খান্দাৱলীৰ মুছলমান ছোৱালীয়ে শিক্ষাৰ বাবে আগবাঢ়ি অহাৰ নপথ্যৰ ব্যক্তি কোন ?

Story by  atv | Posted by  Munni Begum • 7 Months ago
শিক্ষক ৰাজেশ আহলাৱাট (বাওঁফালে) আৰু ক্ৰীড়া শিক্ষক প্ৰকাশ বীৰৰ সৈতে ছোৱালী খো খো দলৰ সদস্যসকল
শিক্ষক ৰাজেশ আহলাৱাট (বাওঁফালে) আৰু ক্ৰীড়া শিক্ষক প্ৰকাশ বীৰৰ সৈতে ছোৱালী খো খো দলৰ সদস্যসকল
 
দয়াৰাম বশিষ্ঠ / ফৰিদাবাদ
 
হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ খান্দাৱলী হৈছে এখন মুছলমান সংখ্যাগৰিষ্ঠ গাঁও। ২০০৬ চনত খান্দাৱলীত স্থাপন কৰা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰহ্লাদ সিং আৰু ৰাজেশ আহলাৱাটে অতিথি শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। বাহিৰৰ এই শিক্ষক দুগৰাকীয়ে উপলব্ধি কৰিছিল যে এই বিদ্যালয়খনত মাত্ৰ ৩০০ ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তি কৰিছে আৰু তেওঁলোকেও মাত্ৰ মধ্যাহ্ন ভোজন কৰিবলৈহে বিদ্যালয়লৈ আহে।    
 
ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণে অৱস্থিত খান্দাৱলী নামৰ এই গাঁওখনত বাস কৰা জনসংখ্যা হৈছে মাত্ৰ ৬ হাজাৰ। দুয়োগৰাকী শিক্ষকে এটা পৰিকল্পনা কৰিছিল। তেওঁলোকে আন এগৰাকী শিক্ষক যাদৰামৰ সৈতে একত্ৰিত হৈ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক যোগাযোগৰ বাবে ফোন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকক নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ প্ৰেৰণা দিবলৈ চেষ্টা কৰিছিল।   
 
খান্দাৱালীৰ ছোৱালীসকলে পৰীক্ষাত লিখি থকা এক দৃশ্য
 
তেওঁলোকৰ এই প্ৰচেষ্টা সফল হ'ল। কিয়নো বৰ্তমান গাওঁঅখনৰ বিদ্যালয়বোৰত নামভৰ্তিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ল’ৰাতকৈ অধিক ছোৱালীয়ে স্কুলত নামভৰ্তি বিচাৰি আহিছে। ইফালে বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে।    
 
পোন্ধৰ বছৰৰ পাছত আজি খান্দাৱালী গাঁওখন স্কুল-কলেজলৈ যোৱা ছোৱালী-মহিলাৰে ভৰি পৰিছে। পৰম্পৰাগত নিষেধাজ্ঞাৰ পৰা মুছলমান যুৱতীসকলে ওলাই আহিছে আৰু বহুতেই উচ্চ শিক্ষা গ্ৰহণৰ বাবে দিল্লীলৈও গৈছে। যুৱক-যুৱতীসকলে ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত পদকো অৰ্জন কৰিছে।     
 
প্ৰধানমন্ত্ৰী মোডীৰ 'বেটি বাচাও, বেটি পঢ়াও'ৰ প্ৰচাৰৰ সফলতাৰ জীৱন্ত উদাহৰণ এই গাঁওখন বুলি কব পাৰি। শিক্ষাৰ প্ৰতি সজাগতাই গাঁওখনৰ মনোভাৱ আৰু সামাজিক অৱস্থা সলনি কৰি পেলাইছে। খান্দাৱালীৰ বহু ছোৱালীয়ে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ফৰিদাবাদৰ নেহৰু কলেজত অধ্যয়ন কৰি আছে।  
 
কিছুমানে দিল্লীত মেডিচিন আৰু ফাৰ্মাচী বিভাগতো পঢ়ি আছে। অনম, ৰুখছাৰ, লাইভাকে ধৰি বহু ছোৱালীয়ে ছামা প্ৰবীণ হিছাৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ প্ৰাক্তন সৰপঞ্চ আব্দুল ছাত্তৰৰ ভতিজী তথা ফাৰ্মাচীৰ ছাত্ৰী লাইভাক দিল্লী চৰকাৰে সম্বৰ্ধনা জনায়। স্থানীয় অধিবক্তা হাজী আৰ্শ্বাদ খানৰ কন্যা খাটিজা খান ফৰিদাবাদৰ বি কে হাস্পতালত আয়ুৰ্বেদিক চিকিৎসক আৰু তেওঁৰ ভাতৃয়ে ই এছ আই আলৱাৰৰ পৰা এম বি বি এছ অধ্যয়ন কৰি আছে। 
 
ডাঃ খাতিজা খান
 
১৫ বছৰ আগতে দুজন শিক্ষকে সৃষ্টি কৰা সজাগতাৰ বাবেই আজি বহু স্থানীয় লোক বিভিন্ন পেছা তথা সেৱাত কৰ্মৰত হৈ আছে। গাঁওখনৰ পৰা অহা নেহৰু কলেজৰ অধ্যাপক ড০ আবু উৰেৰাই কয়, "গাঁওখনত স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ ৬৫ৰ পৰা ৭৫ শতাংশ পৰ্যন্ত আছিল। যিটো এক চিন্তাৰ বিষয়। কিছুমান পৰিয়ালে নিজৰ ছোৱালীক দশম বা ১২ শ্ৰেণীলৈকে পঢ়ুৱাই তাৰ পিছত বিয়া দিয়ে।"
 
খান্দাৱলীৰ লোকসকলৰ অধিকাংশই খেতিয়ক তথা টিউৱেল স্থাপন কৰাৰ বাবে কূপ ব’ৰিং কৰাত বিশেষজ্ঞ বুলি গণ্য কৰা হয়। বহু ল’ৰা-ছোৱালীয়েও পিতৃৰ উপাৰ্জনৰ পৰিপূৰক হিচাপে ইয়াৰে কিছু কাম হাতত লৈছিল। অধ্যাপক ড. আব্বু উৰেৰাৰ মতে গাওঁবাসীসকলৰ তেওঁলোকৰ সন্তানৰ অধ্যয়ন অব্যাহত ৰখাৰ ক্ষেত্ৰত আৰ্থিক সীমাবদ্ধতা আছে। অৱশ্যে মানৱীয় মনোভাৱ আৰু সম্প্ৰদায়ৰ বন্ধনে কেনেকৈ কিছুমান লোকক দৰিদ্ৰতা দূৰ কৰাত সহায় কৰিব পাৰে তাক দেখুৱাবলৈ উদাহৰণও আছে। 
 
খান্দাৱালীৰ ৰিজৱানাই দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা গণিতত বি এছ চি ডিগ্ৰী অৰ্জন কৰিছে। তাইৰ দেউতাক মহম্মদ ইলিয়াছ এজন মেকানিক। সেয়েহে পৰিয়ালক পোহপাল দিবলৈ তেওঁৰ উপাৰ্জন অতি কম। আনহাতে ৰিজৱানাই দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা ভাতৃক চাৰি বছৰ পূৰ্বে হেৰুৱাইছিল। ৰিজৱানাৰ জীৱনৰ কঠোৰ পৰিস্থিতিৰ স্বত্বেও, তাই হতাশ হৈ পৰা নাছিল।  
 
গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ সময়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভাল চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে ৰিজৱানাই। ৰিজৱানাই নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ত আৰ্থিক সমস্যাৰ বাবে স্কুল এৰিবলগীয়া হৈছিল। সেই সময়ত এজন সমাজকৰ্মী আমজাদ খানে ৰিজৱানাক শিক্ষা প্ৰদান কৰাৰ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল। 
 
মধ্যাহ্ন ভোজনৰ অংশ হিচাপে গাখীৰ গ্ৰহণ কৰিছে স্কুলীয়া শিশুসকলে
 
ৰিজৱানাই পুনৰ স্কুলত যোগদান কৰিছিল আৰু লগতে নিজৰ তিনিজন ভাই-ভনীক(এজন ভাতৃ আৰু দুগৰাকী ভগ্নী) পঢ়া-শুনা কৰিবলৈ প্ৰেৰণা দিবলৈ চেষ্টা কৰিছিল। ৰিজৱানাই আৱাজ-দ্য ভইচ'ক জনাইছে যে বৰ্তমান তাই নিজৰ ঘৰৰ খৰচৰ লগতে ভাতৃ-ভগ্নীৰ পঢ়া-শুনাৰ খৰচো বহন কৰি আহিছে। তেওঁলোকৰ পিতৃ-মাতৃয়ে কামনা কৰে যে তেওঁলোকৰ সন্তানে উপযুক্ত শিক্ষা লাভ কৰক। ৰিজৱানাই কয়, "মইও একেটা লক্ষ্যৰ দিশে আগবাঢ়িছো।" 
 
শিক্ষক প্ৰহ্লাদ সিং আৰু ৰাজেশ আহলাৱটে আৰম্ভ কৰা শিক্ষা বিপ্লৱে গাঁৱৰ পৰিৱেশ সলনি কৰি দিছে। হাৰিয়ানা ৰাজ্যৰ উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়াবিদসকলৰ বাবে এই গাঁওখন উল্লেখযোগ্য স্থান। আজি এই বিদ্যালয়খন সমগ্ৰ হাৰিয়ানাত স্বীকৃতি লাভ কৰিছে। বিদ্যালয়খনৰ পিটিআই প্ৰকাশ বীৰে কয়, “ইয়াৰ ছোৱালীবোৰে ভাল শিক্ষাৰ লগতে ক্ৰীড়াতো ভাল ফলাফল দেখুৱাই আহিছে।” 
 
বিদ্যালয়ৰ অধ্যক্ষ শশী যাদৱে কয়, “এই বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে ক্ৰীড়াৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো নাম উজলাইছে। দশম শ্ৰেণীত বহু শিশুৱে ৮০ শতাংশ নম্বৰ লাভ কৰিছে। বিদ্যালয়খনৰ ছোৱালীবোৰ বৰ সক্ষম। মাত্ৰ তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়োজন।"
 
বিষয়টোৰ ওপৰত অভিভাৱকৰ লগত সভা অনুষ্ঠিত কৰি তেওঁ স্কুল এৰাৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা কৰি আছে। তেওঁৰ স্কুলৰ শিক্ষকসকলেও এই সমস্যাটোৰ ওপৰত কাম কৰি আছে। কিন্তু ইয়াৰ পিছতো আজি স্কুলত ছোৱালীৰ সংখ্যা ল’ৰাতকৈ বেছি। 
 
ড° আবু উৰেৰাৰ মতে, গাঁওখনত এটা কোচিং চেণ্টাৰ খোলাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত উচ্চ শিক্ষাৰ সজাগতা বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হ’ব। ইয়াৰ ফলত অধ্যয়নৰ পৰিৱেশ সলনি হ’ব।   
 
শিক্ষয়ত্ৰী ৰিজৱানা তেওঁৰ শ্ৰেণীকোঠাত
 
মহম্মদ জাহিদে কয়, অঞ্চলটোত ছোৱালীৰ বাবে  এখনৰ মহাবিদ্যালয়ৰো প্ৰয়োজন। কিয়নো মহাবিদ্যালয়ৰ অভাৱৰ বাবে ভানকপুৰ, মদলপুৰ, লাদিয়াপুৰ, ফিৰোজপুৰ তাগা, বিজোপুৰকে ধৰি ওচৰৰ গাঁৱৰ ছোৱালীবোৰে শিক্ষাৰ বাবে চহৰলৈ যাব লগা হয়।
 
৭০ বছৰীয়া আব্দুল ৰহিময়ে নিজৰ গাঁৱত শিক্ষাৰ সজাগতাক লৈ যথেষ্ট সুখী। তেওঁ কয়, আগতে ল’ৰা-ছোৱালীবোৰ কেৱল কোৰাণ আৰু নমাজত সীমাবদ্ধ আছিল। আজি মানুহ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু সংস্কৃতিবান হৈ উঠিছে। তেওঁৰ নাতি আৰু নাতিনীও দশম আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছে।
 
গাঁও পঞ্চায়তে গাঁওখনৰ শিক্ষাৰ মনোভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। প্ৰাক্তন সৰপঞ্চ নিছাৰ আহমেদে কয়, আমি শিক্ষক আৰু প্ৰশাসনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিলোঁ। বিদ্যালয়ৰ অভাৱ-অভিযোগৰ বিষয়ে তেওঁ কৰ্তৃপক্ষলৈ লিখিছে আৰু তেওঁ পৰ্যাপ্ত সঁহাৰি লাভ কৰি আছে।
 
প্ৰাক্তন সৰপঞ্চ আব্দুল ছাত্তাৰে কয়, পূৰ্বৰ অভিভাৱকসকলে ছোৱালীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। যিটো বৰ্তমান সলনি হৈছে। গাঁৱৰ ল’ৰা-ছোৱালীয়ে খেলা-ধূলা আৰু শিক্ষাৰ ক্ষেত্ৰত গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, যদিও স্থবিৰ হৈ পৰা পানী, বন্ধ হৈ পৰা নলা, আৰু সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে গাঁওখন এতিয়াও পুখুৰী সদৃশ হৈ পৰিছে। গাঁৱৰ পৰা নিকটৱৰ্তী চহৰলৈ যোৱা পথটোৰ অৱস্থাত অতি জৰাজীৰ্ণ।
 
জিলা পৰিষদৰ অধ্যক্ষ বিজয় লোহিয়াই কয় যে শীঘ্ৰে খান্দাৱলীত সৌন্দৰ্য্যবৰ্ধনৰ কাম আৰম্ভ কৰা হ’ব। তেওঁ কয় যে পুখুৰীসমূহৰ উন্নীতকৰণ আৰু বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰা হ’ব। শ্মশানৰ সীমা দেৱালকে ধৰি আন বহু উন্নয়নমূলক কামো কৰা হ’ব।