গুৱাহাটী
শৈক্ষিক কেলেণ্ডাৰ মৰ্মে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত প্রথম গোট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱৰা হেতুকে গুণোৎসৱৰ নম্বৰকেই এই পৰীক্ষাৰ নম্বৰ হিচাপে গণ্য কৰা হ'ব। ৰাজ্যৰ প্ৰাথমিক শিক্ষা সচিবে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰিছে।
অসম প্রাথমিক শিক্ষক সম্মিলনীৰ স্মাৰক পত্ৰৰ ভিত্তিত আৰু শিক্ষা মন্ত্ৰীৰ অনুমোদন সাপেক্ষে প্রাথমিক শিক্ষা বিভাগে এই সিদ্ধান্ত গ্রহণ কৰিছে।
উল্লেখযোগ্য যে গুণোৎসৱৰ বাবে এইবেলি ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত যথাসময়ত প্রথম গোট পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল। আন কথাত গুণোৎসৱৰ বাবে পিচুৱাব লগীয়া হৈছে প্ৰথম গোট পৰীক্ষা।
শেহতীয়াকৈ ৰাজ্যত বানৰ তাণ্ডৱ আৰম্ভ হোৱাত প্ৰাথমিক বিদ্যালয়সমূহত প্রথম গোট পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিবেশো বিঘ্নিত হৈছে। এনে পৰিস্থিতিত গুণোৎসৱৰ নম্বৰকেই প্রথম গোট পৰীক্ষাৰ নম্বৰ হিচাপে গণ্য কৰিবলৈ প্ৰাথমিক শিক্ষা বিভাগে নির্দেশ দিয়াত শিক্ষকসকলেও সকাহ পাইছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood