বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত 'ছেল্ফি পইন্ট' খোলাৰ নিৰ্দেশ ইউ জি চি

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) এইবাৰ দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত 'ছেল্ফি পইন্ট' খোলাৰ নিৰ্দেশনা জাৰি কৰিছে। যুৱচামৰ মাজত দেশৰ বিভিন্ন ক্ষেত্ৰৰ সফলতা, বিজয় গাথা সম্পর্কে সজাগতা অনাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়, মহাবিদ্যালয় চৌহদৰ গুৰুত্বপূর্ণ স্থানত 3D লে-আউট ব্যৱস্থাৰে এনে ছেল্ফি পইন্ট খুলিবলৈ কৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে। 
 
ইউ জি চিৰ সচিব মনীষ আৰ যোশীয়ে দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহলৈ উদ্দেশ্যি প্ৰেৰণ কৰা জাননীক লৈ প্রতিক্রিয়া সৃষ্টি হৈছে। ইউ জি চিয়ে আৰ্হি প্রস্তুত কৰি দিয়া এনে ছেল্ফি পইণ্টৰ পিছফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ফটো থাকিব লাগিব বুলি দিয়া জাননীক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া। 
 
২০২৪ বৰ্ষৰ মার্চ-এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ প্রাক্‌ক্ষণত প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত এনে ছেল্ফি পইন্টে বিতর্ক সৃষ্টি কৰিছে। এনে ছেল্ফি পইন্টসমূহত স্মার্ট ইণ্ডিয়া, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০, ইউনিটী ইন ডাইভাৰ্ছিটী, ইণ্ডিয়ান নলেজ ছিষ্টেম আদি বিষয়সমূহক গুৰুত্ব দিবলৈও কৈছে ইউ জি চিয়ে। 
 
ইউ জি চিৰ সচিব স্বাক্ষৰিত জাননীখনত এনে ছেল্ফি পইন্টত শিক্ষার্থীসকলৰ উপৰি বিশ্ববিদ্যালয়-মহাবিদ্যালয়লৈ অহা অন্য লোকসকলকো ছেল্ফি তুলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ জৰিয়তে অনুৰোধ জনাইছে ইউ জি চিয়ে। এনে ছেল্ফি পইণ্টক দেশৰ গৌৰৱ গাথা আৰু অনুপ্ৰেৰণাৰ থলীৰূপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে ইউ জি চিয়ে। 
 
উল্লেখ্য যে ইউ জি চিয়ে পূর্বে মহাৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠানসমূহক আৰ এছ এছৰ নেতা দত্তাজী দি দোলকাৰৰ জন্ম শতবার্ষিকী বর্ষ উদ্যাপন কৰিবলৈ কোৱাক লৈও বিতর্ক সৃষ্টি হৈছিল। ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ নাম প্রকাশত অনিচ্ছুক অধ্যাপক, অধ্যক্ষই ইউ জি চিক এনেধৰণৰ কামৰপৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।