তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে নিযুক্তি ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক

Story by  atv | Posted by  [email protected] • 55 m ago
তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে নিযুক্তি ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক
তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে নিযুক্তি ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক
 
গুৱাহাটী
 
দীঘলীয়া প্ৰতিবাদৰ অন্ত পেলাই অৱশেষত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্র সমাজ উভয়ে নিৰ্বাচিত কৰিলে এগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্যক। বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বৃহস্পতিবাৰে নিশা ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিৰ্বাচিত কৰা হয়।
 
ইয়াৰ পূৰ্বে একেটা দিনতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাত পলাতক উপাচাৰ্য শম্ভুনাথ সিঙে সম-উপাচাৰ্য হিচাপে গণসংযোগ বিভাগৰ জয়া চক্ৰৱৰ্তীক দায়িত্ব প্ৰদান কৰিছিল আৰু ইয়াৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে৷
 
কিয়নো অভিযোগ মতে, শম্ভুনাথ সিঙৰ আপোন মানুহ আছিল জয়া চক্ৰৱৰ্তী। জয়া চক্ৰৱৰ্তীক দায়িত্ব দিলে পুনৰ বিশ্ববিদ্যালয়খনত সৃষ্টি হ’ব পাৰে অৰাজক পৰিস্থিতিৰ৷ এই অভিযোগ তেজপুৰ বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষক আৰু ছাত্র সমাজৰ৷
 
উল্লেখযোগ্য যে, সেই সিদ্ধান্ত মানি লোৱা নাছিল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ সমাজে৷ ফলত বৃহস্পতিবাৰে নিশাই পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত। পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক মনোনীত কৰে।