গুৱাহাটী
আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শুকুৰবাৰে পুৱা ১০-৩০ বজাৰ লগে লগে ঘোষণা কৰা হৈছে ফলাফল।ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰিছে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতন জ্যোতিৰ্ময় দাসে। দ্বিতীয় স্থান দখল কৰিছে হাৱাজানৰ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞাই। তৃতীয় স্থান দখল কৰিছে ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ জিয়া ফাৰাহ ইছলামে। চতুৰ্থ স্থান দখল কৰিছে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখটাৰে।
২০২৬ বৰ্ষৰ এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,৩৮,৫৬৫গৰাকী। পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সংখ্যা আছিল ১৮৬৪৬৮ গৰাকী। একেদৰে ছাত্ৰীৰ সংখ্যা আছিল ২৪২৭৮১ গৰাকী। পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা হৈছে ১২৬৩৯৮ গৰাকী।
আনহাতে ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা ১৫৫৩০৩ গৰাকী। ইয়াৰে ৪০৩২৮ গৰাকী ছাত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে ৪৪৮৬১ গৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে ছাত্ৰীত কৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ এইবাৰ অধিক। ৬৭.৭৮ শতাংশ ছাত্ৰ এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।
একেদৰে ৬৩.৯৬ শতাংশ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। সামগ্ৰীকভাৱে এইবাৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ। উল্লেখযোগ্য যে, ২০২৫ বৰ্ষতকৈ তুলনামূলকভাৱে এইবাৰ ২ শতাংশ বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ। ২০২৫ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৬৩. ৯৮ শতাংশ।