শিক্ষাৰ ক্ষেত্ৰত ৪০ বছৰজোৰা নিস্বাৰ্থ সেৱাৰ বাবে জাহিৰ কাজীলৈ সন্মানীয় পদ্মশ্ৰী বঁটা

Story by  atv | Posted by  [email protected] • 2 Months ago
আঞ্জুমান-ই-ইছলামৰ সভাপতি ড০ জাহিৰ কাজী
আঞ্জুমান-ই-ইছলামৰ সভাপতি ড০ জাহিৰ কাজী
 
মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
 
"নৰেন্দ্ৰ মোদী চৰকাৰে যেতিয়া শাসনৰ দায়িত্বভাৰ লৈছিল, তেতিয়া মুছলমানসকল চিন্তিত হৈ পৰিছিল। অধিকাংশ মুছলমানে আশংকা কৰিছিল যে তেওঁলোক পক্ষপাতিত্বৰ সন্মুখীন হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ আৰম্ভ হ’ব। কিন্তু, মই আপোনালোকক সঁচাকৈয়ে কৈছো যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অঞ্জুমান-ই-ইছলামে কেতিয়াও কোনো ধৰণৰ বৈষম্য বা পক্ষপাতিত্বৰ সন্মুখীন হোৱা নাই। বৰঞ্চ শিক্ষানুষ্ঠান সম্প্ৰসাৰণৰ প্ৰস্তাৱে হওক বা নতুন প্ৰতিষ্ঠানৰ অনুমোদনৰ ক্ষেত্ৰতে হওক, সকলো পৰ্যায়তে আমি চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহায় লাভ কৰিছো। চৰকাৰে সদায় আমাক সমৰ্থন কৰি আহিছে”। মুম্বাইৰ ১৫০ বছৰীয়া প্ৰতিষ্ঠান আঞ্জুমান-ই-ইছলামৰ সভাপতি ডাঃ জাহিৰ কাজীয়ে আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে। 
 
ডাঃ কাজীক অতি সোনকালে শিক্ষাৰ ক্ষেত্ৰত ৪০ বছৰীয়া সেৱাৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হ’ব।  গণৰাজ্য দিৱসত এই সন্মানৰ বাবে আন ৩১ গৰাকী বিশিষ্ট নাগৰিকৰ মাজত তেওঁৰ নাম ঘোষণা কৰা হয়।
 
ডাঃ জাহিৰ কাজী
 
ডাঃ কাজী পেছাত চিকিৎসক যদিও তেওঁ চাৰি দশক শিক্ষাৰ ক্ষেত্ৰতো কাম কৰিছিল। বিগত ১৫ বছৰ ধৰি আঞ্জুমানৰ সৈতে অধিক জড়িত হোৱাৰ বাবে তেওঁৰ হাতত চিকিৎসাৰ বাবে এক চতুৰ্থাংশ সময়হে থাকে।
 
চৰকাৰৰ সৈতে তেওঁৰ প্ৰতিষ্ঠানৰ সম্পৰ্ক সন্দৰ্ভত ডাঃ জাহিৰ কাজীয়ে কয় যে যদি কোনোবাই ইতিবাচক, সহায়কাৰী আৰু আন্তৰিক হয় তেন্তে নিঃসংকোচে স্বীকাৰ কৰিব লাগে। ‘হয়, আমাৰ প্ৰতিষ্ঠানত এক উদ্বিগ্নতাৰ পৰিবেশ সৃষ্টি হৈছিল। এখন সাধাৰণ সভাৰ বৈঠকত মই চৰকাৰৰ লগত কাম কৰিম বুলি এটা প্ৰস্তাৱ অনুমোদন পাইছিলোঁ। এয়া এক ইতিবাচক চিন্তা আছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ প্ৰতিষ্ঠানটোৱে সকলো প্ৰয়োজনীয় সহায় লাভ কৰিলে; আমি কোনো বাধাৰ সন্মুখীন হোৱা নাছিলো। আচলতে আমি আশা কৰাতকৈও অধিক সমৰ্থন পাইছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতি হ’ল কোনোবাই তেওঁক ভোট দিয়ক বা নিদিওক, সকলোকে সমান ব্যৱহাৰ কৰা উচিত।”
 
‘আঞ্জুমান-ই-ইছলামৰ বিৰুদ্ধে কেতিয়াও বৈষম্য কৰা হোৱা নাই, সংগঠনটোৱে পক্ষপাতিত্বৰ সন্মুখীন হোৱা নাই। ব্যৱস্থাটো সম্পূৰ্ণ স্বচ্ছ; কোনো বিশেষ চিন্তা প্ৰক্ৰিয়াৰ সপক্ষে বা বিপক্ষত কোনো পক্ষপাতিত্ব নাই।”-তেওঁ কয়।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ড° জাহিৰ কাজী
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথোপকথোনত ডাঃ জাহিৰ কাজীয়ে কয় যে তেওঁ শিক্ষা আন্দোলনৰ প্ৰতি সদায় আবেগিক আৰু ইয়াৰ অংশ হ’ব বিচাৰে। “বহু চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ মই চিকিৎসা বৃত্তিত ব্যস্ত আছিলো, কিন্তু মই উপলব্ধি কৰিলোঁ যে মই মোৰ সম্প্ৰদায়টোক শিক্ষিত কৰি তেওঁলোকক সঠিক পথ দেখুওৱাটো উচিত হ'ব। এই চিন্তাৰে মই আঞ্জুমান-ই-ইছলামত সদস্য হিচাপে যোগদান কৰিলোঁ। যোৱা ১৫ বছৰ ধৰি মই ইয়াৰ সভাপতি পদত অধিষ্ঠিত হৈ আছো। এটা কথা ক’ব লাগিব, এই কামটো সহজ নহয়; ইয়াৰ বাবে বহু ত্যাগ আৰু সদিচ্ছাৰ প্ৰয়োজন হয়।”
 
১৪৯ বছৰ পূৰ্বে মুম্বাইত অঞ্জুমান-ই-ইছলাম প্ৰতিষ্ঠা কৰিছিল প্ৰগতিশীল মুছলমানৰ এটা সৰু গোটে, যিসকলে সমাজৰ শৈক্ষিক আৰু সামাজিক মৰ্যাদা বৃদ্ধি কৰিব বিচাৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৃতীয় সভাপতি তথা বোম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ড° বদৰুদ্দিন টায়াবজীয়ে এই গোটৰ নেতৃত্ব দিয়ে। বদৰুদ্দিন টায়াবজীৰ জ্যেষ্ঠ ভাতৃ তথা প্ৰথম ভাৰতীয় অধিবক্তা কামাৰুদ্দিন টায়াবজী, ব্যৱসায়ী নখদা মহম্মদ আলী ৰগ্গেও তেওঁৰ সৈতে এই অভিযানত যোগ দিছিল।
 
আঞ্জুমান-ই-ইছলামৰ ছাত্ৰ-ছাত্ৰীৰ এজন বিদেশী পৰ্যটকৰ সৈতে মত বিনিময়
 
আলিগড় মুছলিম বিশ্ববিদ্যালয় (AMU) প্ৰতিষ্ঠা হোৱাৰ এবছৰৰ আগতে ১৮৭৪ চনৰ ২১ ফেব্ৰুৱাৰীত মুম্বাইত প্ৰথম উৰ্দু মাধ্যমৰ বিদ্যালয় আঞ্জুমান-ই-ইছলাম প্ৰতিষ্ঠা কৰা হৈছিল। ছ’চাইটিয়ে তেতিয়াৰ বম্বে প্ৰদেশৰ উমৰখাডীৰ ওচৰৰ বাবুলা টেংকত এখন হাইস্কুল আৰম্ভ কৰিছিল। সেই সময়ত ১২০ জন ছাত্ৰ-ছাত্ৰী নামভৰ্তি হৈছিল আৰু বিদ্যালয়খনত তিনিজন শিক্ষক আছিল।
 
আজি আঞ্জুমান-ই-ইছলামে ৯৭ খন শিক্ষানুষ্ঠান চলাই আছে। ইয়াৰ ভিতৰত আছে-প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, ইউনানী চিকিৎসা মহাবিদ্যালয়, শিক্ষা মহাবিদ্যালয়, বাণিজ্য আৰু অৰ্থনীতি মহাবিদ্যালয়, আইন মহাবিদ্যালয়, ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ, কলেজ অৱ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি, কলেজ অৱ হোম চাইন্স, স্কুল অৱ ফাৰ্মাচি, আৰু স্কুল অৱ আৰ্কিটেক্টছ আদি।
 
ই এটা মুছলমান সংখ্যালঘু প্ৰতিষ্ঠান আৰু ইয়াৰ ১.১০ লাখ ছাত্ৰ-ছাত্ৰী সকলো ধৰ্মীয় সম্প্ৰদায়ৰ। ছ'চাইটীয়ে শিক্ষাৰ মান উন্নত কৰা, ইয়াৰ কাম-কাজত স্বচ্ছতা অনা, আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ই এক বিশ্বমানৰ শৈক্ষিক সমাজসেৱা সংস্থা হিচাপে পৰিগণিত হয়। সংস্থাটোৱে মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত অভিযান্ত্ৰিক, ব্যৱস্থাপনা, ফাৰ্মাচী, স্থাপত্য আৰু কম্পিউটাৰ প্ৰয়োগ (তথ্য প্ৰযুক্তি) অনুষদৰ সৈতে এখন একীকৃত কাৰিকৰী চৌহদ স্থাপন কৰিছে।
 
আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গ্ৰেচেট্টিৰ সৈতে আঞ্জুমান-ই-ইছলামৰ ছাত্ৰ-ছাত্ৰীসকল
 
ইয়াৰ উপৰিও আঞ্জুমান-ই-ইছলামে বিভিন্ন কাৰ্যসূচী চলায় যিবোৰ ১৫টা ভিন্ন ট্ৰাষ্টে পৰিচালনা কৰে। ডাঃ জাহিৰ কাজীয়ে কয় যে কেৱল এটা কাৰ্যালয় স্থাপন কৰিলেই প্ৰতিষ্ঠান এটা স্থাপন কৰা নহয়; ইয়াৰ বাবে এক স্থায়ী চিন্তাৰ প্ৰয়োজন। ইয়াৰ লগত বহু গৱেষণা আৰু পৰিকল্পনা জড়িত হৈ থাকে। 
 
“আমি নিৰপেক্ষ স্বচ্ছতা আৰু পৰিকল্পনাৰে কাম কৰোঁ আৰু সাহায্য পুঁজি বা অনুদানৰে কৰা যিকোনো কামত এইটোৱেই সৰ্বোচ্চ। প্ৰতিষ্ঠানটোক নিৰ্মল আৰু স্বচ্ছ কৰি ৰখাটো প্ৰয়োজনীয়। এই কাৰণেই প্ৰতিবছৰে আঞ্জুমান-ই-ইছলামত নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াক পৰিচালনা কৰাসকলক তেওঁলোকৰ কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত কৰা হয়। আমি কোনো প্ৰজেক্ট অন্ধভাৱে আৰম্ভ নকৰো। যিকোনো নতুন প্ৰকল্প বা পাঠ্যক্ৰমৰ বাবে আমি অঞ্চলটোৰ প্ৰয়োজনীয়তাসমূহ মনত ৰাখোঁ। আজিৰ দিনত আঞ্জুমান-ই-ইছলাম কেৱল মুম্বাইতে সীমাবদ্ধ নহয়, লাহে লাহে আমি আন চহৰলৈ গুচি আহিছো। উত্তৰ ভাৰততো আমাক কেম্পাছ স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই বিষয়টো এতিয়াও বিবেচনাধীন।”-ডাঃ কাজীয়ে কয়।
 
এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হোৱা ঠাইখনত এতিয়া কেন্দ্ৰীয় প্ৰশাসনিক কাৰ্যালয় স্থাপন হৈছে। বাকী তিনি একৰ কেম্পাছত পাঁচখন কলেজ, ইয়াৰে দুখন কেটাৰিং কলেজ, এখন কলেজ অৱ বিজনেছ মেনেজমেণ্ট, এখন কলেজ অৱ হোম চাইন্স, আৰু এখন আইন কলেজ, মহিলাৰ বাবে পলিটেকনিক, এখন জুনিয়ৰ কলেজ, আৰু ইংৰাজী-উৰ্দূ ভাষাৰ দুখন বিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত এটা পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ আছে, য’ত ৫০ হাজাৰ গ্ৰন্থৰ সংগ্ৰহ আছে।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত ডাঃ জাহিৰ কাজীয়ে কয় যে তাত তেওঁ ৪০ বছৰৰ ভিতৰত শিক্ষাৰ প্ৰতি মুছলমানসকলৰ মনোভাৱৰ এক বৃহৎ পৰিৱৰ্তন লক্ষ্য কৰিছে। এই মনোভাৱৰ পৰিৱৰ্তনেই তেওঁৰ আন্দোলনৰ সফলতাৰ কাৰণ। “নহ’লে আমি অধিক প্ৰতিষ্ঠান সৃষ্টি কৰিব নোৱাৰিলোহেঁতেন বা বৰ্তমানৰ প্ৰতিষ্ঠানসমূহ সম্প্ৰসাৰণ কৰিব নোৱাৰিলোহেঁতেন।”
 
ব্ৰিটেইনত ডাঃ জাহিৰ কাজী
 
জাহিৰ কাজীয়ে কয় যে যোৱা দশকত আঞ্জুমান ইছলামৰ সফলতা প্ৰশংসনীয়। কেৱল ভাৰততে নহয় বিদেশতো এই প্ৰতিষ্ঠানটো বিখ্যাত হৈ পৰিছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ বিভিন্ন স্থানত ভাল পদবী দখল কৰি আছে। “এইটো মোৰ সপোন আছিল যিটো বাস্তৱায়িত হৈছে।”-তেওঁ কয়। 
 
আঞ্জুমান-ই-ইছলামে কেম্ব্ৰিজৰ এম আই টি বিশ্ববিদ্যালয়ৰ সৈতে তেওঁলোকৰ পাঁচটা অনুষদ যেনে অভিযান্ত্ৰিক, এম বি এ, ফাৰ্মাচী, আৰু প্ৰাথমিক শিক্ষাৰ বাবে মাৰ্চ মাহত বিনিময় প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।
 
বিনিময় কাৰ্যসূচীৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীসকলক বষ্টনত প্ৰশিক্ষণ দিয়া হ’ব। ৱাশ্বিংটন ডিচিৰ বাল্টিমোৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফাৰ্মাচীৰ সৈতে আঞ্জুমানৰ কালছেকাৰ স্কুল অৱ ফাৰ্মাচী, পানভেলৰ সৈতে সহযোগিতাৰ বাবে আলোচনাত মিলিত হৈছে। 
 
ফিলাডেলফিয়া (আমেৰিকা)ৰ টেম্পল ইউনিভাৰ্চিটিয়ে সমৰ্থনৰ বাবে অঞ্জুমান-ই-ইছলামৰ বেৰিষ্টাৰ এ আৰ আণ্টুলে কলেজ অৱ ল’ৰ কাষ চাপিছে।
 
আঞ্জুমান-ই-ইছলামৰ ৯৭খন শিক্ষানুষ্ঠানত ৭০% মহিলা শিক্ষক আৰু ৪৫% মহিলা ছাত্ৰী আছে। আঞ্জুমানে দাতব্য ট্ৰাষ্ট হিচাপেও কাম কৰে। তেওঁলোকে ছোৱালীৰ বাবে দুখন অনাথ আশ্ৰম পৰিচালনা কৰে। ইয়াৰে এখন মুম্বাইৰ ভাৰ্চোভাত আৰু আনখন পুনেৰ বাণ্ড গাৰ্ডেনত আছে।
 
ডাঃ জাহিৰ কাজীয়ে কয় যে এই প্ৰতিষ্ঠানটোৱে বৰ অশিক্ষিত মহিলাসকলক কাটিং-চিলাই আদিৰ প্ৰশিক্ষণ দিয়ে। এই মহিলাসকলে হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ বাবে মুম্বাই পৌৰ নিগমৰ পৰা ১০ হাজাৰ পতাকাৰ অৰ্ডাৰ লাভ কৰে। লগতে অনুদানৰ জৰিয়তে আৰ্থিকভাৱে দূৰ্বল শিক্ষাৰ্থীসকলক বিনামূলীয়া আৰু ৰাজসাহায্যযুক্ত শিক্ষা প্ৰদান কৰে। এই ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুলৰ পৰা ৫০ৰ পৰা ১০০ শতাংশ ৰেহাই পায়, যাৰ বাবে ধন জাকাত আৰু এটা ইন-হাউছ এনডাউমেণ্ট ফাণ্ডৰ পৰা ব্যৱস্থা কৰা হয়।
 
ডাঃ জাহিৰ কাজীয়ে কয় যে অঞ্জুমান-ই-ইছলামে ১০-১২ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন কেম্পাছ স্থাপন কৰিছে। অতি সোনকালে মুম্বাইৰ বাইকুলাৰ ছাবু ছিদ্দিক কলেজ চৌহদত অত্যাধুনিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব। ইয়াত স্নাতকোত্তৰ আৰু পি এইচ ডি থাকিব। পাঠ্যক্ৰম আৰু লগতে এটা ইনকিউবেচন চেণ্টাৰ।
 
ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ কল্যাণ-ভিৱান্দি বেল্ট বা পঞ্চগণিত এটা বৃহৎ চিকিৎসা শিক্ষা কেম্পাছ স্থাপন কৰা হ’ব। ইয়াত এমবিবিএছ পাঠ্যক্ৰম, এখন ডেন্টেল কলেজ, নাৰ্চিং, ফিজিঅ’থেৰাপি, আৰু এখন হোমিঅ’পেথিক কলেজৰ ব্যৱস্থা কৰা হ’ব।
 
একেদৰে, শোলাপুৰৰ নতুন কেম্পাছত থাকিব ফাৰ্মাচী, আৰু আইন মহাবিদ্যালয়, ছোৱালীৰ বাবে ডিগ্ৰী কলেজ, আৰু এখন হাইস্কুল। ২১ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠানটোৱে ১৫০ বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে ছ’চাইটিয়ে আকৰ্ষণীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিছে আৰু অনুষ্ঠানত এক লাখতকৈ অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণৰ কৰাৰ সম্ভাৱনা আছে। 
 
ডাঃ জাহিৰ কাজীয়ে কয় যে ৱাংখেড়ে বা ব্ৰাবৰ্ণ ষ্টেডিয়ামত মুকলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সম্ভৱতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ কয় যে সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থকাৰ সম্ভাৱনা আছে।