মামণি শৰ্মা
শৰৎ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ঋতু। শৰতেই কঢ়িয়াই আনে প্ৰশান্তিৰ বতৰা। চৌপাশৰ উৎসৱমুখৰ পৰিৱেশেই উচ্ছাসিত কৰি তোলে মন। যেন উলাহে নধৰে হিয়া। শৰতেই বাট কাটি দিয়ে শক্তিৰ অধিষ্ঠাতৃ শাৰদীয় দেৱী দুৰ্গা পূজালৈ। অধীৰ আগ্ৰহেৰে ৰৈ থাকে মানুহ শক্তি পূজালৈ বুলি।
শৰতৰ বাবেই আহিনৰ গুৰুত্ব অসীম। বছৰজোৰা প্ৰতীক্ষাৰ অন্তত মানুহ যেন ব্যাকুল হৈ পৰে একমাত্ৰ এই আহিনৰ বাবেই। সাহিত্যৰ বুকুতো আহিনৰ প্ৰভাৱ অসীম- "এসেছে শরৎ হিমের পরশ/লেগেছে হাওয়ার পরে/সকালবেলায় ঘাসের আগায়/শিশিরের রেখা ধরে।"
আহিনৰ কৃষ্ণপক্ষৰ অমাৱস্যাৰ দিনাই উদযাপিত হয় "মহালয়া"ৰ। মহালয়াৰ দিনাই পিতৃপক্ষৰ সমাপ্তি ঘটি আৰম্ভ হয় দেৱী পক্ষ। মহালয়াৰ দিনতেই পূৰ্বপুৰুষৰ উদ্দেশ্যি শ্ৰাদ্ধ-তৰ্পণাদিৰ জৰিয়তে সম্পাদন কৰা হয় প্ৰেতকৰ্ম। ঠায়ে ঠায়ে মহালয়াৰ পুৱাই ৰাজপথলৈ মানুহ ওলাই আহি শঙ্খ-ঘণ্টাৰ ধ্বনিত মুখৰ কৰি তোলে চৌদিশ-চৌপাশ।
মহালয়াৰ পিছৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হয় দেৱী দুৰ্গাৰ ন টা ৰূপৰ উদ্দেশ্যি নৱদুৰ্গাৰ "নৱৰাত্ৰি" বিহিত পূজা। প্ৰতিপদ তিথিত আৰম্ভ হৈ এই নৱদুৰ্গাৰ পূজাৰ সামৰণি পৰে দুৰ্গা পূজাৰ নৱমী তিথিৰ পূজাত। দুৰ্গা পূজাৰ বিল্ববোধনৰ আগৰ অমাৱস্যা তিথিয়েই পৱিত্ৰ মহালয়া। মহালয়াৰ মঙ্গল ঘট প্ৰতিষ্ঠা কৰি শাৰদীয় দুৰ্গোৎসৱৰ মা দুৰ্গাৰ চিন্ময়ী প্ৰতিমাৰ আৰাধনাৰ শঙ্খধ্বনি বাজি উঠে মহালয়াৰ পূণ্যলগ্নত। নীলা আকাশৰ আলসুৱা মেঘচপৰায়ো যেন মা অহাৰ বতৰাকেই দিয়ে। পশ্চিমবঙ্গৰ লগতে সমগ্ৰ অসমজুৰি আকাশে-বতাহে যেন ভাঁহি থাকে-"জাগো তুমি জাগো"।
অসমত ষষ্ঠিৰ দিনাখনৰ পৰাহে দুৰ্গা পূজা আৰম্ভ হয় যদিও দেশৰ অন্য প্ৰান্তত কিন্তু মহালয়াৰ পৰাই আৰম্ভ হয় নৱদুৰ্গাৰ পূজা। প্ৰতিপদ তিথিত আৰম্ভ হোৱা দেৱী দুৰ্গাৰ প্ৰথম ৰূপ "শৈলপুত্ৰী"ৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভণি কৰি দেৱীৰ "সিদ্ধিদাত্ৰী" ৰূপী নৱম ৰূপৰ পূজা-অৰ্চনাত সামৰণি পৰে প্ৰতীক্ষাৰ অন্তত অহা দুৰ্গা পূজাভাগ। নৱদুৰ্গাৰ "নৱৰাত্ৰি" ৰূপে পৰিচিত ভাৰতবৰ্ষৰ উত্তৰ অংশত এই পূজাৰ প্ৰভাৱ অসীম। বিশেষকৈ নাৰী সমাজত নৱৰাত্ৰি পূজাৰ গুৰুত্ব অপৰিসীম।
লোকবিশ্বাস অনুসৰি মহালয়াৰ দিনাখনেই দেৱী দুৰ্গা লক্ষী-সৰস্বতী, কাৰ্তিক-গণেশ সহিতে মৰ্ত্যলৈ নামি আহে পূজা অৰ্চনাৰ বাবে। নৱদুৰ্গাৰ পূজা উদযাপিত হোৱা অঞ্চল সমূহত সেয়ে মহালয়াৰ পিছৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হয় দেৱীৰ পূজা-অৰ্চনা।
অন্য এক লোকবিশ্বাস অনুসৰি দেৱাদিদেৱ মহাদেৱে দেৱী দুৰ্গাক বছৰেকত হেনো মাথোঁ ন দিনৰ বাবেহে মাতৃ গৃহলৈ যাবৰ অনুমতি প্ৰদান কৰে। সেয়ে মহালয়াৰ দিনাখন ধৰালৈ নামি অহা দুৰ্গা দেৱীয়ে ন দিনৰ পূজা-অৰ্চনাৰ অন্তত বিজয়া দশমীৰ দিনাখন পুনৰ পতিগৃহ কৈলাশ পৰ্বতলৈ ঘূৰি যায়। হয়তো সেইবাবেই বঙালী সাহিত্যও ৰঞ্জিত হৈ পৰিল এইদৰে-"আজ মহালয়া। শুরু হ'ল দেৱীপক্ষ। এই শোনা যায় মায়ের পদধ্বনি।
বিভিন্ন ৰূপ ধৰি অসুৰ বধ কৰা বাবেই দেৱী দুৰ্গা পৰিচিত হয় বিভিন্ন নামেৰে। দেৱী দুৰ্গাৰ এই বিভিন্ন ৰূপৰ পূজাই নৱদুৰ্গাৰ পূজা অৰ্চনা। উগ্ৰ আৰু শান্ত ৰূপে দুই ভাগত দেখা যায় দেৱী দুৰ্গাক। চামুণ্ডা, মহাকালী, উগ্ৰতাৰা, কাত্যায়নী আদি দেৱী দুৰ্গাৰ উগ্ৰ ৰূপ। তেনেদৰে আকৌ উমা, পাৰ্বতী, কুমাৰী, গৌৰী আদি দেৱী দুৰ্গাৰ শান্ত ৰূপ। মহালয়াৰ পিছৰ প্ৰতিপদ তিথিত আৰম্ভ হোৱা এই নৱদুৰ্গাৰ পূজাত যি ৯ টা ৰূপৰ পূজা অৰ্চনা কৰা হয়, সেয়া ক্ৰমে-শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৰূপে বন্দিত।
শৈলপুত্ৰীঃ
"বন্দে বাঞ্জিত লাভায় চন্দাৰ্থক শেথৰম।
বৃষাৰূঢ়াং শূলধাৰাং শৈলপুত্ৰীং যশস্বি নীম।।"
নৱদুৰ্গাৰ প্ৰথম ৰূপ "শৈলপুত্ৰী"।শৈলপুত্ৰী ৰূপী দেৱীৰ হাতত থাকে প্ৰস্ফূটিত পদুম ফুল আৰু মূৰত বিৰাজমান অৰ্ধচন্দ্ৰ। দেৱী পাৰ্বতী ৰূপে হিমালয়ৰ কন্যা হৈ জন্ম গ্ৰহণ কৰে সতীৰ দেহত্যাগৰ পিছত। সেইবাবেই "শৈলপুত্ৰী"ৰূপে পৰিচিত দেৱী দুৰ্গা। শৈলপুত্ৰীকেই "হৈমৱতী নামেৰেও জনা যায়।
ব্ৰহ্মচাৰিণীঃ
"দধনা কৰ পদ্মভয়াক্ষমালা কমণ্ডলু।
দেৱী প্ৰসীদতু ময়ি ব্ৰহ্মচাৰিণ্যনুত্তম।।"
নৱদুৰ্গাৰ দ্বিতীয় ৰূপ এই "ব্ৰহ্মচাৰিণী"। দেৱাদিদেৱ মহাদেৱৰ লগত বিবাহৰ পূৰ্বে এই ৰূপ আছিল যোগিনী বা তপস্বিনী ৰূপত। নাৰদৰ প্ৰভাৱত দেৱীয়ে হাজাৰ বছৰ তপস্যা সমাপন কৰে। "অপৰ্ণা"ৰূপে পৰিচিত এই ব্ৰহ্মচাৰিণী ৰূপী দেৱীৰ হাতত থাকে কমণ্ডলু আৰু ৰুদ্ৰাক্ষ হ'ল দেৱীৰ অঙ্গভূষণ।
চন্দ্ৰঘণ্টাঃ
"পিণ্ডজপ্ৰবৰাৰুঢ়া চণ্ড কোপাস্বকৈৰ্যতা।
প্ৰসাদঃ তনুতে মহাং চন্দ্ৰঘণ্টেটি বিশ্ৰুতা।।"
নৱদুৰ্গাৰ তৃতীয় ৰূপৰ দেৱী পূজা হ'ল চন্দ্ৰঘণ্টা। এই ৰূপত দেৱীৰ মুখ চন্দ্ৰৰ দৰে সুন্দৰ আৰু কোমল প্ৰশান্তিময় পোহৰেৰে প্ৰতিভাত। এই ৰূপ দৰ্শনে ভক্তৰ মন সৌন্দৰ্যৰে ভৰি পৰে। চন্দ্ৰঘণ্টা ৰূপী দেৱী যুদ্ধোদ্যত। ভক্তক ৰক্ষাৰ বাবে উদ্যত। আঠখন হাত আঠবিধ অস্ত্ৰৰেই সুসজ্জিত। বৰাভয় মুদ্ৰাত অন্য দুখন হাত।
কুষ্মাণ্ডাঃ
"সুৰাসম্পূৰ্ণকলসম ৰুধিৰপ্লুতমেবচ।
দধানা হস্তা পদ্মাভয়াম কুষ্মাণ্ডা শুভদাস্ত মে।।"
"কুষ্মাণ্ডা"দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ। কুষ্মাণ্ডা অৰ্থাৎ "কু" মানে স্বল্প "উষ্ণ" মানে গৰম আৰু "অণ্ড" মানে জগত। বিশ্ব সংসাৰ আন্ধাৰত নিমজ্জিত হৈ থকা সময়ত দেৱী কুষ্মাণ্ডাই হাঁহি হাঁহি হাতৰ পাত্ৰ তেজেৰে আলোকিত কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে। কুষ্মাণ্ডা ৰূপী দেৱী দুৰ্গাৰ দেহৰ বৰণ সূৰ্যৰ কিৰণৰ দৰেই উজ্জ্বল। কুষ্মাণ্ডা ৰূপী দেৱী দুৰ্গাই আঠখন হাতত কমণ্ডলু, ধনু, বাণ, পদ্ম, অমৃত, কলহ, চক্ৰ, গদা, জপমালা ধাৰণ কৰে।
স্কন্দমাতাঃ
"সিংহাসনগতা নিত্যম পদ্মাশ্ৰিতা কৰদ্বয়াঃ।
শুভদাস্ত সদা দেৱী স্কন্দমাতা যশস্বনী।।"
নৱদুৰ্গাৰ পঞ্চম ৰূপ এই "স্কন্দমাতা"। পুত্ৰ কাৰ্তিক অৰ্থাৎ স্কন্দক কোলাত লৈ পদুমৰ ওপৰত উপবিষ্ট দেৱী পাৰ্বতী। স্কন্দমাতা ৰূপী দেৱীৰ দেহৰ বৰণ উজ্জ্বল সোণৰ নিচিনা। পদুমৰ ওপৰত উপবিষ্ট বাবে দেৱী স্কন্দমাতাক পদ্মাসনাও বোলে।
কাত্যায়নীঃ
"চন্দ্ৰহাসোজ্জল কৰ শাৰ্দুল বৰ বহনা।
কাত্যায়নী শুভম দদাৎ দেৱী দানৱঘাতিনী।।"
নৱদুৰ্গাৰ ষষ্ঠ ৰূপ "কাত্যায়নী"ৰ জন্ম উপলক্ষত দুটি আখ্যান প্ৰচলিত থকাৰ উমান পোৱা যায়। প্ৰথম আখ্যান অনুসৰি মহৰ্ষি কাত্যায়নৰ উপাসনাত সন্তুষ্ট হৈ তেওঁৰেই কন্যা ৰূপে জন্ম গ্ৰহণ কৰে। দ্বিতীয় আখ্যান অনুসৰি মহিষাসুৰৰ অত্যাচাৰ বন্ধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মা,বিষ্ণু, মহেশ্বৰ সহিতে অন্য দেৱতাই মিলি তেওঁলোকৰ তেজেৰেই নিৰ্মাণ কৰি উলিয়ায় দেৱী কাত্যায়নী। মহৰ্ষি কাত্যায়নে প্ৰথম আৰাধনা কৰিবলৈ পায় বাবে তেওঁ কাত্যায়নী ৰূপে পৰিচিত হয়। দেৱী কাত্যায়নীয়েই দশমীৰ দিনাখন মহিষাসুৰ বধ কৰে।
কালৰাত্ৰিঃ
"কৰলাৰূপা কালব্জা সমানাকৃতি বিগ্ৰহা।
কালৰাত্ৰি শুভদদাৎ দেৱী চন্দ্ৰাট্টাহাসিনী।।"
নৱদুৰ্গাৰ সপ্তম ৰূপ এই "কালৰাত্ৰি"। দেৱী দুৰ্গাৰ ভয়ঙ্কৰ ৰূপ এই কালৰাত্ৰি। দেৱীৰ দেহৰ বৰণ ঘোৰ কৃষ্ণবৰ্ণা। ডিঙিৰ উজ্জ্বল হাড়ে বিদ্যুতৰ চমকনি সৃষ্টি কৰে। মূৰৰ চুলি খোলা। একপ্ৰকাৰ অবিন্যস্ত অৱস্থা। দুষ্টক দমন কৰাৰ উদ্দেশ্যেই দেৱীৰ মৰ্ত্যলৈ আগমন ঘটে।
মহাগৌৰীঃ
"শ্বেতে বৃষে সমৰূঢ়া শ্বেতান্বধৰা শুচিঃ।।"
নৱদুৰ্গাৰ অষ্টম ৰূপ এই "মহাগৌৰী"।
দেৱী পাৰ্বতীয়ে শিৱক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যাত ব্ৰতী হৈছিল। সেইবাবেই দেহৰ বৰণ হৈ পৰিছিল কৃষ্ণবৰ্ণা। তপস্যাত সন্তুষ্ট হৈ শিৱই দেৱীক দেখা দিয়ে আৰু তপস্যাজনিত ক্লান্তি দূৰ কৰিবলৈ দেৱীক গঙ্গাজলেৰে ধুৱাই দিলে। তেতিয়াই দেৱী গৌৰবৰ্ণা হৈ উঠে আৰু নাম পায় মহাগৌৰী। অষ্টম ৰূপৰ দেৱীৰ বস্ত্ৰ শ্বেত অৰ্থাৎ বগা আৰু হাতত থাকে ডম্বৰু।
সিদ্ধিদাত্ৰীঃ
"সিদ্ধ গন্ধৰ্ব যক্ষাদৈবসুৰৈৰ মৰৈৰূপী।
সেবমান্য ভূয়াৎ সিদ্ধিদা সিদ্ধিদায়িনী।।"
নৱদুৰ্গাৰ নৱম ৰূপৰ দেৱী পূজাই এই "সিদ্ধিদাত্ৰী"। সিদ্ধ, গন্ধৰ্ব, যক্ষ, অসুৰ, দেৱতাৰ দ্বাৰা পূজিত হয় এই সিদ্ধিদাত্ৰী ৰূপক। মহাদেৱে দেৱীৰ এই ৰূপৰ তপস্যা কৰিয়েই অৰ্দ্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰিছিল।
স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতেই আৰম্ভ হোৱা দেৱী দুৰ্গাৰ বন্দনাই আজিও বন্দিত কৰি ৰাখিছে অসমবাসীক। শক্তিপীঠ ৰূপী অসমত জাকজমকতাৰে উদযাপিত হৈ আছে দেৱী দুৰ্গাৰ পূজা অৰ্চনা। সময়ৰ সোঁতত দেৱী দুৰ্গাৰ পূজা অৰ্চনাই যদিও সলাইছে ৰূপ তথাপি দুৰ্গাৰ প্ৰতি ভক্তৰ আছে একেই ৰূপত। শাৰদীয় দুৰ্গা পূজাৰ এই উৎসৱ মুখৰ পৰিৱেশত মহালয়া সহিতে দেৱী দুৰ্গাৰ ন ৰূপৰ পূজা অৰ্চনাই দেশৰ অশান্তি-অসূয়া, অপায়-অমঙ্গল নাশি সূচনা হওক এক স্বাস্থ্যসন্মত পৰিৱেশৰ। গঢ় লৈ উঠক এক শংকামুক্ত ন পৃথিৱীৰ।