খুছৰো ফাউণ্ডেচনৰ উদ্যোগত ড০ এ পি জে আব্দুল কালাম সোঁৱৰণী ৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতা

Story by  atv | Posted by  [email protected] • 11 Months ago
ড০ এ পি জে আব্দুল কালাম
ড০ এ পি জে আব্দুল কালাম
 
নতুন দিল্লী

বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ সোঁৱৰণত নতুন দিল্লীৰ খুছৰো ফাউণ্ডেচনে (Khusro Foundation) এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
 
সংস্থাটোৱে এক বিবৃতিত কয়, "ড০ কালামৰ জীৱন যাত্ৰা আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ আহিছে। তেওঁৰ অদম্য দৃঢ়তা, জ্ঞানৰ অন্বেষণ আৰু উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতাই প্ৰতিজন উচ্চাকাংক্ষী লোকক অনুপ্ৰাণিত কৰে। তেওঁৰ আদৰ্শক জীয়াই ৰাখিবলৈ আমি দেশৰ যুৱ প্ৰজন্মৰ মাজত বিভিন্ন সামাজিক বিষয়ৰ ওপৰত চিন্তাশীল ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছো। দেশৰ সকলো যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতাত অংশ ল'ব পাৰে।"
 
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ৰচনা প্ৰতিযোগিতাত অংশ ল'ব বিচৰাসকল ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁলোকৰ বয়স ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰত হ'ব লাগিব। ৰচনাৰ বিষয়বস্তু হৈছেঃ মোৰ সপোনৰ ভাৰতবৰ্ষত মোৰ ভূমিকা কি ধৰণৰ হ'ব ? (How do I see my role in India of my dreams?) ৰচনা অথবা প্ৰবন্ধটো হিন্দী, উৰ্দু, ইংৰাজী, অসমীয়া বা মাৰাঠী ভাষাত লিখিব পাৰিব।
 
আবেদনৰ নিয়মাৱলীঃ
 
• শব্দৰ সীমা: ১৫০০ৰ পৰা ২০০০ শব্দৰ ভিতৰত।
 
• ৰচনাসমূহ অংশগ্ৰহণকাৰীসকলৰ মৌলিক ৰচনা হ’ব লাগিব।
 
• ৰচনাৰ লগতে লেখকসকলে ৫০০ শব্দৰ ভিতৰত লেখকৰ প্ৰফাইল (About Me)অন্তৰ্ভুক্ত কৰিব লাগে।
 
• লেখকসকলে আবেজনৰ সৈতে নিজৰ ঠিকনা, ফোন নম্বৰ আৰু ই-মেইল অন্তৰ্ভুক্ত কৰিব লাগিব।
 
আবেদনকাৰীয়ে ৰচনাসমূহ www.khusrofoundation.org ত অনলাইনৰ জৰিয়তে অথবা khusrofoundation.del@gmailত প্ৰেৰণ কৰিব পাৰিব।
 
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ীক ৩০,০০০০ টকাৰ নগদ পুৰস্কাৰ আৰু গোল্ডেন স্ক্ৰল অৱ অনাৰ প্ৰদান কৰা হ’ব। একেদৰে, দ্বিতীয় স্থানপ্ৰাপ্তই ২০,০০০ টকাৰ লগতে ছিলভাৰ স্ক্ৰল অৱ অনাৰ লাভ কৰিব। তৃতীয় স্থান লাভ কৰোতাক নগদ ১০,০০০ টকা আৰু ব্ৰঞ্জ স্ক্ৰল অৱ অনাৰ প্ৰদান কৰা হ'ব। উৎকৃষ্টতাৰ প্ৰমাণ পত্ৰ (২৫)ও আগবঢ়োৱা হ'ব। 
 
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পাঁচটা প্ৰবন্ধ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল মিডিয়া www.awazthevoice.in ত প্ৰকাশ পাব। সবিশেষৰ বাবে আগ্ৰহীসকলে খুছৰো ফাউণ্ডেচনৰ আহ্বায়ক (Convenor) ড০ হাফিজুৰ ৰহমানৰ সৈতে 9318431341ত যোগাযোগ কৰিব পাৰে। 
 
উল্লেখ্য যে, দিল্লীত মুখ্য কাৰ্যালয় থকা খুছৰো ফাউণ্ডেশ্যন হৈছে ইছলামৰ সঠিক তথ্যৰ প্ৰচাৰ, ভুল ধাৰণা প্ৰতিহত, আৰু ভুল ধাৰণাসমূহৰ সমাধানৰ বাবে উৎসৰ্গিত এক অ-লাভজনক সংস্থা। উৰ্দু আৰু হিন্দীৰ দৰে ভাষাত উচ্চমানৰ সাহিত্য প্ৰকাশৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক অনুপ্ৰাণিত, একত্ৰিত, আৰু সংঘবদ্ধ কৰি ৰখাটোৱে সংস্থাটোৰ লক্ষ্য। তেওঁলৱোকৰ পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিভিন্ন ধৰ্ম, ধৰ্মীয় প্ৰথা, জাতিগত পটভূমি, আৰু সাংস্কৃতিক পৰিচয়ৰ ব্যক্তিসকলৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি, সহনশীলতা আৰু বুজাবুজি গঢ়ি তোলা।
 
শেহতীয়াকৈ খুছৰো ফাউণ্ডেচনে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব ড০ মহম্মদ বিন আব্দুলকাৰীম আল ইছাক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ সৌভাগ্য অৰ্জন কৰিছে। উদাৰবাদী ইছলামৰ প্ৰখ্যাত সমৰ্থক তথা চৌদি আৰৱৰ ন্যায় বিভাগৰ প্ৰাক্তন মন্ত্ৰী ড০ আল-ইছাই ভাৰতৰ চিন্তাশীল নেতা, শিক্ষাবিদ, আৰু ধৰ্মীয় আৰু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ এক বৈচিত্ৰময় গোটৰ সৈতে গঠনমূলক আলোচনাত মিলিত হয়।
 
খুছৰো ফাউণ্ডচেনৰ বিভিন্ন প্ৰচেষ্টা আৰু পদক্ষেপৰ বিষয়ে অধিক জানিবলৈ তেওঁলোকৰ ৱেবছাইট www.khusrofoundation.org চাব পাৰে।