ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰৰ প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ

Story by  atv | Posted by  DaulatRahman • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰৰ প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰীয়ে সোমবাৰে তিনিচুকীয়াৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰে।
 
ৰেগিঙৰ কাণ্ডটো চৰ্চালৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছিল চেট্ৰি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰ-ছাত্ৰীক ৰেগিং কৰা জঘন্য কাম-কাজত চেত্ৰী জড়িত থকাৰ অভিযোগ। ইউনিভাৰ্চিটি হোষ্টেলত ৰেগিং এৰাই চলিবলৈ গৈ এজন ছাত্ৰ আনন্দ শৰ্মাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ অহাৰ ছয় দিনৰ পাছতো চেত্ৰীয়ে আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থাকিল।
 
উল্লেখযোগ্য যে ৰাহুল চেত্ৰীয়ে আত্মসমৰ্পণৰ পূৰ্বে থানাত এখন পত্ৰ দাখিল কৰি উল্লেখ কৰে যে তেওঁ কোনো কাৰণতে এই ঘটনাৰ সৈতে জড়িত নহয়। মৃত্যুৰ ভাবুকি পোৱাৰ বাবেই তেওঁ আত্মগোপন কৰিছিল আৰু সেয়েহে ভয়ত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা পলায়ন কৰিছিল।
"অসমৰ ৰাইজৰ আগত ২৪ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ঘটনাৰ বাবে মই অনুশোচনা কৰিছো আৰু মোৰ ভাতৃ আনন্দ শৰ্মাৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছো। ৰেগিং কাণ্ডৰ সৈতে মোৰ কোনো কাৰণতে সম্পৰ্ক নাই। মোৰ নামটো এই ঘটনাৰ মাজলৈ টানি অনা হৈছে। .মই অত্যন্ত স্তম্ভিত হৈছো।"-ৰাজু চেত্ৰীয়ে কয়।
ইয়াত উল্লেখ কৰা প্ৰয়োজন যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত জড়িত বুলি অভিযোগ উত্থাপন কৰা আৰু এজন অভিযুক্তই ৪ ডিচেম্বৰৰ পুৱা আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। অভিযুক্তৰ নাম কল্যাণ দত্ত।