এগৰাকী হিন্দু যুৱতীয়ে কিদৰে জয় কৰিলে মৌলানা বদৰুদ্দিন অজমলৰ হৃদয় ?

Story by  Ariful Islam | Posted by  Munni Begum • 3 Months ago
 মৌলানা বদৰুদ্দিন অজমল, মৌলানা নুৰুল আমিন কাছিমীৰ সৈতে অলকানন্দা ভূঞা আৰু পৰিয়ালৰ সদস্য
মৌলানা বদৰুদ্দিন অজমল, মৌলানা নুৰুল আমিন কাছিমীৰ সৈতে অলকানন্দা ভূঞা আৰু পৰিয়ালৰ সদস্য
 
আৰিফুল ইছলাম/গুৱাহাটী
 
সংগীতৰ কোনো পৰিধি নাই,  নাই কোনো ধৰ্ম। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে সাঙুৰি ল'ব পৰা একমাত্ৰ মাধ্যমটোৱে হৈছে সংগীত। সংগীতক হৃদয়েৰে ভালপোৱা এগৰাকী হিন্দু যুৱতীয়ে ইছলাম ধৰ্মৰ অন্যতম ৰছুলৰ নাত আৰু জিকিৰ সুন্দৰকৈ পৰিৱেশন কৰি সমগ্ৰ সংগীতপ্ৰেমীৰ লগতে মৌলানা বদৰুদ্দিন আজমলৰো হৃদয় জয় কৰিছে। যুৱতীগৰাকী হ’ল বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ অলকানন্দা ভূঞা।
 
এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ মন জয় কৰিলে বিশ্বনাথৰ অলকানন্দা ভূঞাই। অলকানন্দা ভূঞাৰ কণ্ঠত সুমধুৰ নাত-এ-ৰছুল শুনি কিছুসময়ৰ বাবে আবেগিক হৈ পৰিল বদৰুদ্দিন আজমল। অলকানন্দা ভূঞাৰ কণ্ঠই মুগ্ধ কৰিলে অভিজ্ঞ ৰাজনৈতিক নেতাজনক। 
 
সোমবাৰে তেজপুৰৰ এক অনুষ্ঠানত মৌলানা বদৰুদ্দিন আজমলে হঠাৎ মৌলানা নুৰুল আমিন কাছিমিক সোধে, তোমাৰ অলকানন্দা ক'ত? তাইক মাতা, মই তাইক এবাৰ লগ পাব বিচাৰোঁ। ততাতৈয়াকৈ অলকানন্দাৰ মাতৃ চিত্ৰলেখা ভূঞা আৰু পিতৃ ড০ দিলীপ ভূঞাক মৌলানা নুৰুল আমিন কাছিমিয়ে খবৰ দিয়ে। তাৰ কিছুসময় পিছতে তেওঁলোকে অলকানন্দাক আজমলৰ ওচৰলৈ লৈ আহে। 
 
পৰিয়ালৰ সৈতে অলকানন্দা ভূঞা
 
মৌলানা বদৰুদ্দিন আজমলৰ অনুগ্ৰহত অলকানন্দাই নাত-এ-ৰছুল গাই শুনালে। অলকানন্দাৰ কন্ঠত নাত শুনি বদৰুদ্দিন আজমলৰ চকুলো নিগৰি আহিল। উক্ত দিনটোত একেলগে নৈশ ভোজন গ্ৰহণ কৰাৰ সময়ত আজমলে অলকানন্দাক ভৱিষ্যতে কি হ'ব বিচৰা বুলি সোধাত তেওঁ কলে ডাক্তৰ হব বিচাৰো। লগে লগে বদৰুদ্দিন আজমলে অলকানন্দাক  AJMAL Super 40 ত বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিলে।
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বার্তালাপত  অলকানন্দা ভূঞাই কয়; "মোৰ বহুতেই ভাল লাগিছে। আচলতে বহু ছাত্ৰ-ছাত্ৰীয়ে চুপাৰ-৪০ পঢ়াৰ বাবে বহু কষ্ট কৰে, যিটো মোক বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। মই বদৰুদ্দিন আজমল চাহাবক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই বৰ্তমানলৈ একো ভৱা নাই। কিন্তু তাত পঢ়িব পাৰিলে মই নিজকে ভাগ্যবান বুলিয়ে বিবেচনা কৰিম। মই যেতিয়া আজমল চাহাবৰ সন্মুখত নাত-এ-ৰছুল গাইছিলো, তেতিয়া কিছুসময়ৰ বাবে তেওঁ আবেগিক হোৱা দেখিছিলোঁ। তেওঁৰ চকু চলচলীয়া হোৱা মই দেখা পাইছিলোঁ।"
 
উক্ত স্থানত উপস্থিত থকা মৌলানা নূৰুল আমিন কাছিমিয়ে কয়; "অলকানন্দা ভূঞাই বহু আগৰ পৰাই নাত-এ-ৰছুল গাই আহিছে। আমি সদৌ অসম ভিত্তিক নাত-এ-ৰছুল প্ৰতিযোগিতা পাতিছিলোঁ। তাত অলকানন্দাই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰে পৰা সমগ্ৰ অসমত মানুহে অলকানন্দা ভূঞাক নাত-এ-ৰছুল গাই বুলি চিনি পোৱা হ'ল। তেওঁলোকৰ ঘৰখনত এটা সুন্দৰ পৰিবেশে বিৰাজ কৰে। কোনো ধৰণৰ জাতিভেদত তেওঁলোকে বিশ্বাস নকৰে।  তেওঁলোকৰ ঘৰখন শিক্ষিত। অলকানন্দা ভূঞাৰ নাত-এ-ৰছুল চাই প্ৰথমতে চিৰাজুদ্দিন আজমলে তেওঁলৈ প্ৰীতি উপহাৰ পঠিয়াইছিল। উপহাৰটোত আছিল আজমল ব্ৰেণ্ডৰ সুগন্ধিৰ এটা ডাঙৰ পেকেট।"
 
প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ সৈতে অলকানন্দা ভূঞা
 
উল্লেখযোগ্য যে, সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী অলকানন্দা ভূঞাই ৫ বছৰ বয়সৰ পৰা গীত গোৱা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ বহু গান শুনিছিল। গীত গোৱা আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লয়। সম্প্ৰতি অলকানন্দাই সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছে। 
 
নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকীয়ে ন-দোৱা সংগীত বিদ্যাপীঠত ক্লাছিকেলৰ প্ৰশিক্ষণ লৈ আছে। তেওঁ বহুকেইগৰাকী গুৰুৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে যদিও জিকিৰৰ ক্ষেত্ৰত গুৰু নুৰুল আৰু ইকৰাম হুছেইনৰ ওচৰত সংগীত শিকি আছে। আন আন গীতৰ ক্ষেত্ৰত প্ৰতুল বৰা আৰু আলক্ষ চক্ৰৱৰ্তীৰ ওচৰত সংগীত শিকি আছে। 
আৰম্ভণিৰ সময়ত অলকানন্দাই জিকিৰ গাবলৈ আৰম্ভ কৰিছিল যদিও নাত গোৱাৰ কথা ভবা নাছিল। সংগীত শিক্ষক ইকৰাম হুছেইনে অলকানন্দাক এন ই পিক্সৰদ্বাৰা আয়োজিত এখন প্ৰতিযোগিতাত নাত পৰিৱেশন কৰিবলৈ আহ্বান জনাইছিল। 
 
তাৰোপৰি, ২০২১ চনত ভাৰত চৰকাৰৰ অধীনত অনুষ্ঠিত স্বাধীনতাৰ অমৃত মহোৎসৱত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত চতিয়াৰ কণ্ঠশিল্পীগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ দখল কৰে। ২০২০ চনত সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়নমুখী অনুষ্ঠান সংস্কাৰে সদৌ অসম ভিত্তিত আয়োজন কৰা 'ভইচ অফ লখিমপুৰ' খিতাপ অৰ্জন কৰে অলকানন্দাই।