গুৱাহাটী
যোৰহাটত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু ভাৰতৰ অষ্টমখন পুৰণি কাৰিকৰী শিক্ষানুষ্ঠান এইচ.আৰ.এইচ দ্য প্রিন্স অৱ ৱেলচ্ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী (সংক্ষেপে পাৱেট)ৰ চিভিল, মেকানিকেল আৰু মেকানিকেল (অটোমোবাইল) ইঞ্জিনিয়াৰিং বিভাগলৈ ৰাষ্ট্ৰীয় মান্যতা পৰিষদ, সংক্ষেপে 'এন.বি.এ'ই দ্বিতীয়বাৰৰ বাবে আন্তর্জাতিক মানদণ্ডৰ কাৰিকৰী শিক্ষানুষ্ঠানৰ মৰ্যাদা প্ৰদান কৰিছে।
প্রতিষ্ঠানখনক দিয়া এই মান্যতাৰ ফলত ইয়াৰ পৰা উত্তীৰ্ণ হৈ ওলোৱা নিৰ্দিষ্ট বিভাগসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ যিকোনো ঠাইত কৰ্মসংস্থাপন পোৱাত আৰু চাকৰি স্থায়ীকৰণ হোৱাত সহায় হ'ব। উল্লেখ্য যে, তিনি বছৰ আগতে পাৱেটৰ চিভিল, মেকানিকেল, মেকানিকেল (অটোমোবাইল) আৰু ইলেকট্রিকেল ইঞ্জিনিয়াৰিং বিভাগলৈ তিনিটা বছৰৰ (২০১৯ – ২০২২) বাবে ৰাষ্ট্ৰীয় মান্যতা পৰিষদে উচ্চ মানদণ্ডৰ কাৰিকৰী শিক্ষানুষ্ঠানৰূপে স্বীকৃতি প্ৰদান কৰিছিল।
সেই স্বীকৃতি আছিল অসমৰ ২৫ খন তিনি বছৰীয়া অভিযান্ত্ৰিক পাঠ্যক্রম শিক্ষানুষ্ঠানসমূহৰ মাজত প্ৰথম আৰু একমাত্ৰ শিক্ষানুষ্ঠানৰ স্বীকৃতি। সেই স্বীকৃতি পাৱেটে দ্বিতীয়বাৰৰ বাবে অব্যাহত ৰাখিবলৈ সক্ষম হয়। এইবেলি পৰিষদে যোৱা ৯ জানুৱাৰীত প্রতিষ্ঠানটিত ক্ষেত্রভিত্তিক পর্যবেক্ষণ কৰাৰ পিছত ৪ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা স্বীকৃতি পত্রযোগে জনায় যে উল্লিখিত তিনিওটা বিভাগক প্ৰদান কৰা মান্যতাৰ স্বীকৃতি ২০২৫ চনৰ ৩০ জুনলৈকে অব্যাহত থাকিব।
এই স্বীকৃতিৰ বাবে 'পাৱেট'ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° গৌতম দত্তৰ নেতৃত্বত তিনিওটা বিভাগৰ শিক্ষক-কর্মচাৰী সকলে কৰা আপ্রাণ প্ৰচেষ্টা ফলবতী হোৱাত প্ৰতিষ্ঠান-পৰিয়ালটিৰ মাজত যথেষ্ট আনন্দ-উল্লাস বিৰাজ কৰা পৰিলক্ষিত হৈছে। অসমৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনলৈও এই স্বীকৃতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে।