বস্তি অঞ্চলৰ পৰা UPSCলৈ মহম্মদ হুছেইন ছৈয়দৰ সফলতাৰ যাত্ৰা

Story by  atv | Posted by  [email protected] • 10 Months ago
মহম্মদ হুছেইন ছৈয়দ
মহম্মদ হুছেইন ছৈয়দ
 
নতুন দিল্লী

শেহতীয়াকৈ ঘোষণা হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত মুম্বাইৰ এটা বস্তি অঞ্চলৰ এজন মেধাৱী যুৱক উজলি উঠিছে। মুম্বাইৰ ডংগ্ৰীৰ মহম্মদ হুছেইন ছৈয়দ নামৰ ২৭ বছৰীয়া যুৱকজনে ইউ পি এছ চিৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ শ্ৰমিক পিতৃৰ সপোন পূৰণ কৰিছে।
 
স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মহম্মদ হুছেইন ছৈয়দে কয়, "মই কলেজত পঢ়াৰ সময়লৈকে কেতিয়াও আই এ এছৰ কথা শুনা নাছিলোঁ; মই আই এ এছ বিষয়া হোৱাটো মোৰ দেউতাৰ সপোন আছিল।”
 
উল্লেখ্য যে, পঞ্চম প্ৰচেষ্টাত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মহম্মদ হুছেইন ছৈয়দে নিজৰ ৰেংক উন্নত কৰিবলৈ আকৌ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ইচ্ছা ব্যক্ত কৰিছে। বৰ্তমান লাভ কৰা ৰেংকেৰে তেওঁ ভাৰতীয় আৰক্ষী সেৱা বা ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰাৰ সুযোগ পাব যদিও মেধাৱী ছাত্ৰজনে হয়তো আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব।
 
 
ছৈয়দ হুছেইনে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠাত ডংৰিৰ ৱাডি বন্দৰৰ বস্তি অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে। পিতৃ নিৰক্ষৰ যদিও সৰুৰে পৰা মেধাৰ পৰিচয় দি অহা কনিষ্ঠ পুত্ৰ ছৈয়দে আই এ এছ অফিচাৰ হ'ব বুলি সপোন দেখিছিল। তেওঁৰ আন দুজন পুত্ৰই দৈনিক হাজিৰাৰ কাম কৰি আছে।
 
পুত্ৰৰ সাফল্যক লৈ অত্যন্ত গৌৰৱান্বিত আৰু সুখী পিতৃ ৰমজান আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে ছৈয়দ এজন মেধাৱী আৰু অধ্যৱসায়ী ছাত্ৰ।
 
উল্লেখ্য যে, উমেৰখাদীৰ চেণ্ট জোচেফ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ অঞ্জুমান-ই-ইছলামিয়াত উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ এলফিণ্টছন কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। চৈয়দ হুছেইনৰ উপৰিও আয়েশা কাজী (৫৮৬), তাস্কিন খান (৭৩৬) আৰু বুৰহান জামান (৭৬৮)এ হজ হাউচৰ পৰা প্ৰশিক্ষণ লাভ কৰি ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত স্থান দখল কৰিছে।