মাজুলী সংস্কৃতি বিশ্ববিদ্যালয়ৰ ভিচি হিচাপে শপত গ্ৰহণ অধ্যাপক নিৰোদ বৰুৱাই

Story by  atv | Posted by  [email protected] • 1 Years ago
মাজুলী সংস্কৃতি বিশ্ববিদ্যালয়ৰ ভিচি হিচাপে শপত গ্ৰহণ অধ্যাপক নিৰোদ বৰুৱাই
মাজুলী সংস্কৃতি বিশ্ববিদ্যালয়ৰ ভিচি হিচাপে শপত গ্ৰহণ অধ্যাপক নিৰোদ বৰুৱাই
গুৱাহাটী
 
অধ্যাপক নিৰোদ বৰুৱাই বুধবাৰে মাজুলী সংস্কৃতি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (ভিচি) হিচাপে শপত গ্ৰহণ কৰে।
 
গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শপত গ্ৰহণ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি অসমৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
 
ইপিনে, টুইটাৰৰ জৰিয়তে শপত গ্ৰহণৰ বিষয়ে অৱগত কৰি জগদীশ মুখীয়ে কয়, “আজি ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মাজুলী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক নিৰোদ বৰুৱাক শপত গ্ৰহণ কৰি সুখী হৈছো।”
তেওঁ আৰু টুইট কৰি কয় যে, "তেওঁৰ নতুন প্ৰচেষ্টাৰ বাবে মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো। মই নিশ্চিত যে, তেওঁৰ প্ৰভাৱশালী শৈক্ষিক পটভূমি আৰু প্ৰশাসনিক বিশেষজ্ঞতাই বিশ্ববিদ্যালয়খনক মহিমাময় ভাৱে ফুলি উঠিবলৈ সহায় কৰিব।"