কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 Years ago
কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ
কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ
গুৱাহাটী
 
মেট্রিক, হাইমাদ্রাছা কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰে পৰা অনলাইন প'ৰ্টেলযোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত ছেবাই জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ২৪ জুনত অনলাইন আবেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব। 
 
 
অৱশ্যে, আবেদনকাৰীয়ে এপেক্স বেংকত ২৭ জুন পর্যন্ত মাচুল আদায় দিব পাৰিব। নির্দেশনাত উল্লেখ কৰা মতে কম্পার্টমেণ্টল পৰীক্ষা অহা ১৫ জুলাইৰ পৰা ২১ জুলাইলৈ অনুষ্ঠিত হ'ব। 
 
উল্লেখযোগ্য যে কম্পার্টমেণ্টেল পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে sebaonline.org শীর্ষক ৱেবছাইটটো ব্যৱহাৰ কৰিবলৈ ছেৱাৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে।