কৰ্ণাটকৰ বিদ্যালয়, প্ৰাক বিশ্ববিদ্যালয় মহাবিদ্যালয়ত ১০ মিনিটৰ ধ্যান বাধ্যতামূলক

Story by  atv | Posted by  DaulatRahman • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
বেংগালুৰু
 
কৰ্ণাটক চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ বিদ্যালয় আৰু প্ৰাক বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ বাবে ১০ মিনিটৰ ধ্যান অধিবেশন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
 
ৰাজ্যৰ শিক্ষামন্ত্ৰী বি.চি. নাগেশে কয় যে বিদ্যালয়-মহাবিদ্যালয়ত প্ৰতিদিনে ১০ মিনিট ধ্যান অধিবেশন চলোৱাৰ সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে।
একাগ্ৰতা, স্বাস্থ্য, আৰু ভাল চিন্তা বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ উপৰিও ই ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপক কমাবলৈ আৰু বিদ্যালয় আৰু প্ৰাক বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহত মুক্তভাৱে জ্ঞান আহৰণ কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
ৰাজ্যৰ বহু জিলাৰ বিদ্যালয়ত ‘ধ্যান’ অধিবেশন অনুষ্ঠিত কৰা হৈছে। সকলো বিদ্যালয়-মহাবিদ্যালয়তে ১০ মিনিটৰ বাবে ধ্যান ক্লাছৰ অনুমতি দিবলৈ অনুৰোধ জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মিতভাৱে ধ্যান অধিবেশন অনুষ্ঠিত কৰাটো উপযুক্ত। বিদ্যালয় আৰু মহাবিদ্যালয় পৰিচালনা সমিতিয়ে এটা সময় নিৰ্ধাৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে ধ্যান অধিবেশন অনুষ্ঠিত কৰিব লাগে বুলি মন্ত্ৰী নাগেশে উল্লেখ কৰে।
 
প্ৰগতিশীল চিন্তাবিদ আৰু সংখ্যালঘু সংগঠনে শাসকীয় বিজেপিক “শিক্ষাৰ কেশৰীকৰণ” বুলি সমালোচনা কৰি অহাৰ সময়তে এই পদক্ষেপে ক্ষোভৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।