চেন্নাইৰ বানত আৱদ্ধ অভিনেতা আমিৰ খানক উদ্ধাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
চেন্নাইৰ বানত আৱদ্ধ অভিনেতা আমিৰ খানক উদ্ধাৰ
চেন্নাইৰ বানত আৱদ্ধ অভিনেতা আমিৰ খানক উদ্ধাৰ
 
চেন্নাই
 
তামিলনাডুৰ চেন্নাইত ব্যাপক ধ্বংসলীলা চলোৱাৰ পিচত এইবাৰ যোৱা ২ ডিচেম্বৰত ঘনীভূত হোৱা মিগজাউম ঘূর্ণিয়ে অন্ধ্রপ্রদেশৰ উপকূলত খুন্দা মাৰে। ঘণ্টাত প্রায় ১১০ কিলোমিটাৰ বেগেৰে এই ঘূর্ণিজাক নেল্লোৰ-মছলিপটনমৰ মাজ অংশত খুন্দা মাৰে। প্রচণ্ড বেগত বলা ঘূৰ্ণিৰ লগতে অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈছে। 
 
ধুমুহা আৰু বৰষুণৰ বাবে চেন্নাই বিমান বন্দৰত আবদ্ধ হৈ আছে ২১ খন বিমান আৰু প্রায় ১,৫০০ যাত্রী। ইফালে মাতৃ জিনত হুছেইনৰ চিকিৎসাৰ বাবে চেন্নাইত থকা প্রখ্যাত অভিনেতা আমিৰ খানক আজি উদ্ধাৰ কৰা হয়। চেন্নাই কাৰাপাক্কামত বৰষুণৰ বাবে আবদ্ধ হৈ পৰা আন এজন অভিনেতা বিষ্ণু বিশালকো সংশ্লিষ্ট বিভাগে উদ্ধাৰ কৰিছে। তেওঁলোকক অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ বিভাগে নাৱেৰে উদ্ধাৰ কৰে।
 
চেন্নাইৰ কাৰাপাককামত পানীৰ মাত্ৰা বৃদ্ধি পোৱাৰ সময়তে অভিনেতা বিষ্ণু বিশালে এক্স'ত উদ্ধাৰৰ বাবে অনুৰোধ জনাই এক পোষ্ট কৰিছিল। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ বিভাগে অঞ্চলটোত উপস্থিত হৈ ভিলা সম্প্ৰদায়ৰ পৰা ৩০ জনতকৈ অধিক সদস্যক নিৰাপদ স্থানলৈ ঘূৰাই আনে।
 
উদ্ধাৰ হোৱাৰ পিছত অভিনেতা অজিত কুমাৰে তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে জানিব পাৰি তেওঁলোকৰ ওচৰলৈ যায়।  তেওঁ আমিৰ, বিষ্ণু বিশাল আৰু আৱদ্ধ সদস্যসকলৰ বাবে ভ্ৰমণৰ ব্যৱস্থা কৰি দিয়ে। 
 
বিষ্ণু বিশালে আমিৰ খান আৰু অজিত কুমাৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে, "এজন সাধাৰণ বন্ধুৰ জৰিয়তে আমাৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত চিৰ সহায়কাৰী অজিত ছাৰে আমাক সাক্ষাৎ কৰিবলৈ আহি আমাৰ ভিলা কমিউনিটিৰ সদস্যসকলৰ ভ্ৰমণৰ ব্যৱস্থাত সহায় কৰিলে...... লাভ ইউ অজিত ছাৰ!"
 
ইফালে তামিলনাডুৰ চেন্নাইকে ধৰি বিভিন্ন ঠাইত এই ঘূৰ্ণিৰ ফলত হোৱা বৰষুণ সৃষ্ট বানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ জনজীবৱন এই ঘূৰ্ণিৰ বাবে প্ৰায় স্থবিৰ হৈ পৰিছে। তামিলনাডুত এই ঘূৰ্ণিৰ প্রভাৱত মৃত্যু হোৱাৰ সংখ্যা ১৭ লৈ বৃদ্ধি পাইছে। চেন্নাইৰ লগতে তামিলনাডুৰ উপকূলৱর্তী জিলাসমূহত ৬১,৬৬৬ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহলৈ ঘূর্ণি প্রভাৱিত অঞ্চলসমূহৰ নাগৰিকক স্থানান্তৰ কৰা হৈছে। 
 
বানবিধ্বস্ত চেন্নাইত আর্তজনক উদ্ধাৰৰ বাবে ১,৩৪০ খন নাও ব্যৱহাৰ কৰা হৈছে। এই ঘূর্ণিয়ে তামিলনাডুত মাছমৰীয়াৰ ১,২০০ নাও ধ্বংস কৰিছে। অন্ধ্রত এই ঘূর্ণিৰ ফলত তিৰুপতি, আন্নমায়া, কাৰাপা, গুন্টুৰ, নেল্লোৰ, বাপাতলা, প্রকাশন, তৃষ্ণা, এন টি আৰ আদি জিলাত প্রবল বৰষুণ হৈছে। কেইবাখনো জিলাত যোৱা ২৪ ঘণ্টাত ২৪ চেন্টিমিটাৰপর্যন্ত বৰষুণ হৈছে। 
 
ঘূর্ণি আৰু বৰষুণ বানৰ ফলত প্রভুত পৰিমাণৰ খেতিপথাৰ বানত বুৰ গৈছে। ৰাজ্যখনত সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে ২৩ খন বিমানৰ উৰণ বাতিল কৰা হৈছে। অন্ধ্রপ্রদেশত প্ৰৱেশৰ পিচতে মিগজাউম ঘূর্ণিৰ শক্তি হ্রাস পাইছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। চেন্নাইত প্রবল বৰষুণৰ ফলত হোৱা বানৰ বাবে এতিয়ালৈকে এহেজাৰতকৈ অধিক বিমানৰ উৰণ বাতিল কৰিবলগীয়া হৈছে। ইয়াৰে ভিতৰত ইণ্ডিগোৰ বিমান আছে ৫৫০ খন।