শ্ৰীনগৰ
শ্ৰীনগৰৰ নূৰবাগ অঞ্চলৰ বিৰল প্ৰতিভাৱান যুৱতী বাছেৰা মেহৰাজে নিজৰ অসাধাৰণ সাফল্যৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা NEET 2023ত পাৰদৰ্শিতা অৰ্জন কৰাই নহয়, পবিত্ৰ কোৰআন মুখস্থ কৰাৰো কৃতিত্বো লাভ কৰিবলৈ সক্ষম হৈছে। বাছেৰাৰ এই সাফল্যই পৰিয়াল তথা সমগ্ৰ অঞ্চলটোলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে আৰু সকলোৱে তেওঁক ভূয়সী প্ৰশংসা কৰিছে।
তেওঁৰ পিতৃ মেহৰাজ আহমেদে আধ্যাত্মিক ভক্তিৰ সৈতে সংযুক্ত এক শক্তিশালী শৈক্ষিক ভেটিৰ প্ৰয়োজনীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কন্যাৰ ব্যতিক্ৰমী সাফল্যৰ বাবে আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, "আমি গৌৰৱ আৰু সুখেৰে আপ্লুত হৈছো। বাছেৰাৰ পঢ়া-শুনা আৰু ধৰ্মীয় শিক্ষা দুয়োটাৰে প্ৰতি থকা সমৰ্পণ প্ৰশংসনীয়। ই হৈছে ভাৰসাম্যৰ শক্তি আৰু ইয়াৰ দ্বাৰা মুকলি হোৱা সম্ভাৱনাৰ প্ৰমাণ।"
উল্লেখ্য যে, ২০১৯ চনত স্থানীয় মাদ্ৰাছাত পবিত্ৰ কোৰআন মুখস্থ কৰাৰ কাম সম্পূর্ণ কৰি বাছেৰাৰ সফলতাৰ যাত্ৰা আৰম্ভ হৈছিল। এই কৃতিত্বৰ সমান্তৰালকৈ তেওঁ শৈক্ষিক অধ্যয়নো অব্যাহত ৰাখিছিল, যাৰ ফলত NEET 2023 পৰীক্ষাত অসাধাৰণ প্ৰদৰ্শনেৰে শিখৰত উপনীত হ'বলৈ সক্ষম হয়।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথা-বতৰাত বাছেৰাহে ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ শিক্ষাৰ মাজত ভাৰসাম্য বজাই ৰখাৰ গুৰুত্বৰ বিষয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। তেওঁ কয়, "আমাৰ ধৰ্মীয় বিশ্বাসৰ শিক্ষা আৰু বিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা জ্ঞানৰ মাজত এক সমন্বয় বৰ্তাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। দুয়োটা দিশেই ইটোৱে সিটোৰ পৰিপূৰক আৰু ই আমাৰ চৰিত্ৰ আৰু বিশ্ব দৃষ্টিভংগী গঢ় দিয়ে।"
ইফালে, বাছেৰাৰ শিক্ষয়িত্ৰী সুহাইল চেলিমে মেধাৱী ছাত্ৰীগৰাকীৰ শৈক্ষিক দক্ষতা আৰু চৰিত্ৰৰ বিষয়ে কয়, "বাছেৰা এগৰাকী ব্যতিক্ৰমী ছাত্ৰী যিয়ে ধাৰাবাহিকভাৱে পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাইছে। তেওঁৰ নিষ্ঠা আৰু জ্ঞান অৰ্জনৰ প্ৰতি আগ্ৰহ সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণা। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁ আজি নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছে।"
মন কৰিবলগীয়া যে, বাছেৰাৰ চমকপ্ৰদ কৃতিত্বৰ খবৰে কাশ্মীৰৰ শ্ৰীনগৰৰ নূৰবাগ অঞ্চলত আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। তেওঁৰ সফলতাৰ কাহিনী যুৱ প্ৰজন্মৰ বাবে এক আশা আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। বাছেৰাই শৈক্ষিক আৰু আধ্যাত্মিক দুয়োটা দিশতে উৎকৃষ্ট হোৱাৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।