নিজৰ লক্ষ্যত অটল থাকি সফলতা কঢ়িয়াই আনিবলৈ ছাত্র-ছাত্রীক মুখ্যমন্ত্ৰীৰ আহ্বান

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
মুখ্যমন্ত্ৰীয়ে বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰে
মুখ্যমন্ত্ৰীয়ে বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰে
গুৱাহাটী

ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ জোনাকী যাত্ৰাৰ পথ সুগম কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্রথম বিভাগত উত্তীর্ণ ছাত্রীসকললৈ বাণীকান্ত কাকতি মেধা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। 

উল্লেখ্য যে, ভাষাবিদ তথা বিশিষ্ট সাহিত্যিক বাণীকান্ত কাকতিৰ স্মৃতিত প্রতিষ্ঠা কৰা এই বঁটাৰ অধীনত বঁটাপ্ৰাপক শিক্ষার্থীলৈ একোখনকৈ স্কুটাৰ আগবঢ়োৱা হৈছে। সেই অনুসৰি চলিত বৰ্ষত ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটাৰ প্ৰদান কৰা হৈছে। ইয়াৰে ৩০,২০৩ গৰাকী ছাত্ৰী আৰু ৫৫৬৭ গৰাকী ছাত্র। এই আঁচনিৰ অধীনত ব্যয় হৈছে ₹২৫৯.৫৪ কোটি।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণ কৰাৰ দিশত ৰাজ্য চৰকাৰে অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। বিদ্যার্থীসকলে যাতে পঢ়া-শুনাৰ দিশত আগুৱাই যাব পাৰে সেই উদ্দেশ্যেৰে ২০২৩ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰসকলৰ লগতে প্রথম বিভাগত উত্তীর্ণ ছাত্রীসকললৈ স্কুটাৰ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে শৈক্ষিক ক্ষেত্ৰখনত উজ্বলি উঠাৰ স্বীকৃতি স্বৰূপে ছাত্র-ছাত্রীসকলে যাতে ভৱিষ্যতে আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰে সেই উদ্দেশ্যে এই স্কুটাৰ প্ৰদান কৰা হৈছে। 

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে সাহিত্য আৰু ভাষা-বিজ্ঞানৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা বাণীকান্ত কাকতিৰ বিষয়ে অৱলোকন কৰে। সাহিত্যৰ জগতখনলৈ বাণীকান্ত কাকতিয়ে আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী সাহিত্যিকে অসমীয়া সমাজৰ বৌদ্ধিক দিশ শক্তিশালী কৰি তুলিছিল। সেইবাবে ৰাজ্য চৰকাৰে এইগৰাকী মহান শিক্ষাবিদ তথা সাহিত্যিকৰ আদৰ্শৰে শিক্ষার্থীসকলে যাতে ভবিষ্যত জীৱন উজ্জ্বল কৰি তুলিব পাৰে, সেই উদ্দেশ্যেৰে বাণীকান্ত কাকতিৰ নামত এই মেধা বঁটা প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্রীয়ে কয় যে বাণীকান্ত কাকতি ৰাজ্যখনৰ এজন বিশিষ্ট সাহিত্যিক আৰু বুদ্ধিজীৱী আছিল যাৰ ৰচনাই আজিও সকলোকে অনুপ্রাণিত কৰি আহিছে। তেওঁৰ জীৱন দৰ্শনৰ পৰা প্ৰেৰণা লৈ ১৮-২৫ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে যিসকলে নিজৰ একান্ত সাধনাৰ পৰা আঁতৰি নাযায়, সেইসকলে জীৱনত সফলতা আহৰণ কৰি সমাজত ভোটাতৰাৰ দৰে উজ্বলি থাকিব পাৰে। নিজৰ লক্ষ্য আৰু কক্ষত অটল থাকি সেই লক্ষ্যৰ পৰা আঁতৰি নাযাবলৈও মুখ্যমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক আহ্বান জনাই কয় যে লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি নগ'লে জীৱন সদায় প্রাপ্তিৰ আনন্দৰে উপচি থাকিব। লক্ষ্য আৰু কক্ষৰ পৰা আঁতৰি গ'লে জীৱন বিষাদেৰে পৰিপূৰ্ণ হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে  বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কৰ্মত মনোনিৱেশ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ়তাৰে নিয়োজিত হ'ব লাগিব। 

প্রজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে যোৱা দুই-তিনি বছৰত ৰাজ্য চৰকাৰে ছাত্র-ছাত্রীসকলৰ আর্থিক বোজা কিছু পৰিমাণে লাঘৱ কৰি পিতৃ-মাতৃক সকাহ দিয়াৰ বাবে প্রয়াস চলোৱা হৈছে বুলি দোহাৰি তেওঁ কয় যে প্রজ্ঞান ভাৰতী আঁচনিখনৰ পৰিসৰ ভৱিষ্যতে আৰু অধিক বৃদ্ধি কৰা হ'ব। ছাত্রসমাজক অধিক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিদ্যার্থী সমাজে যাতে পঢ়া-শুনাৰ দিশত বাধাৰ সন্মুখীন নোহোৱাকৈ আগুৱাই যাব পাৰে সেই দিশত ৰাজ্য চৰকাৰে বহু পদক্ষেপ গ্রহণ কৰিছে।

উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্ব ৰঞ্জন চামালে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুয়েও ভাষণ প্রদান কৰে। অনুষ্ঠানত বিধায়ক পৰমানন্দ ৰাজবংশী আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।