প্ৰতিভা সৃষ্টিৰ বাবে ৰাজস্থানৰ কোটাৰ ক্ল'ন এতিয়া অসমত

Story by  atv | Posted by  Munni Begum • 6 Months ago
হোজাইস্থিত আজমল চুপাৰ ৪০
হোজাইস্থিত আজমল চুপাৰ ৪০
 
ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম / হোজাই
 
মধ্য অসমৰ নগাঁও আৰু ডিমা হাচাওৰ মাজত অৱস্থিত হোজাই জিলা এসময়ত সুগন্ধি থকা অগৰু কাঠৰ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। আনহাতে, কলকাতা আৰু অসমৰ ৰাজধানী চহৰ গুৱাহাটী সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ শৈক্ষিক কেন্দ্ৰ হিচাপে পৰিচিত আছিল।
 
কিন্তু বৰ্তমানৰ ছবি ব্যতিক্ৰম। উচ্চকাংক্ষী NEET, JEE, CEE, অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে হোজাই হৈছে উত্তৰ-পূৱ ভাৰতৰ কোটা। কেৱল অসমেই নহয়, পশ্চিম বংগ, ছিকিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন সকলো ৰাজ্যৰ পৰাও মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ৰাজস্থানৰ কোটাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহাসকলৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ হোজাইলৈ আহে। আৱাজ-দ্য ভইচৰ এটা দলে হোজাইলৈ গৈ দেখিছিল যে, মনত বহু আশা লৈ তাত পঢ়ি থকা প্ৰত্যেক দ্বিতীয়জন ছাত্ৰ-ছাত্ৰী গুৱাহাটী বা কলকাতাৰ।
 
 
এই কৃতিত্বৰ বাবে ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ যমুনামুখ বিধানসভা সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলকে ধৰি আঁটৰ (সুগন্ধি) ব্যৱসায়ৰ বাবে পৰিচিত আজমল পৰিয়ালক প্ৰশংসা কৰিব লাগিব। আজমল পৰিয়ালে 'আজমল ফাউণ্ডেচন' নামেৰে এটা স্বেচ্ছাসেৱী সংস্থা পৰিচালনা কৰে। এই সংস্থাটোৱে হোজাইক শিক্ষাৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ সক্ষম হৈছে।  ডিমাছা শাসকসকলে সেই ঠাইৰ নাম হোজাই ৰাখিছিল।  হোজাইৰ অৰ্থ ডিমাছা ভাষাত পুৰোহিত বা পুৰোহিত থকা ঠাই। সেই সময়ত হোজাইত পুৰোহিতসকল বাস কৰিছিল। কিন্তু আজি সেই ঠাইৰ পৰা আজমল ফাউণ্ডেচনে বিজ্ঞান আৰু আধুনিক শিক্ষাৰ পুৰোহিত তৈয়াৰ কৰি আছে।
 
হোজাইৰ আজমল ফাউণ্ডেছনৰ শিক্ষা সাম্ৰাজ্যত  কেৱল প্ৰতিযোগিতা মূলক পৰীক্ষাত অন্যতম সফল প্ৰতিষ্ঠান আজমল চুপাৰ ৪০ নামৰ কনিষ্ঠ মহাবিদ্যালয় আৰু কোচিং ইনষ্টিটিউটে নহয়, সমগ্ৰ হোজাইত আজমল আৱাসিক বিদ্যালয়, মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়, নাজিৰ আজমল শিক্ষা মহাবিদ্যালয়, আজমল আইন মহাবিদ্যালয়, আজমল আই এ এছ একাডেমী আদি কেইবাখনো উন্নত মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান আছে। সকলো প্ৰতিষ্ঠানেই আৱাসিক, য'ত আধুনিক শিক্ষা প্ৰদান কৰা হয়। লগতে শাৰীৰিক অধ্যয়ন আৰু খেলা-ধূলাৰো ব্যৱস্থা আছে।
 
আজমল ছুপাৰ৪০ ৰ ছাত্ৰ ৰিজৱান আহমেদ
 
এই সকলোবোৰ আৰম্ভ হৈছিল ২০০০ দশকৰ আৰম্ভণিতে, যেতিয়া আজমল পৰিয়ালে হোজাইত মাৰ্কাজুল মা’আৰিফ স্কুল আৰু আজমল হাস্পতাল আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০০৫ চনত অভাৱগ্ৰস্ত লোকৰ বাবে শিক্ষা খণ্ডত কাম কৰাৰ লক্ষ্যৰে আজমল ফাউণ্ডেচন গঠন কৰা হয়। ফাউণ্ডেচনৰ প্ৰথম পদক্ষেপ আছিল অভাৱগ্ৰস্ত মহিলাসকলৰ বাবে এখন মহাবিদ্যালয় স্থাপন কৰা।
 
"২০০৫ চনত আজমল ফাউণ্ডেচনত যোগদান কৰাৰ সময়ত মৌলানা বদৰুদ্দিন আজমলে আমাক কৈছিল যে তেওঁ হোজাইক শিক্ষাৰ কেন্দ্ৰ হিচাপে চাব বিচাৰে। কেৱল মাৰ্কাজুল মা’আৰিফ স্কুলখনক লৈ তেওঁৰ সপোন পূৰণ কৰাটো আমাৰ কল্পনাৰ বাহিৰত আছিল। আমাৰ যাত্ৰা আৰম্ভ হৈছিল উচ্চ শিক্ষাৰ খৰচ বহন কৰিব নোৱৰা মহিলাসকলৰ বাবে মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয় স্থাপনৰ পৰা।  কিন্তু, এই ব্যক্তিগৰাকীৰ দূৰদৰ্শিতাৰ শলাগ ল’ব লাগিব। প্ৰায় এটা দশকৰ ভিতৰতে প্ৰকৃততে হোজাই কেৱল অসমৰ বাবেই নহয়, দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ই আমাক অতি আনন্দ দিয়ে আৰু অধিক কৰিবলৈ প্ৰেৰণা দিয়ে। আমাৰ পৰৱৰ্তী লক্ষ্য অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবে মৰিয়াম আজমল মহিলা বিশ্ববিদ্যালয় আৰু পুৰুষৰ বাবে আজমল বিশ্ববিদ্যালয় স্থাপন কৰা," আজমল ফাউণ্ডেচনৰ পৰিচালক ড০ খছৰুল ইছলামে এইদৰে কয়।
 
আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খাছৰুল ইছলাম
 
প্ৰতিবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত আজমল ফাউণ্ডেচনে উৎসৱৰ দৰে উদযাপন কৰে। এই সফলতাৰ আঁৰৰ ৰহস্য হ’ল, আজমল ফাউণ্ডেছনৰ যিকোনো শিক্ষানুষ্ঠানৰ চৌহদত মোবাইল ফোন ব্যৱহাৰৰ ওপৰত থকা নিষেধাজ্ঞা। জৰুৰীকালীন অৱস্থা নহ’লে ছাত্ৰ-ছাত্ৰীসকলে সপ্তাহত দুবাৰকৈহে পৰিয়ালৰ সৈতে ফোনত কথা পাতিব পাৰে। সকলো কেম্পাছতে কেৱল শৈক্ষিক পৰিৱেশহে বিৰাজ কৰে।
 
আজমল ছুপাৰ ৪০ৰ মুৰব্বী আব্দুল কাদিৰে আৱাজ-দ্য ভইচৰ আগত কয়: "আমি ফলাফল পাওঁ, কাৰণ আমি আমাৰ চৌহদত এনে এক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিছো য'ত ছাত্ৰ-ছাত্ৰীসকলে কেৱল অধ্যয়নহে কৰে। পূৱ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ-ছাত্ৰী নিজৰ শৈক্ষিক কেৰিয়াৰ গঢ় দিবলৈ ইয়ালৈ আহে। যোৱা বছৰ আমি ২১ হাজাৰ প্ৰাৰ্থীৰ পৰা আবেদন লাভ কৰিছিলো। কিন্তু আমাৰ সীমিত আন্তঃগাঁথনিত আমি মাত্ৰ প্ৰায় ১৫০০ জনকহে ঠাই দিব পাৰিলোঁ। আজমল ছুপাৰ ৪০ৰ গঠনত এতিয়া অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী আছে আৰু প্ৰায় ৩০০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আমাৰ চৌহদসমূহক সম্পূৰ্ণৰূপে শৈক্ষিক কৰি তোলাৰ এটা প্ৰধান কাৰক হ’ল এই সকলোবোৰ আৱাসিক। আমি কোনো ইলেক্ট্ৰনিক ডিভাইচ যেনে মোবাইল ফোন, আমাৰ কেম্পাছত অনুমতি নিদিওঁ। দিনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ক্লাছত উপস্থিত থাকে আৰু সন্ধিয়া স্ব-অধ্যয়নৰ সময়। সকলোৰে অধ্যয়ন কৰাটো নিশ্চিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আমি অহৰহ নিৰীক্ষণ কৰোঁ।"
 
হোজাইস্থিত আজমল চুপাৰ ৪০ৰ চৌহদ
 
আজমল ছুপাৰ ৪০ ২০১৬ চনত ৪০ জন অৰ্থনৈতিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে আৰম্ভ হৈছিল আৰু মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰশিক্ষণৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা প্ৰদান কৰিছিল।  প্ৰথম বছৰতে ইয়াৰ ছাত্ৰ অমৰ সিং থাপাই অসমৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান পৰীক্ষাত শীৰ্ষস্থান দখলেৰে  সফলতা অৰ্জন কৰিলে। এই ফলাফলে প্ৰতিষ্ঠানটোক ৰাজ্যখনৰ লগতে অঞ্চলটোৰ শৈক্ষিক মহলত তৎক্ষণাত জনপ্ৰিয় কৰি তুলিছিল। অধিক ছাত্ৰ-ছাত্ৰীৰ আবেদন  দ্ৰুতগতিত লাভ কৰিব লোৱাত আজমল ফাউণ্ডেচনে ৪০ জন ল’ৰা আৰু ৪০ জনী ছোৱালীলৈ বৃদ্ধি কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত বহু অভিভাৱকে ফাউণ্ডেচনৰ প্ৰতিষ্ঠানত মাচুল দি হলেও নিজৰ লৰা-ছোৱালীক পঢ়ুৱাবলৈ আগ্ৰহী হ'ল। তেতিয়াৰ পৰাই প্ৰতিষ্ঠানটোৱে অহৰহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত সফল পৰীক্ষাৰ্থী তৈয়াৰ কৰি আহিছে।
 
“মই আন কলেজৰ সলনি আজমল ছুপাৰ ৪০ক বাছি লৈছো, কাৰণ ইয়াৰ ছাত্ৰ জীৱনৰ অনুশাসনটোৱে সফলতাৰ মূল চাবিকাঠি। কেৱল অতি উচ্চ, যোগ্য আৰু দক্ষ শিক্ষকে আমাক পঢ়োৱাই নহয়, আমাৰ স্ব-অধ্যয়নতো অহৰহ নিৰীক্ষণ কৰা হয়," ডাক্তৰ হোৱাৰ লক্ষ্যৰে আজমল ছুপাৰ ৪০ ত অধ্যয়ন কৰি থকা হোজাই জিলাৰ ডবকাৰ বিজয় সিঙাই কয়।
 
আজমল চুপাৰ ৪০ ৰ শ্ৰেণীৰ কোঠা
 
"আজমল ছুপাৰ ৪০ এনে এখন ঠাই য’ত পঢ়া-শুনাৰ বাবে যথেষ্ট প্ৰেৰণা পোৱা যায়। ইয়াৰ অধ্যয়ন আৰু মক টেষ্ট অতি উপযোগী," কাৰ্বি আংলঙৰ বোকাজানৰ ডেভিদে কয়। তেওঁ আৰু কয় যে প্ৰতিষ্ঠানখনৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীৰ দৰেই নীটত ৭২০ নম্বৰৰো অধিক লাভ কৰিবলৈ তেওঁ লক্ষ্য লৈছে।
 
“দশম শ্ৰেণীৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীলৈ পৰিৱৰ্তনৰ মাজত এক বৃহৎ ব্যৱধান আছে। কিন্তু আজমল ছুপাৰ ৪০ ৰ শিক্ষক  অতি দক্ষ, যিয়ে ইমান সহজে ব্যৱধানটো দূৰ কৰে যে ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমৰ লগত খাপ খুৱাবলৈ প্ৰথম ৩-৪ মাহ হেৰুৱাব নালাগে," নগাঁও জিলাৰ জুৰিয়াৰ ৰিজৱান আহমেদে কয়।
 
কোটাৰ দৰে অশুভ পৰিঘটনা ৰোধ কৰিবলৈ আজমল ছুপাৰ ৪০ য়ে বিশেষ গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াবা পৰীক্ষাত যদি বেয়া কৰে প্ৰচণ্ড মানসিক চাপত ভোগে, যাৰ পৰিণতিত আত্মহত্যা পৰ্যন্ত কৰা দেখা যায়। কিন্তু আজমল ছুপাৰ ৪০ য়ে ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি অহৰহ নিৰীক্ষণ কৰিবলৈ আৰু মানসিক চাপমুক্ত কৰি ৰাখিবলৈ মানসিক পৰামৰ্শদাতাকো জড়িত কৰিছে।