জামিয়া হামদাৰ্দত ‘কালচাৰেল কাৰৱা’ৰ সফল সমাপ্তি; মিডিয়া পাৰ্টনাৰ আছিল ‘আৱাজ-দ্য ভইচ’

Story by  atv | Posted by  [email protected] • 1 d ago
অনুষ্ঠানটোত আলোচনী মুকলি কৰা দৃশ্য
অনুষ্ঠানটোত আলোচনী মুকলি কৰা দৃশ্য
 
ইকবাল/নতুন দিল্লী
 
ৰাজধানী নতুন দিল্লীৰ জামিয়া হামদাৰ্দ বিশ্ববিদ্যালয়ত যোৱা তিনিদিন ধৰি চলি থকা সাংস্কৃতিক উৎসৱ শুকুৰবাৰে সফল সমাপ্তি ঘটে। এই ‘কালচাৰেল কাৰৱা-২০২৬’ৰ সামৰণি কোনো উৎসৱতকৈ কম নাছিল। চৌহদত পুৱাৰে পৰাই এক সুকীয়া উখল-মাখল পৰিৱেশ বিৰাজ কৰিছিল। ছাত্ৰ-ছাত্ৰীয়েই হওক বা শিক্ষক-শিক্ষয়িত্ৰীয়েই হওক, প্ৰতিগৰাকীয়েই এই বিশেষ মুহূৰ্তৰ সাক্ষী হ’বলৈ উৎসাহিত হৈ পৰা দেখা গৈছিল। তিনিদিন ধৰি চলা সাংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠানৰ পিছত আজি সেই মুখবোৰক সন্মান জনোৱাৰ পাল আছিল, যিসকলে নিজৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। এই আয়োজন সফল কৰি তোলাত সংবাদ মাধ্যমৰ সহযোগী হিচাপে ‘আৱাজ দ্য ভইচ’-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
আধ্যাত্মিকতাৰে আৰম্ভণি হৈছিল এই অনুষ্ঠানৰ। গোলাম ইয়াজদানীয়ে যেতিয়া মঞ্চৰ পৰা নাত শ্বৰীফ পৰিৱেশন কৰিছিল, তেতিয়া গোটেই হলটোত এক সুকীয়া শান্তিয়ে বিৰাজ কৰিছিল। তেওঁৰ কণ্ঠত এনে এক আকর্ষণ আছিল যিয়ে তাত উপস্থিত প্ৰতিজন ব্যক্তিকে আৱেগিক কৰি তুলিছিল। ইয়াৰ ঠিক পিছতে বিলালৰ একক গায়কীয়ে পৰিৱেশটো শক্তিৰে ভৰাই তুলিলে। বিলালৰ গীতত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আসনৰ পৰা থিয় হৈ হাত চাপৰি বজাবলৈ বাধ্য হৈছিল।
 
অনুষ্ঠান শেষ হোৱাৰ পিছৰ দৃশ্য
 
মঞ্চৰ দায়িত্ব চম্ভালিছিল হানিয়া ৱাজিদ আৰু ফৈজ আহমেদে। দুয়োৰে যুটীটোৱে গোটেই অনুষ্ঠানটোত প্ৰাণ ঢালি দিছিল। তেওঁলোকৰ কথা কোৱাৰ শৈলীয়ে দৰ্শকক এমুহূৰ্তৰ বাবেও আমনি পাবলৈ দিয়া নাছিল।
 
এই উপলক্ষে দূৰদৰ্শনৰ সঞ্চালক প্ৰধান কে. এছ. নম্বুদ্ৰীপাড মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ অতি সৰলতাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা পাতিলে। তেওঁ ক’লে যে বৰ্তমান যুগত যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ অভাৱ নাই। কেৱল প্ৰয়োজন নিজৰ শক্তিক চিনাক্ত কৰাৰ। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম কৰি ভৱিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগালে।
 
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° এম. আফশৰ আলমেও ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। তেওঁ কয় যে কেৱল পাঠ্যপুথিৰ বিদ্যাৰে আপুনি পৃথিৱী জয় কৰিব নোৱাৰে। ব্যক্তিত্ব বিকাৰৰ বাবে খেল-ধেমালি, সংগীত আৰু সাহিত্যৰ সৈতে জড়িত হোৱাটো অতি প্ৰয়োজনীয়। তেওঁ জোৰ দি কয় যে এনে আয়োজন কেৱল মনোৰঞ্জনৰ বাবে নহয়, বৰঞ্চ ই ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা ভয় আঁতৰাই আত্মবিশ্বাসেৰে ভৰাই তোলে।
 
দূৰদৰ্শনৰ সঞ্চালক প্ৰধান কে. এছ. নম্বুদ্ৰীপাড
 
ইয়াৰ পিছত আৰম্ভ হ’ল সেই বিশেষ ক্ষণটো যাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ’ল। যেতিয়া এজন এজনকৈ বিজয়ীৰ নাম ঘোষণা কৰা হ’ল, তেতিয়া হলটো হাত চাপৰিৰ শব্দৰে কঁপি উঠিল। সাহিত্যিক প্ৰতিযোগিতাসমূহত ফাৰ্মাচী বিভাগৰ (SPER) আধিপত্য স্পষ্টকৈ দেখা গ’ল। সাধাৰণ জ্ঞান কুইজত ছাৰা তাবাছুম আৰু মননত হুন্দালৰ যুটীয়ে জয়লাভ কৰে। আনহাতে, ‘বেটবাজী’ৰ দৰে পৰম্পৰাগত আৰু কঠিন প্ৰতিযোগিতাত 'টিম গালিব'ই নিজৰ প্ৰভাৱ বিস্তাৰ কৰে। উৰ্দু সাহিত্য আৰু কবিতাৰ এই প্ৰতিযোগিতাই পুৰণি স্মৃতি সজীৱ কৰি তুলিলে।
 
প্ৰবন্ধ লিখনী প্ৰতিযোগিতাত লাইবা ছিদ্দিকীয়ে প্ৰথম স্থান লাভ কৰে। আনহাতে তৰ্ক প্ৰতিযোগিতাত আনুছেহ নাজিৰে সকলোকে আপ্লুত কৰে। কবিতা আৰু গল্প লিখনীতো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কলমৰ যাদু দেখুৱালে। ছমছাদ আহমেদৰ স্ব-ৰচিত কবিতাক বিচাৰকসকলে যথেষ্ট প্ৰশংসা কৰে। ইছলামিক কুইজত মহম্মদ আছাদুল্লাহ আবশ্বৰ আৰু তেওঁৰ দলে শীৰ্ষ স্থান দখল কৰে। নাত প্ৰতিযোগিতাত গোলামে জয়ৰ ধাৰা অব্যাহত ৰাখে।
 
অনুষ্ঠান শেষ হোৱাৰ পিছৰ দৃশ্য
 
কেৱল পঢ়া-শুনাই নহয়, যোগাসন, নৃত্য, কাৱালী আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ বিজয়ীসকলেও উপাচাৰ্যৰ হাতৰ পৰা বঁটা লাভ কৰে। বিজয়ী ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া মঞ্চত বঁটা ল’বলৈ গৈছিল, তেতিয়া তেওঁলোকৰ আনন্দ আৰু গৌৰৱ আছিল চাবলগীয়া। বহু ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া কেৱল এটা মেডেল নাছিল, বৰঞ্চ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ আছিল।
 
অনুষ্ঠানৰ শেষৰ মুহূৰ্তত পৰিৱেশটো অলপ আৱেগিক হৈ পৰিল। তিনিদিনীয়া এই বন্ধুত্ব আৰু আনন্দ এতিয়া স্মৃতিলৈ ৰূপান্তৰিত হ’ব। শিক্ষকসকলে কয় যে এনে ধৰণৰ অনুষ্ঠানে বিশ্ববিদ্যালয়ৰ সৌন্দৰ্য বৃদ্ধি কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা ভাতৃত্ববোধ আৰু দলবদ্ধ কাম এই তিনিদিনত স্পষ্ট হৈ উঠিল। শেষত আয়োজকসকলে সকলোকে ধন্যবাদ জনায়। কালচাৰেল কাৰৱাৰ এই যাত্ৰা যদিও আজি শেষ হ’ল, কিন্তু ইয়াৰ প্ৰতিধ্বনি আগন্তুক বহু দিনলৈ জামিয়া হামদৰ্দৰ চৌহদত শুনা যাব।

সাহিত্যিক তাৰকাসকলৰ তালিকা:
 
১/ সাধাৰণ জ্ঞান কুইজ: ফাৰ্মাচী বিভাগৰ ছাৰা তাবাছম আৰু মননত হুন্দালৰ যুটী প্ৰথম হ’ল। মেনেজমেণ্ট বিভাগৰ মহম্মদ জুলকাৰনাইন খান আৰু মাহিক ৰইছ দ্বিতীয় স্থানত থাকিল। তৃতীয় স্থানত পুনৰ ফাৰ্মাচীৰ পুষ্কৰ আনন্দ আৰু ৰুদ্ৰ সাহাই স্থান লাভ কৰে।
 
২/ বেটবাজী: উৰ্দু কবিতাৰ এই প্ৰতিযোগিতাত টিম গালিব (ফৈজ আহমেদ, তনবীৰ ইছলাম, নাবিল) বিজয়ী হয়। টিম ইকবাল (মহম্মদ ছমছাদ, মহম্মদ ৰহমতুল্লাহ, এজাজ আহমেদ) দ্বিতীয় আৰু টিম মীৰ তকী মীৰ (শালিক আনছাৰী, কাইফ আহমেদ, আৰীব) তৃতীয় স্থানত থাকে।
 
৩/ প্ৰবন্ধ লিখা প্ৰতিযোগিতা: ফাৰ্মাচীৰ লাইবা ছিদ্দিকী প্ৰথম হয়। আইন বিভাগৰ শ্বেত দ্বিতীয় আৰু ফাৰ্মাচীৰ ছাৰা ছিদ্দিকী তৃতীয় স্থানত থাকে।
 
৪/ পইণ্ট কাউণ্টাৰ পইণ্ট: মেনেজমেণ্ট বিভাগৰ আনুছেহ নাজিৰ প্ৰথম হয়। চাকিৱ খান দ্বিতীয় আৰু মহম্মদ জাইদ তৃতীয় স্থানত থাকে।
 
৫/ স্ব-ৰচিত কবিতা: ইছলামিক ষ্টাডিজৰ ছমছাদ আহমেদে নিজৰ কবিতাৰে সকলোকে চেৰ পেলায়। আৰীবা দ্বিতীয় আৰু আফফান ৰছিদ তৃতীয় স্থানত থাকে।
 
৬/ এক্সটেম্পোৰ: ৰত্নেশ যাদৱে তাৎক্ষণিক ভাষণত জয়লাভ কৰে। তহৰিৰ তনবীৰ দ্বিতীয় আৰু ইশান আলী তৃতীয় স্থানত থাকে।
 
৭/ ইছলামিক কুইজ: মেনেজমেণ্ট বিভাগৰ মহম্মদ আছাদুল্লাহ আবশ্বৰ, চাকিৱ খান আৰু মহম্মদ আৰছালানৰ দলে প্ৰথম স্থান পায়। ছমছাদ আহমেদ আৰু তেওঁৰ দলে দ্বিতীয় স্থান লাভ কৰে।
 
৮/ গল্প: আইন বিভাগৰ শ্বেতে গল্প লিখনত প্ৰথম বঁটা লাভ কৰে। ফ’জিয়া দ্বিতীয় আৰু মৰিয়ম ফিৰাছত তৃতীয় স্থানত থাকে।
 
৯/ নাত: ইছলামিক ষ্টাডিজৰ গোলাম প্ৰথম হয়। আফফান ৰছিদে দ্বিতীয় আৰু মুজফফৰপুৰ নিছাতে তৃতীয় স্থান দখল কৰে।