গ্রন্থ ৰচনাৰ সমান্তৰালভাৱে পঢ়ুৱৈ সৃষ্টিতো সমানেই মনোযোগ দিব লাগিব: মুখ্যমন্ত্রী

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
মুখ্যমন্ত্ৰী শৰ্মাই গ্ৰন্থমেলাৰ উদ্বোধন সম্বোধন কৰিছে
মুখ্যমন্ত্ৰী শৰ্মাই গ্ৰন্থমেলাৰ উদ্বোধন সম্বোধন কৰিছে
গোলাঘাট

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত প্রথমবাৰৰ বাবে আয়োজন কৰা গোলাঘাট গ্রন্থমেলা আৰু সাহিত্য সমাৰোহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শনিবাৰে অংশগ্রহণ কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গ্রন্থই সমাজক অন্তদৃষ্টি প্রদান কৰে। সাহিত্যিকসকলৰ সৃজনশীল চিন্তা-চেতনাই এখন সমাজক আগুৱাই যোৱাৰ দিশত প্ৰেৰণা যোগায়। সাধাৰণ পাঠকৰ চকুত নপৰা একো একোটা মহত্বপূর্ণ কথাই সাহিত্যিকসকলে কলাসুলভ দৃষ্টিভংগীৰে গ্রন্থৰ মাধ্যমত নিত্য নতুন ৰূপত প্রকাশ কৰে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে আৱহমান কালৰে পৰা মানুহে আহৰণ কৰা জ্ঞান আৰু প্রজ্ঞা গ্ৰন্থৰ মাজত সঞ্চিত হৈ আছে। গ্রন্থ হ'ল জীৱন আৰু জগত সম্পর্কে মানুহৰ সৰ্বপ্ৰকাৰ অভিজ্ঞতাৰ লিপিবদ্ধ বিৱৰণ। সেইবাবে গ্রন্থই প্রতিটো প্ৰজন্মৰ মাজত সৃষ্টিশীল মনৰ উন্মেষ সাধন কৰি মানৱীয় প্রমূল্যবোধ আৰু জ্ঞানদ্বীপ্ত সমাজ গঢ়ি তোলাৰ দিশত বিশেষ ভূমিকা পালন কৰি আহিছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কবে। তেওঁ কয় যে যি মুহূর্তৰ পৰা ভাষাৰ প্ৰয়োগেৰে মানুহে মনৰ ধাৰণা, আৱেগ আৰু জীৱনৰ অভিজ্ঞতাক শৈল্পিক সুষমা আৰু বৌদ্ধিক চমৎকাৰেৰে ব্যক্ত কৰিবলৈ শিকিলে সেই মুহূর্ততেই বিশ্বত সাহিত্যৰ সৃষ্টি হ'ল। গদ্য, কবিতা, নাট, ৰচনা আদি বিভিন্ন আংগিকৰ বিকাশেৰে মানুহে সাহিত্যক আজি এক বিৰাট কলালৈ ৰূপান্তৰ কৰিছে বুলিও তেওঁ কয়। এগৰাকী সাহিত্যিকৰ পৰম দায়িত্ব আৰু কর্তব্যই হৈছে গ্রন্থৰ মাধ্যমেদি বৌদ্ধিক উত্তৰণৰ অংশীদাৰী হোৱা। মুখ্যমন্ত্রীয়ে কয় যে নিজৰ সমাজ, ভাষা, শিল্পকলা, সংস্কৃতি, ঐতিহ্যৰ সৈতে আত্মীয়তা গঢ়ি তুলিব নোৱাৰিলে প্রকৃতাৰ্থত সমাজখনক উদ্বুদ্ধ কৰিব পৰা সাহিত্য সৃষ্টি কৰিব নোৱাৰি।

একবিংশ শতিকাত সাহিত্যৰ লক্ষ্য আৰু উদ্দেশ্য বহু পৰিমাণে সলনি হৈ পৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আধুনিক যুগ হৈছে ঐতিহ্যৰ সৈতে সংপৃক্ত হৈ বিজ্ঞান-প্রযুক্তিৰ আধাৰত ভৱিষ্যতৰ ধ্যান কৰাৰ যুগ। এনে পৰিপ্ৰেক্ষিতত অসমীয়া সাহিত্যিক আৰু পাঠকসকলে বিশ্ব সাহিত্যৰ প্ৰতি দৃষ্টি দিয়াৰ প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া মানুহৰ মনত স্বাভাৱিকতে এক ধাৰণা আছে যে আমাৰ সাহিত্যই বিশ্ব সাহিত্যৰ লগত ফেৰ মাৰিব নোৱাৰে। সেই ধাৰণা শুদ্ধ নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে আঞ্চলিক ভাষাৰ সাহিত্য আৰু সমলসমূহ যে বিশ্ব সাহিত্যৰ সমল হ'ব পাৰে সেই কথা লেটিন আমেৰিকাৰ সাহিত্যিকসকলে প্রমাণ কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে বিংশ শতাব্দীৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে বিশ্বৰ পটভূমিত যিবোৰ সাহিত্যৰ সৃষ্টি হৈছে তাক অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লেখকসকলে দায়বদ্ধতাৰে আগুৱাই আহিব লাগিব। আনহাতে, অসমৰ জনগোষ্ঠীয় উৎকৃষ্ট সাহিত্যসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যিক আৰু পাঠকসকলে জনগোষ্ঠীয় হৃদয়ৰ ভাষাও কাণপাতি শুনিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে জনগোষ্ঠীয় ভাষা-সাহিত্যৰ মাজত সমাহিত হৈ থকা থলুৱা আৰু পাৰস্পৰিক জ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰত নিমগ্ন হ'ব নোৱাৰিলে আমাৰ জাতীয় চৰিত্ৰ পৰিপূৰ্ণ ৰূপত বিকশিত হ'ব নোৱাৰে।

বিজ্ঞান, প্রযুক্তি, বিভিন্ন বিষয়ৰ কিতাপৰ সৈতে পৰিচয় কৰাই দিব লাগিলে অনুবাদ সাহিত্যৰ বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিশ্বৰ ভিন্ন প্ৰান্তত যিবোৰ উৎকৃষ্ট মানৰ গ্রন্থ প্রকাশ হৈছে অথবা যিবোৰে নতুন প্ৰজন্মৰ চিন্তন আৰু মনন জগতক আলোড়িত কৰিছে তেনেবোৰ গ্ৰন্থ অনুবাদৰ যোগেৰে পাঠক সমাজৰ মাজলৈ লৈ যাবলৈও সাহিত্যিকসকলক আহ্বান জনায়। আধুনিক প্রতিযোগিতাত তিষ্ঠি থাকিবলৈ হ'লে গ্রন্থ অধ্যয়নৰ বিকল্প নাই বুলিও তেওঁ কয়। গ্রন্থৰ ইমানবোৰ যোগাত্মক দিশ থকা সত্ত্বেও মানুহৰ মনত কিতাপৰ প্রতি অনুৰাগ কেনেকৈ বঢ়োৱা যায় সি এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ অৱস্থাতে যদি মানুহৰ মনত কিতাপৰ প্রতি আগ্রহ সৃষ্টি কৰা নহয়, তেন্তে পিছলৈ সেই আগ্রহ সৃষ্টি কৰা সম্ভৱ নহয়। পৃথিৱীৰ উন্নত দেশবোৰত মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অবিৰাম চেষ্টা কৰা হয়। কিতাপ কিয় পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে সেইবোৰ কথা শিকাবলৈ নানা কিতাপো লিখা হয় বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ শিশুসকলক অধ্যয়ন পীপাষু কৰি গঢ়ি তুলিবলৈ হ'লে পিতৃ-মাতৃ তথা অভিভাৱকে গৃহত আৰু শিক্ষকসকলে শিক্ষানুষ্ঠানত অবিৰাম প্রয়াস চলাব লাগিব। অভিভাৱক আৰু শিক্ষকসকলক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে নিজৰ সন্তান আৰু ছাত্ৰসকলৰ হাতত গ্রন্থ উপহাৰ দিয়াৰ মানসিকতাৰ সৃষ্টি কৰিব লাগিব। আমাৰ সাহিত্যিক সকলেও শিশু সাহিত্যৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে যেন প্রয়াস চলাবলৈও তেওঁ লগতে আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, বিধায়কসকল ক্রমে মৃণাল শইকীয়া, ভবেন ভৰালী, বিশ্বজিৎ ফুকন, গোলাঘাট পৌৰ সভাৰ সভানেত্রী দুলুমণি বৰবৰা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দীপনে দত্ত, গোলাঘাট গ্রন্থমেলা আৰু সাহিত্য সমাৰোহ উদ্যাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা প্রমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পুনৰনির্মিত গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ মুকলি কৰে। উল্লেখ্য যে গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত নির্মিত এই পুথিভঁৰালটিত ৫০০ জন পাঠক বহিব পৰা ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। অনুষ্ঠানত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্রী অজন্তা নেওগ, বিধায়কসকল ক্রমে মৃণাল শইকীয়া, ভবেন ভৰালী, বিশ্বজিৎ ফুকন প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।