কৰ্ম সংস্থাপন আৰু মানৱ সম্পদ সৃষ্টিত সফল হৈছে গুৱাহাটীৰ বুঢ়া জামে মছজিদ

Story by  Ariful Islam | Posted by  Munni Begum • 8 Months ago
বুঢ়া জামে মছজিদ আৰু ছাত্ৰাবাসত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰ
বুঢ়া জামে মছজিদ আৰু ছাত্ৰাবাসত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
গুৱাহাটীৰ এতিহ্যমণ্ডিত বুঢ়া জামে মছজিদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ নামাজ আদায়ৰ বাবেহে কেৱল ব্যৱহাৰ হয় বুলি যদি আপুনি ভাবিছে, তেন্তে এয়া আপোনাৰ ভুল ধাৰণা। আমবাৰীত অৱস্থিত শতিকা পুৰণি বুঢ়া জামে মছজিদে এতিয়া কৰ্ম সংস্থাপন আৰু মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰতো সফল হৈছে। শেহতীয়াকৈ অসম চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত বুঢ়া জামে মছজিদ কমিটিয়ে পৰিচালনা কৰা ছাত্ৰাবাসৰ পৰা ১০ জনৰো অধিক ছাত্ৰই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।
 
অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত মেধাৰ ভিত্তিত চাকৰি লাভ কৰা ছাত্ৰসকল হৈছে ক্ৰমে: আনিছুৰ ৰহমান (মহাবিদ্যালয়ৰ অধ্যাপক), বুলবুল ৰহমান (টেট শিক্ষক), শ্বেৰুখ আলম (টেট শিক্ষক), ৰুহুল আমিন (টেট শিক্ষক), চানুৱাৰ হুছেইন (উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষক), আবু তাহেৰ (এল পি স্কুলৰ টেট শিক্ষক), মনচুৰ আহমেদ (টেট শিক্ষক)। ইয়াৰোপৰি, আন দুজন ছাত্ৰই তৃতীয় বৰ্গৰ আৰু এজনে টেট শিক্ষকৰ চাকৰি লাভ কৰিছে। উল্লেখযোগ্য যে, এই মেধাবী ছাত্ৰসকলে বুঢ়া জামে মছজিদৰ চৌহদত থকা ছাত্ৰাবাসটোত অতি নূন্যতম মাছুল দি চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। 
 
ছাত্ৰাবাসৰ ছাত্ৰসকল
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত ছাত্ৰাবাসটোৰ তত্বাৱধায়ক ৰাউফুল হক আলমে কয়; "আমাৰ ছাত্ৰসকলে কষ্ট কৰি পঢ়িছিল। তেওঁলোকে কষ্টৰ ফল পাইছে বাবে মই অতি আনন্দিত হৈছোঁ। কেৱল মাত্ৰ মেধাৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰতো যেন চৰকাৰে এইদৰে নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰে, তাৰেই আশা কৰিছোঁ। মই ছাত্ৰসকলক চোৱাচিতা কৰি থাকোঁ। গতিকে মই নিজেও কষ্টৰ ফল পাইছোঁ বুলিয়ে ভাবিছোঁ। কিন্তু আমাৰ আৰু বহুত ছাত্ৰ আছে, যিসকলে কষ্ট কৰি অধ্যয়ন কৰি আছে। তেওঁলোকেও যাতে একেদৰে সফল হ'ব পাৰে তাৰেই কামনা কৰিছোঁ।"
 
মনকৰিবলগীয়া যে, ধৰ্ম আৰু আধ্যাত্মিকতাৰ উৰ্ধত গৈ বুঢ়া জামে মছজিদ কৰ্তৃপক্ষ মানৱসেৱাৰ ক্ষেত্ৰতো সদায়ে সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে। বিভিন্ন জনকল্যানমূলক কাম-কাজৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনতো তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। 
 
বুঢ়া জামে মছজিদ কমিটিয়ে ২০১৬ চনৰ পৰা মছজিদৰ চৌহদতে দুখীয়া তথা মেধাৱী ছাত্ৰৰ সুবিধাৰ্থে অতি নূন্যতম মাচুলেৰে আৰম্ভ কৰিছিল এই ছাত্ৰাবাসৰ সুবিধা। এই পদক্ষেপেৰে তেওঁলোকে পিছপৰা অঞ্চলসমূহৰ পৰা অহা অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰসকলক উচ্চ শিক্ষাৰ সপোন পূৰণত সহায়ৰ হাত আগবঢ়াইছে।
 
ছাত্ৰাবাসত অধ্যয়ন কৰি থকা মুহূৰ্তত এগৰাকী ছাত্ৰ
 
মছজিদৰ চৌহদত থকা ছাত্ৰাবাসটোত বৰ্তমান ৬২ গৰাকী ছাত্ৰ আছে। ছাত্ৰাবাসটোৰ প্ৰতিটো কোঠাত অধ্যয়নৰ উপযোগী ভাল চকী-মেজ আৰু অন্যান্য সা-সুবিধা থকাৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰো ধ্যান ৰখা হয়। ছাত্ৰাবাসটোত কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী শিক্ষা আদি বিভাগৰ ছাত্ৰ আছে।
 
বুঢ়া জামে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "শিক্ষা অবিহনে সমাজ বা দেশ এখন কেতিয়াও আগবাঢ়িব নোৱাৰে। এই কথা চিন্তা কৰিয়ে আমি বুঢ়া জামে মছজিদৰ চৌহদত এটা ছাত্ৰাবাস নিৰ্মাণ কৰিছো। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দুখীয়া আৰু মেধাবী ছাত্ৰক আমি এই ছাত্ৰাবাসত থকাৰ সুবিধা কৰি দিছোঁ। আমাৰ ফালৰ পৰা যিমান পাৰোঁ সুবিধা দিয়াৰ চেষ্টা কৰিছোঁ। আমি প্ৰতিজন ছাত্ৰৰ পৰা বিদ্যুৎৰ বিল আৰু চোৱা-চিতাৰ বাবদ মাহিলী ৬০০ টকাকৈ লওঁ। যিটো গুৱাহাটীৰ দৰে চহৰ এখনত অতি নূন্যতম মূল্য। ২০১৬ৰ পৰা ২০১৯ চনলৈ মাহিলী মাচুল আমি মাত্ৰ ২০০ টকাকৈ লৈছিলোঁ। আমি ছাত্ৰাবাসটো পৰিচালনা কৰাৰ বাবে এখন সুকীয়া কমিটি গঠন কৰি দিছোঁ। সেই কমিটিয়ে সকলো খোৱা-বোৱাৰ ব্যৱস্থা কৰে। খোৱাৰ বাবেও অতি নূন্যতম মাচুল এটা লোৱা হয়।"
 
সাধাৰণ সম্পাদক নিজামুল হকে পুনৰ কয়, "আমাৰ এই ছাত্ৰাবাসত থকা ছাত্ৰ প্ৰত্যেক বছৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত স্থান পাই আছে। আমাৰ ইয়াত থাকি যোৱা ছাত্ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকো হৈছে। শেহতীয়াকৈ হোজাইৰ পৰা অহা এগৰাকী ছাত্ৰই অৰ্থনীতি বিভাগত গ'ল্ড মেডেলিষ্ট হৈছে। এইবোৰেই আমাৰ প্ৰাপ্তি। গতিকে আমি ছাত্ৰাবাসত ৰখাৰ আগতে চাই লওঁ, ছাত্ৰজন কেৱল দুখীয়া হ'লেই নহ'ব, মেধাৱীও হ'ব লাগিব। আমি পঢ়া-শুনা ভালকৈ কৰিব পৰাকৈ এটা পুথিভঁৰালৰৰো ব্যৱস্থা কৰি দিছোঁ। পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও এই পুথিভঁৰালটোৱে ছাত্ৰসকলৰ মাজত সাধাৰণ জ্ঞানৰ প্ৰতিও আগ্ৰহ বৃদ্ধি কৰিব। ইতিমধ্যে বহু ব্যক্তিয়ে কিতাপ আগবঢ়োৱাৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে"।
 

ছাত্ৰাবাসৰ ভোজনালয়
 
মহাবিদ্যালয় অধ্যাপক হিচাপে নিযুক্তি লাভ কৰা আনিছুৰ ৰহমানে কয়; "মোৰ ঘৰ হোজাইত। মই এই হোষ্টেলত ৫ বছৰ থাকিলো। ইয়াত থাকিয়ে মই কটন বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলো। ইয়াত পঢ়া-শুনাৰ বাবে খুব ধুনীয়া এটা পৰিৱেশ লাভ কৰিছিলোঁ। গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা ছাত্ৰাবাস পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা, য'ত অতি নূন্যতম খৰছতে আমি সকলো সুবিধা পাইছিলোঁ। ইয়াত পুথিভঁৰালৰো ব্যৱস্থা আছে। আমি বাহিৰত পেয়িং গেষ্ট বা ছাত্ৰাবাসত থাকিলে হয়তো এই সুবিধাসমূহ নাপালোঁহেতেন, আৰু বহুত বেছি মাচুল আদায় দিবলগীয়া হ'লহেতেন, যিটো আমাৰ বাবে অসম্ভৱ। যিহেতু ছাত্ৰাবাসটো মছজিদৰ চৌহদতে আছে, গতিকে আমাৰ অভিভাৱকসকলেও নিশ্চিন্ত মনে থাকিব পাৰে।"
 
উল্লেখ্য যে, মুছলমান ছাত্ৰৰ সমান্তৰালকৈ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী হিন্দু ছাত্ৰকো এই ছাত্ৰাৱাসত কম খৰচত থকা-খোৱাৰ সুবিধা কৰি দি বুঢ়া জামে মছজিদ কৰ্তৃপক্ষই মানৱতা আৰু একতা-সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।