তৃপ্তি নাথ/নতুন দিল্লী
শেহতীয়াকৈ নেচনেল ডিফেন্স একাডেমী (এন ডি এ)ৰ শ্ৰেষ্ঠ কেডেট বঁটা আৰু ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক লাভ কৰা আফ্ৰিদ আফ্ৰোজে ভাৰতীয় বায়ুসেনাত আশাব্যঞ্জক কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহেৰে প্ৰস্তুতি চলাইছে।শৈশৱৰে পৰা যুঁজাৰু পাইলট হোৱাৰ সপোন দেখা যুৱকজনৰ এই সপোন এতিয়া বাস্তৱায়িত হ’বলৈ ওলাইছে।
নিজৰ জন্মভূমিক সেৱা কৰাৰ সুযোগ লাভ কৰি আফ্ৰিদ আজি গৌৰবান্বিত।তেওঁৰ মতে সীমান্ত সুৰক্ষিত কৰা আৰু দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়াটোৱেই হৈছে এজন ব্যক্তিয়ে আগবঢ়াব পৰা আটাইতকৈ ডাঙৰ সেৱা।
আফ্ৰিদে ইতিমধ্যে এন ডি এত থকা সময়ছোৱাত ছুপাৰ ডিমোনা নামৰ এখন অষ্ট্ৰিয়ান এয়াৰক্ৰাফ্টত সাতটাকৈ ছৰ্টী লৈছে যদিও যুদ্ধ বিমান চলোৱাৰ অভিজ্ঞতাক অতিশয় ৰোমাঞ্চকৰ বুলি অনুভৱ কৰে।২৩ জুনত হায়দৰাবাদৰ বায়ুসেনা একাডেমীত তেওঁৰ বছৰজোৰা প্ৰশিক্ষণ আৰম্ভ হ'ব।ইয়াৰ বাবে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
উল্লেখ্য যে,ভাৰতীয় বায়ুসেনাত যোগদান কৰা পৰিয়ালটোৰ প্ৰথমজন ব্যক্তি আফ্ৰিদে ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় (আৰ আই এম চি), ডেৰাডুনৰ ১৮৭ সংখ্যক পাঠ্যক্ৰমৰ পৰা আই এ এফত স্থান লাভ কৰা একমাত্ৰ ব্যক্তি হিচাপেও কৃতিত্ব অৰ্জন কৰিছে।এই কৃতিত্বক স্বীকাৰ কৰিলেও তেওঁ ইয়াক অসাধাৰণ বুলি নাভাবে, কাৰণ আৰ আই এম চিত তেওঁৰ সৈতে একেলগে পঢ়া কোনো এজন সতীৰ্থই ভাৰতীয় বায়ুসেনাক বাছি লোৱা নাছিল।
প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় বায়ু সেনাৰ কঠিন চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ হৈ আফ্ৰিদে নিজকে সৌভাগ্যৱান বুলি গণ্য কৰে।চিকিৎসা পৰীক্ষাত তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা যেনে এক্স-ৰে, চকুৰ দৃষ্টিশক্তি, ৰং ধৰিব নোৱাৰা, দন্ত পৰীক্ষা, হৃদস্পন্দনৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা, আৰু ককপিটত প্ৰৱেশৰ বাবে উপযুক্ত আঁঠুৰ সঠিক জোখ আৰু বহা উচ্চতাৰ দৰে শাৰীৰিক বৈশিষ্ট্য আদি অন্তৰ্ভুক্ত কৰা হয়।
৩০ মে’ত এন ডি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা ৩৬৫ গৰাকী কেডেটৰ ভিতৰত ১১৬ গৰাকীয়ে ভাৰতীয় বায়ুসেনাৰ বাবে নিৰ্বাচিত হৈছে।উল্লেখ্য যে, ২৬ মে’ত আফ্ৰিদক শ্ৰেষ্ঠ কেডেট বঁটা লাভ কৰা বুলি ঘোষণা কৰা হয় আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে তেওঁক ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্ৰদান কৰে।
পদকসমূহ সামগ্ৰিকভাৱে যোগ্যতাৰ ক্ৰমৰ ওপৰত ভিত্তি কৰি বিতৰণ কৰা হয়, য’ত শাৰীৰিক প্ৰশিক্ষণ, ড্ৰিল, ইকুইটেচন (ঘোঁৰা চলোৱা), আৰু শৈক্ষিক বিষয়কে ধৰি তিনি বছৰৰ বিভিন্ন কাৰ্য্যকলাপ আৰু অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰখা হয়।
আফ্ৰিদৰ ব্যতিক্ৰমী শৈক্ষিক পাৰদৰ্শিতা, এন ডি এত বি টেক সম্পূৰ্ণ কৰা, আৰু সামগ্ৰিকভাৱে লাভ কৰা উচ্চ গ্ৰেডিঙৰ ফলত তেওঁক ৰাষ্ট্ৰপতিৰ সোণৰ পদকৰ বাবে নিৰ্বাচিত কৰা হয়।শাৰীৰিক প্ৰশিক্ষণ আৰু ইকুইটেচনত পাৰদৰ্শিতা দেখুৱাই তেওঁ শীৰ্ষ পাঁচজন কেডেটৰ ভিতৰত আছিল।
২০১৫ চনৰ জুলাই মাহত ডেৰাডুনত আৰ আই এম চিত যোগদান কৰা আফ্ৰিদে ২০২০ চনৰ অক্টোবৰ মাহত এন ডি এত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হ’বলাগিছিল।এন ডি এত আফ্ৰিদে ইকো স্কোয়াড্ৰনত যোগদান কৰে, য’ত ক্ৰছ কান্টি কাৰ্য্যকলাপ এক পৰম্পৰা আছিল।শাৰীৰিক প্ৰশিক্ষণ, ঘোঁৰা চলোৱা আৰু প’লোৰ প্ৰতি থকা তেওঁৰ নিষ্ঠা আৰু আগ্ৰহৰ বাবে তেওঁ ২ নং বেটেলিয়নত বেটেলিয়ন কেডেট কেপ্তেইনৰ পদবী লাভ কৰে আৰু বায়ুসেনাৰ শ্ৰেষ্ঠ অল-ৰাউণ্ড কেডেট হিচাপে স্বীকৃতি লাভ কৰে।
চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে আফ্ৰিদ আফ্ৰোজ
উল্লেখ্য যে, আফ্ৰিদ এটা শিক্ষিত পৰিয়ালৰ ল’ৰা, তেওঁৰ পিতৃ এগৰাকী অধ্যাপক।চাৰিজন ভাই-ভনীৰ ভিতৰত তেওঁ সৰু, ডাঙৰ ভাতৃদ্বয়ে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আৰু আই টি উদ্যোগত কেৰিয়াৰ গঢ়িছে।স্কুলীয়া দিনবোৰৰ কথা স্মৰণ কৰি আফ্ৰিদে কয় যে বিজ্ঞানৰ সকলো বিষয়তে তেওঁ অত্যন্ত আগ্ৰহী আছিল।
এন ডি এ আৰু আৰ আই এম চিত লাভ কৰা পৰিৱেশৰ বিষয়ে উল্লেখ কৰি আফ্ৰিদে কয় যে ধৰ্মীয়, অৰ্থনৈতিক আৰু আঞ্চলিক বৈষম্য নেওচি কেডেটৰ মাজত ঐক্য আৰু সংহতিৰ ভাৱ বিৰাজ কৰিছিল।ইউনিফৰ্ম পিন্ধাৰ পিছত সকলো সমান আৰু সকলোৱে নিজৰ প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰে। আৰ আই এম চিত থকা সময়ছোৱাত বিভিন্ন ৰাজ্যৰ সহপাঠীসকলৰ সৈতে গঢ় লৈ উঠা শক্তিশালী বন্ধনক তেওঁ এতিয়াও ধুনীয়াকৈ বৰ্তাই ৰাখিছে।
আফ্ৰিডে নাৰ্চাৰীৰ পৰা সপ্তম শ্ৰেণীলৈকে পাটিয়ালাৰ ছেইণ্ট মেৰী স্কুলত পঢ়িছিল, তাৰ পিছত পাটিয়ালাৰ এমি পাব্লিক স্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়িছিল।ইয়াৰ পিছত তেওঁ RIMC ত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰে।আফ্ৰিদে তেওঁৰ চৰিত্ৰ গঠনত আৰু সশস্ত্ৰ বাহিনীত কেৰিয়াৰৰ বাবে প্ৰস্তুতি চলোৱত আৰ আই এম চিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্বীকাৰ কৰে।