চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰ ইঞ্জিনীয়াৰিং-মেডিকেলত নামভৰ্তিৰ বাবে ৫ শতাংশকৈ আসন সংৰক্ষণ

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
তিনিচুকীয়া চহৰৰ বাইপাছস্থিত কনভেনচন চেণ্টাৰত শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই তেওঁৰ চৰকাৰে ৰাজ্যৰ জিলা সদৰসমূহত কেবিনেট অনুষ্ঠিত কৰাৰ এক পৰম্পৰা গঢ়ি তোলা বুলি উল্লেখ কৰি সেইমর্মে  তিনিচুকীয়া জিলা সদৰত অনুষ্ঠিত কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা বুলি মন্তব্য কৰে। 
 
কেবিনেটৰ সিদ্ধান্তসমূহ তেওঁ উল্লেখ কৰি কয় যে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা দৰিদ্ৰ পৰিয়ালৰ শিক্ষার্থী উপকৃত হোৱাকৈ সপ্তম শ্রেণীৰ পৰা একাদিক্রমে দ্বাদশ শ্রেণী উত্তীর্ণ ছাত্র-ছাত্ৰীৰ বিপৰীতে ইঞ্জিনীয়াৰিং আৰু মেডিকেল কলেজত নামভৰ্তিৰ বাবে ৫ শতাংশকৈ আসন সংৰক্ষণত আজিৰ কেবিনেটে অনুমোদন জনোৱা বুলি কয়। 
 
সেইদৰে উদ্যোগীকৰণৰ দিশত ৪৩৮ কোটি টকা ধার্য কৰি তিনিটা প্রকল্পৰ অনুমোদন জনোৱা হয়। ইয়াৰে কাজিৰঙাত টাটা কোম্পানীৰ দ্বাৰা তাজ হোটেল আৰু ৰেডিচনে গুবাহাটীত এখন হোটেল নির্মাণ কৰিব। আনহাতে বঙাইগাঁও জিলাত ভাগ্যশ্রী উদ্যোগ নামৰ এটা কোম্পানীয়ে বেম্ব' ক্রেছ বেৰিয়াৰ নিৰ্মাণৰ উদ্যোগ স্থাপন কৰিব। এই উদ্যোগসমূহত ১,৪০০ নিবনুৱাই সংস্থাপন পাব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। 
 
কেবিনেটে প্রথমবাৰৰ বাবে কৰ্প'ৰেট ৰেছপনছিবিলিটি অথৰিটী নামেৰে এটা প্ৰাধিকৰণ সৃষ্টি কৰি চি এছ আৰ ফাণ্ডৰ বিনিয়োগ বৃদ্ধিৰ লক্ষ্য লৈছে। এগৰাকী ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়াক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে এই প্ৰাধিকৰণৰ দায়িত্ব ন্যস্ত কৰাৰ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰে। 
 
সেইদৰে অসম চাহ নিগমৰ চাহ বাগিচাসমূহৰ প্রভিডেন্ট ফাণ্ডলৈ এশ কোটিৰ অনুমোদন, পূৰ্বৰ বিভিন্ন শ্রেণীভুক্ত মাটি পাঁচটা শ্রেণীত অন্তর্ভুক্ত, মিছন বসুন্ধৰা-দ্বিতীয়ৰ অধীনত ৪,৪৪৪ গৰাকীক মাটিৰ পট্টা, ৰাজ্য চৰকাৰৰ চতুৰ্থবৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীলৈ ৰেচন কার্ড আৰু আয়ুষ্মান কাৰ্ডৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়।