সাঁকো: আন্তঃগোষ্ঠীয় সমন্বয়ৰ যাত্ৰা

Story by  Ariful Islam | Posted by  Munni Begum • 3 Months ago
সাঁকো অনুষ্ঠান
সাঁকো অনুষ্ঠান
 
আৰিফুল ইছলাম / গুৱাহাটী
 
স্বকীয় পৰিচয় অটুট ৰাখি, নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে কেইবা শতিকাজুৰি একেলগে সমিল-মিলেৰে বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত এখন সমৃদ্ধিশালী একতাৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিষ্ঠিত হৈছে 'সাঁকো'। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে গঢ় লোৱা নৰনাৰায়ণ-চিলাৰায়ৰ পৃষ্ঠপোষকতাৰে লালিত-পালিত হোৱা আৰু চুকাফাৰ বৰ অসমৰ লক্ষ্যৰে চালিত সংস্থাটোৱে শনিবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত আয়োজন কৰে 'সাঁকোঃ আন্তঃগোষ্ঠীয় সমন্বয়ৰ যাত্রা'। 
 
অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ চিৰপৰিচিত প্রার্থনা 'তুমি চিত্ত বৃত্তি মোৰ' অসমীয়া, বড়ো, মিচিং, ৰাভা, ছাদ্রী আৰু হিন্দী ভাষাত পৰিৱেশন কৰা হয়। 
 
 
অনুষ্ঠানত বঙাইগাঁও জিলাৰ অ- বড়ো অংশগ্ৰহণকাৰীসকলে বাগৰুম্বা আৰু খেৰাই, বঙাইগাঁও আৰু চিৰাং জিলাৰ বড়ো অংশগ্ৰহণকাৰীসকলে সত্ৰীয়া নৃত্য গীত, কুশান আৰু বিহু নৃত্য পৰিৱেশন কৰে। সেইদৰে মাজুলীৰ অ-মিচিং অংশগ্রহণকাৰীসকলে গুমৰাহ পৰিৱেশন কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মূকবধিৰ আৰু দৃষ্টি শক্তিহীন শিল্পীসকলে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰে। 
 
এই অনুষ্ঠানত মূকবধিৰ নৃত্য শিল্পীসকলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে ঘোষা পৰিৱেশন আৰু খোল-তাল আদি বাদ্য সংগত কৰে দৃষ্টিহীন দলীয় শিক্ষার্থীয়ে। মূকবধিৰ নৃত্য শিল্পীসকলক দৰ্শকৰ মাজৰপৰা পৰিস্মিতা নামৰ এগৰাকী যুৱতীয়ে পোহৰৰ জৰিয়তে বিশেষ নিৰ্দেশনা প্রদান কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে আলোড়িত কৰি তোলে। 
 
'সাঁকোঃ আন্তঃগোষ্ঠীয় সমন্বয় যাত্রা'ৰ ব্ৰেণ্ড এম্বেছাডৰ জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ (পাপন) মহন্তই এই অনুষ্ঠানত অংশগ্রহণ কৰি গুৰুজনাৰ বৰগীত পৰিৱেশন কৰাৰ লগতে প্ৰতিটো অনুষ্ঠানৰ শেষত প্রতিটো জনগোষ্ঠীৰ একোটাকৈ গীতৰ কলি পৰিৱেশন কৰাৰ উপৰি অতিথিসকলৰ সৈতে মত-বিনিময়ো কৰে। 
 
সাঁকো অনুষ্ঠানত বড়ো নৃত্য
 
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আই এফ এছ তথা ৰাষ্ট্রদূত হর্ষবর্দ্ধন শ্রীংলা, বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, উদ্যোগ আৰু সাংস্কৃতিক মন্ত্রী বিমল বৰা, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো, জি অ' চি ইন চি, ইষ্টার্ন কমাণ্ডৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতা আদি। 
 
প্রার্থনা বৰাই আঁত ধৰা অনুষ্ঠানত 'সাঁকো’ আৰু 'সাহচর্য' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন কৰে ৰাণা প্রতাপ কলিতা, অংগৰাগ পাপন মহন্ত আৰু শ্ৰীমন্ত ফাউণ্ডেচনৰ পৰিচালন সঞ্চালক তথা ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই। 
 
অনুষ্ঠানটোত ৰাজ্যৰ কেইবাখনো জিলাৰ শিল্পীসকলে পৰিৱেশন কৰা আটাইকেইটা অনুষ্ঠানেই উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে। অনুষ্ঠানৰ সামৰণিত সকলো শিল্পী, বাদ্যত সংগত কৰা সকলোকে ধৰি অংগৰাগ পাপন মহন্তই কল্যাণ খৰমান পৰিৱেশন কৰে। ইয়াৰ পাছতে উপস্থিত শিল্পীসকল আৰু দৰ্শকৰ অনুৰোধমর্মে কেইবাটাও গীত পৰিৱেশন কৰে অংগৰাগ (পাপন) মহন্তই।
 
সাঁকো অনুষ্ঠানত অংগৰাগ মহন্তই গীত পৰিবেশন কৰাৰ এক মূহুৰ্ত
 
শ্ৰীমন্ত ফাউণ্ডেচনৰ ট্ৰাষ্টি তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপে কয়; "যুৱচামে যিহেতু ভৱিষ্যতক প্রতিনিধিত্ব কৰে আৰু সহাৱস্থানৰ ধাৰণাটোক সঠিক ৰূপত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়ে এই প্রক্রিয়াত তেওঁলোকক জড়িত কৰাটো তাৎপর্যপূর্ণ। ইজনে সিজনৰ পৰম্পৰাগত পৰিৱেশ্য কলা শিকি আৰু পৰিৱেশন কৰি তেওঁলোকে কেৱল বিচিত্রতাক উদযাপন কৰাই নহয়, লগতে বিশ্বাস আৰু সম্প্রীতিৰ সাঁকো গঢ়ি অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে।
 
উল্লেখযোগ্য যে, সাঁকোৰ ধাৰণাটোৱে অসমৰ আত্মাৰ মূৰ্ত ৰূপটোকে তুলি ধৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ আদর্শেৰে গঢ় লোৱা, নৰনাৰায়ণ-চিলাৰায়ৰ পৃষ্ঠপোষকতাৰে লালিত-পালিত হোৱা আৰু চ্যুকাফাৰ বৰ অসমৰ লক্ষ্যৰে চালিত হোৱা আমাৰ নীতি, মূল্যবোধ, আদর্শ আৰু সপোনৰ বাস্তৱ প্ৰকাশ হিচাপে ই থিয় দিছে।