লৈ পুনৰ সকলো শঙ্কিত হৈ পৰিছে। সকলোৱে সতর্কতা অৱলম্বন কৰা আৰু সাৱধান হৈ থকাতো বাঞ্ছনীয়। ঈদৰ নামাজলৈ যাওঁতে আনকি ঈদ খাবলৈ ঘৰে ঘৰে যাওঁতেও মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধান মানি চলিবলৈ কোনেও যেন নাপাহৰে। সকলোৱে যেন এইবাৰ ঈদত আনন্দ উদযাপন কৰাৰ লগতে সুৰক্ষিত হৈ ৰয়। এই ছেগতে আৱাজ-দ্যা ভইছৰ সমূহ পঢ়ুবলৈ 'ঈদ মোৱাৰক' জনালো।

(লেখিকা এগৰাকী শ্বিলং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা)