পাছমাণ্ডা ফাউণ্ডেচনৰ ব্যাপক শিক্ষা অভিযান, মেৱাটৰ বাবে ৫টা বৃহৎ পদক্ষেপ

Story by  atv | Posted by  [email protected] • 21 h ago
পাছমাণ্ডা ফাউণ্ডেচনৰ ব্যাপক শিক্ষা অভিযান, মেৱাটৰ বাবে ৫টা বৃহৎ পদক্ষেপ
পাছমাণ্ডা ফাউণ্ডেচনৰ ব্যাপক শিক্ষা অভিযান, মেৱাটৰ বাবে ৫টা বৃহৎ পদক্ষেপ
 
ইউনুছ অল্ভী / ফিৰোজপুৰ ঝিৰকা / মেৱাট (হাৰিয়ানা)

মেৱাটত শিক্ষা সংস্কাৰক নতুন দিশ নিৰ্দেশনা প্ৰদানৰ লগতে পছমাণ্ডা সম্প্ৰদায়ৰ শিশুসকলক মূলসুঁতিত একত্ৰিত কৰাৰ লক্ষ্যৰে পাছমাণ্ডা বিকাশ ফাউণ্ডেচন(PVF)-এ ফিৰোজপুৰ ঝিৰকাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত সমগ্ৰ জিলাখনৰ শ শ মাদ্ৰাছা পৰিচালক, উলেমা, সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। নিটি আয়োগৰ প্ৰতিবেদনত দেশৰ অন্যতম পিছপৰা অঞ্চল হিচাপে তালিকাভুক্ত মেৱাটত শিক্ষাক কিদৰে আন্দোলন হিচাপে আগুৱাই নিব পাৰি আৰু সমাজৰ শিশুসকলক কেনেকৈ আধুনিক আৰু মানসম্পন্ন শিক্ষাৰে সজ্জিত কৰিব পাৰি- এয়াই আছিল অনুষ্ঠানটোৰ মুখ্য বিষয়।
 
বৈঠকত উপস্থিত মাদ্ৰাছা পৰিচালকসকলে স্বীকাৰ কৰে যে মেৱাটৰ জনসাধাৰণে আধুনিক শিক্ষা গ্ৰহণ কৰিব বিচাৰে, কিন্তু সম্পদ, সজাগতা আৰু চৰকাৰী সমৰ্থনৰ অভাৱৰ বাবে অঞ্চলটো পিছপৰা অৱস্থাত আছে। পাছমাণ্ডা বিকাশ ফাউণ্ডেচনৰ সঞ্চালক মেৰাজ ৰাইন আৰু তেওঁৰ দলৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰশংসা কৰি পৰিচালকসকলে কয় যে মেৱাটত শিক্ষা সন্দৰ্ভত যি নতুন চিন্তাধাৰাৰ উন্মেষ ঘটোৱা হৈছে, ইয়ে অনাগত বছৰবোৰত সুনিৰ্দিষ্ট পৰিৱৰ্তন আনিব পাৰে।
 
পাছমাণ্ডা বিকাশ ফাউণ্ডেচনৰ বৈঠকত ভাগ লোৱা বিশিষ্ট ব্যক্তিসকল
 
বৈঠকত বক্তাসকলে উল্লেখ কৰে যে মেৱাটৰ পিছপৰা অৱস্থা দূৰ কৰিবলৈ তালিমী জেহাদৰ ধাৰণা— অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত সামূহিক আৰু সংগঠিত প্ৰচেষ্টাক শক্তিশালীভাৱে আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। তেওঁলোকে কয় যে শিক্ষাই হ’ল মেৱাটৰ সন্তানক দৰিদ্ৰতা, নিবনুৱা সমস্যা, সামাজিক পিছপৰাৰ শিকলিৰ পৰা মুক্ত কৰিব পৰা চাবিকাঠি। এই প্ৰেক্ষাপটত মাদ্ৰাছাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ দ্বাৰা গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ বৃহৎ সংখ্যক শিশুক শিক্ষা প্ৰদান অব্যাহত ৰখা হৈছে।
 
বৈঠকত আয়োজকসকলে প্ৰতিখন মাদ্ৰাছাৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বিশেষভাৱে দাবী জনোৱাৰ লগতে হাৰিয়ানা চৰকাৰৰ পৰা আনুষ্ঠানিক স্বীকৃতি লাভ কৰিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা শিক্ষা ব্যৱস্থাক সুশৃংখলিত কৰাই নহয় আধুনিক আৰু ধৰ্মীয় উভয় শিক্ষাৰ সুষম উপস্থাপন সুনিশ্চিত হ’ব। তেওঁলোকৰ মতে, চৰকাৰেও মাদ্ৰাছা পঞ্জীয়ন কৰাটোও বিচাৰে যাতে শিশুসকলে বহুমুখী শিক্ষা লাভ কৰিব পাৰে আৰু ভৱিষ্যতে প্ৰতিযোগিতা আৰু কৰ্মসংস্থাপনত যাতে পিছ পৰি নাথাকে।
 
বৈঠকত উল্লেখ কৰা হয় যে পাছমণ্ডা বিকাশ ফাউণ্ডেচনে ইতিমধ্যে মেৱাটৰ শ শ গাঁৱৰ হাজাৰ হাজাৰ দৰিদ্ৰ, অনাথ, নিঃস্ব শিশুক শিক্ষামূলক কিট, কিতাপ, কম্পিউটাৰ বিতৰণ কৰিছে। সঞ্চালক মেৰাজ ৰাইনে কয় যে তেওঁলোকৰ মিছন কেৱল কাগজৰ ঘোষণাতে সীমাবদ্ধ নাথাকিব; বৰঞ্চ তেওঁলোকে গাঁৱে গাঁৱে গৈ শিক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিব আৰু শিশুসকলক বিদ্যালয় আৰু আধুনিক শিক্ষাৰ সৈতে সংযোগ কৰাৰ এক ব্যাপক অভিযান আৰম্ভ কৰিব। তেওঁ কয় যে শিশুসকলক যেতিয়ালৈকে শিক্ষাদান কৰা নহয়, তেতিয়ালৈকে মেৱাটৰ অগ্ৰগতি কেৱল সপোন হৈয়ে ৰ’ব।
 
ফিৰোজপুৰ ঝিৰকাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকৰ এটি মুহূৰ্ত
 
শৈক্ষিক জেহাদৰ বাবে পাঁচটা মূল প্ৰস্তাৱঃ মেৱাটত শিক্ষা সংস্কাৰক আন্দোলন হিচাপে আগুৱাই নিয়াৰ বাবে বৈঠকত সৰ্বসন্মতিক্ৰমে পাঁচটা মূল প্ৰস্তাৱ গৃহীত কৰা হয়। এইবোৰক মেৱাটৰ শিক্ষা বিপ্লৱৰ ভেটি বুলি গণ্য কৰা হৈছে-
 
১) ব্যাপক শিক্ষা সজাগতা অভিযানঃ প্ৰতিটো পৰিয়ালে যাতে শিক্ষাৰ গুৰুত্ব বুজি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন গাঁও আৰু গলিত ফাউণ্ডেচনে এক অভিযান চলাব। অভিভাৱকসকলক জনোৱা হ’ব যে শিশুৰ শিক্ষা কেৱল বিদ্যালয়তে সীমাবদ্ধ নহয়; ই তেওঁলোকৰ ভৱিষ্যতৰ ভেটি।
 
২) মাদ্ৰাছাত আধুনিক শিক্ষা আৰু প্ৰযুক্তিগত সুবিধাঃ মেৱাটৰ সকলো মাদ্ৰাছাতে কম্পিউটাৰ শিক্ষা, স্মাৰ্ট ক্লাছৰ সুবিধা আৰু আধুনিক পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব। উদ্দেশ্য- শিশুসকলক ধৰ্মীয় শিক্ষাৰে সজ্জিত কৰাৰ সমান্তৰালভাৱে আধুনিক পৃথিৱীৰ বাবে প্ৰস্তুত কৰা।
 
) স্কুল + ধৰ্মীয় শিক্ষাৰ আৰ্হিঃ বিদ্যালয়ত পঢ়া শিশুসকলক পুৱা বা গধূলি দীনী তালিম(ধৰ্মীয় শিক্ষা)ৰ সৈতে সংযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ দ্বাৰা শিশুসকলে ধৰ্মীয় আৰু আধুনিক শিক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব।
 
পাছমাণ্ডা বিকাশ ফাউণ্ডেচনৰ বৈঠকৰ এটি মুহূৰ্ত
 
৪) মক্তাবৰ পৰা বিদ্যালয়লৈ বিশেষ অভিযানঃ মক্তাবত অধ্যয়ন কৰা শিশুসকলক বিদ্যালয়ৰ শিক্ষাৰ সৈতে সংযোগ কৰাৰ বাবে এক লক্ষ্যভিত্তিক অভিযান আৰম্ভ কৰা হ’ব। ইয়াৰ ফলত ড্ৰপ আউটৰ হাৰ হ্ৰাস পাব আৰু শিশুসকলে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত যোগদান কৰিব পাৰিব।
 
৫) "পাছমাণ্ডা মডেল মাদ্ৰাছা" স্থাপনঃ নুহ জিলাত আধুনিক প্ৰযুক্তি আৰু হোষ্টেলৰ সুবিধাৰে সজ্জিত পাছমাণ্ডা মডেল মাদ্ৰাছা (আৱাসিক চৌহদ) নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে দৰিদ্ৰ, অনাথ, নিবনুৱা আৰু আৰ্ত শিশুসকলক আধুনিক আৰু ধৰ্মীয় শিক্ষাৰ একেলগে প্ৰদান কৰা হ’ব।
 
বৈঠকৰ শেষত সৰ্বসন্মতিক্ৰমে সহমতত উপনীত হয় যে এই পাঁচটা প্ৰস্তাৱ মেৱাটৰ শিক্ষাৰ উন্নতিৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হ’ব। এই পৰিকল্পনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰা হ’ব বুলি ফাউণ্ডেচনে ঘোষণা কৰে। বৈঠকত মৌলানা জাহিদ আলম মাজাহিৰী, চৈয়দ ফৰ্ৰুখ শ্বেৰ, আশ্ৰফ খান, মহম্মদ মুশ্বাৰফ, সাংবাদিক জাফৰউদ্দিন ঘুমল, হাফিজ ছিদ্দিক কাছমী, জুহেইৰ কাছমী, জাকিৰ হুছেইন, কিফায়াতুল্লা, নদীম খানকে ধৰি শতাধিক উলেমা আৰু মাদ্ৰাছা পৰিচালক উপস্থিত থাকে।