ৰাজ্য চৰকাৰে কলেজসমূহৰ বাবে মোকলাই দিলে ৯৪ কোটি টকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুল অৱশেষত মুকলি কৰি দিলে অসম চৰকাৰে। শুকুৰবাৰে বিত্ত বিভাগে কলেজসমূহৰ অনাদায় হৈ থকা ধনৰ ভিতৰত ৯৪ কোটি টকা মোকলাই দিয়ে। অহা তিনি দিনৰ ভিতৰত কলেজসমূহে এই ধন লাভ কৰিব বুলি জনা গৈছে।

 

উল্লেখযোগ্য যে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুল ৯ মাহে ওভতাই নিদিয়াত কলেজসমূহ ভয়ংকৰ সংকটৰ গৰাহত সোমাই পৰিছিল।

 

বিশেষকৈ নাকৰ মূল্যায়ন চলি থকাৰ সময়ত প্ৰাপ্য ধন চৰকাৰে নিদিয়াত চৰম বিপদৰ সন্মুখীন হয় কলেজসমূহ। ধনৰ অভাৱত কলেজসমূহে কেনে দুৰ্যোগৰ মাজেৰে দিন পাৰ কৰিবলগা হৈছিল। শনিবাৰে তাৎক্ষণিকভাৱে বিত্ত বিভাগে কলেজসমূহলৈ মোকলাই দিয়ে ৯৪ কোটি টকা।