অসমৰ ৰাণী হাজৰিকা এতিয়া ভাৰতৰ বিভিন্ন ভাষাত গীত গোৱা প্ৰতিষ্ঠিত কণ্ঠশিল্পী

Story by  Daulat Rahman | Posted by  Munni Begum • 1 Years ago
ভাৰতৰ বিভিন্ন ভাষাত গীত গোৱা অসমৰ ৰাণী হাজৰিকা
ভাৰতৰ বিভিন্ন ভাষাত গীত গোৱা অসমৰ ৰাণী হাজৰিকা
 
দৌলত ৰহমান / গুৱাহাটী
 
মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ বাবে সন্মুখীন হোৱা বিভিন্ন বাধাৰ পিছতো অসমৰ ৰাণী হাজৰিকাই মাত্ৰ ৩ বছৰ বয়সতে গান গাবলৈ আৰম্ভ কৰিছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ পেছাদাৰীভাৱে গান গাবলৈ আৰম্ভ কৰিছিল। অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ সময়লৈকে ইতিমধ্যে অসমীয়া সংগীত জগতৰ মাজত জনপ্ৰিয় নাম হৈ পৰিছিল ৰাণী হাজৰিকা। 
 
তেতিয়াৰ পৰা ৰাণীয়ে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু এতিয়ালৈকে তেওঁ বলীউডৰ লগতে বাংলা, অসমীয়া, মাইথিলী, উড়িয়া, কানাডা, মালয়ালম, তেলেগু আৰু কাশ্মীৰী চিনেমাত অজস্ৰ গীত গাইছে। প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকীয়ে এতিয়ালৈকে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ২০১৮ চনত Best Versatile Singer হিচাপে লাভ কৰা সন্মানীয় দাদাছাহেব ফাল্কে বঁটা। 
 
‘আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাণী হাজৰিকাই সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহ, তেওঁৰ কৰ্মৰাজি, তেওঁৰ প্ৰেৰণা, তেওঁৰ সংগ্ৰাম আৰু তেওঁৰ আগন্তুক পৰকিল্পনাৰ বিষয়ে প্ৰকাশ কৰে।
 
 
‘মই এটা সংগীতৰ পৰিৱেশ থকা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিলো। মোৰ পিতৃ প্ৰয়াত ৰোজ হাজৰিকাও আছিল এগৰাকী গায়ক। তেওঁ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ গীত আৰু নাট বিভাগত শিল্পী হিচাপে কাম কৰিছিল। গতিকে সংগীত মোৰ তেজত আছে, আৰু এই পৃথিৱীত প্ৰথম চকু মেলাৰ পৰাই সংগীতৰ লগত মই জড়িত হৈ আছো। সংগীত মোৰ ভিতৰত সদায় আছে,’ ৰাণী হাজৰিকাই কয়।
 
উল্লেখ্য যে, ৰাণী হাজৰিকাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ প্ৰতিষ্ঠিত ভাটখাণ্ডে মিউজিক ইনষ্টিটিউট ইউনিভাৰ্ছিটীৰ পৰা ‘ভোকেল’ শাখাত সংগীতৰ স্নাতক ডিগ্ৰী লাভ কৰে। অসমৰ সুযোগ্য কণ্ঠশিল্পীগৰাকীয়ে সংগীত গুৰু সন্তোষ পণ্ডিত আৰু বলীউডৰ প্লেবেক গায়ক জছপিন্দৰ নাৰুলাৰ নিৰ্দেশনাত পেছাদাৰী সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।
 
যেতিয়া ৰাণী মুম্বাইত উপস্থিত হৈছিল তেতিয়া তেওঁ তাত কাকো চিনি পোৱা নাছিল; মুম্বাইত তেওঁৰ কোনো গডফাদাৰ নাছিল। কেইজনমান ভাল বন্ধুৰ বাহিৰে তাত তেওঁৰ কোনোৱেই নাছিল। তিনিমাহ ধৰি তেওঁ কেৱল ভাগ্য সুপ্ৰসন্ন হোৱাৰ আশাত সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। গীতৰ চিডিবোৰ বিভিন্ন মিউজিকেল কোম্পানীলৈ পঠিয়াইছিল। ইয়াৰ পিছত হঠাতে এদিন তেওঁলৈ মিউজিকেল কোম্পানী এটাৰ পৰা ফোন আহিল। তেওঁলোকে কৈছিল যে, তেওঁৰ কণ্ঠটো খুৱ ধুনীয়া, আৰু তেওঁলোকে ৰাণীক লগ পাব বিচাৰে।
 
কাশ্মীৰৰ এক গীতত অভিনয় কৰিছে কণ্ঠশিল্পী ৰাণী হাজৰিকাই
 
‘কোম্পানীটোৱে মোক কিছুমান শ্ব’ কৰিবলৈ অফাৰ দিছিল, যিবোৰৰ প্ৰতি সঁচা কথা ক’বলৈ গ’লে মোৰ কোনো আগ্ৰহ নাছিল। ইতিমধ্যে মই অসমত বহুত শ্ব’ কৰিছিলোঁ আৰু কেৱল টকা উপাৰ্জনৰ বাবেই শ্ব’ কৰিবলৈ মই মুম্বাইক মোৰ জীৱনৰ পৰৱৰ্তী গন্তব্যস্থান হিচাপে বাছি লোৱা নাছিলোঁ। মই মোৰ কষ্টোপাৰ্জিত ধনৰ ভাল পৰিমাণ এটা লৈ মুম্বাইত আছিলো আৰু সেইবাবে মই টকাৰ অভাৱত ভোগা নাছিলো। প্লেবেক ছিংগাৰ হ’বলৈহে মই মুম্বাইলৈ গৈছিলো। মই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ বাবে অডিচন দিছিলো আৰু মই অনুষ্ঠানটোলৈ নিৰ্বাচিত হৈছিলো। অনুষ্ঠানটোৰ শীৰ্ষ ৩০ৰ ভিতৰত মই স্থান লাভ কৰিছিলো। তাৰ পিছত মই Jab We Met চিনেমাখনত গীত গোৱাৰ সুযোগ পাইছিলো। ছবিখনত মই প্লেবেক ভইচৰ বেকিং কণ্ঠশিল্পী আছিলো। জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ খান ছবিখনৰ মুখ্য অভিনেত্ৰী আছিল আৰু এই ছবিখনৰ জৰিয়তে মই বলীউডৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত টলিউডকে ধৰি বিভিন্ন উদ্যোগৰ পৰা মই বহু প্ৰস্তাৱ লাভ কৰো,’ ৰাণী হাজৰিকাই কয়।
 
চিনেমাত গান গাবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰাণী হাজৰিকাই Reality Shows আৰু Singing Competitionsতো অংশ লৈছিল। সংগীত অনুষ্ঠান সাৰেগামাপা চিংগিং ছুপাৰষ্টাৰ, ভইচ অৱ ইণ্ডিয়া মুম্বাই, বলিউড ক্লাব অৱ জুম টিভি, ৰক দ্য ধুন আদি বহুতো অনুষ্ঠানত তেওঁ প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল। ইয়াৰে ভিতৰত ভইচ অৱ ইণ্ডিয়াৰ তেওঁ আছিল অন্যতম ফাইনেলিষ্ট। ২০১০ চনত ছাৰেগামাপাতো তেওঁ মেগা ফাইনেলিষ্ট আছিল।
 
 ৰাণী হাজৰিকাই তেওঁৰ এক গীতত অভিনয় কৰিছে
 
ৰাণী হাজৰিকাই বলীউডৰ চিনেমা Choo le Aasmaan, EK – The Power of One, Memsaab, Yeh Kaisa Karz Hai, Kranti – The Revolutionary, Shudra – The Risingৰ প্লেবেক গায়ক হিচাপে কাম কৰিছে। তেওঁ অসমীয়া, ছত্তীশগড়ী, ভোজপুৰী, তেলেগু, মালয়ালম, মাইথিলীৰ দৰে বহু আঞ্চলিক চিনেমাতো প্লেবেক গায়িকা হিচাপে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। টিভিৰ বিজ্ঞাপন আৰু টাইটেল ট্ৰেকতো তেওঁ কণ্ঠ নিগৰাইছে।
 
কেইবাটাও আঞ্চলিক ভাষাত গান গোৱাটো তেওঁৰ বাবে কিমান কঠিন আছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাণী হাজৰিকাই কয় “নিশ্চয়কৈ কঠিন। কিন্তু, মই কাশ্মীৰী ভাষাত গান গোৱাতো আটাইতকৈ বেছি কঠিন পাইছিলো। অৱশ্যে, এজন শিল্পী হিচাপে আমি প্ৰতিটো ভাষা জানিব লাগিব আৰু গীত গাব পাৰিব লাগিব। যিহেতু সংগীতৰ কোনো ভাষা নাই। সংগীত হৈছে মানুহৰ আত্মাৰ সৈতে সংযুক্ত আৰু সংগীতৰ সাধনাই মানুহক যিকোনো ভাষা আয়ত্ব কৰিবলৈ সক্ষম কৰি তোলে।”
 
কাশ্মীৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী জাননিছাৰ ল’নৰ সৈতে বিবাহপাঁশত আৱদ্ধ হোৱা ৰাণী হাজৰিকাই ‘ৱাজৱান’ৰ প্ৰতি তেওঁৰ আকৰ্ষণ প্ৰকাশ কৰি ‘ছালাম ই ৱাজৱানে’ নামৰ কাশ্মীৰী হিট গীতটো গাইছে। ৱাজৱান কেৱল এক জনপ্ৰিয় খাদ্যই নহয়, ই কাশ্মীৰ আৰু কাশ্মীৰী সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বুলিও তেওঁ কয়। তেওঁৰ আন কাশ্মীৰী গীতসমূহ হ’ল MaenziRaath, KatyuChukhNundbaane ইত্যাদি।
 
ফটোৰ বাবে পোজ দিছে ৰাণী হাজৰিকাই
 
‘কাশ্মীৰী যুৱক-যুৱতীসকলক সংগীত জগতত ভৰি দিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে মই এতিয়া এটা মিউজিক চেনেল চলাই আছো। বিশেষকৈ আমি প্ৰতিভাৱান কাশ্মীৰী যুৱতীক সংগীতৰ ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছো। আমাৰ চেনেলৰ সৈতে প্ৰথমে কাম কৰা বহু যুৱতীয়ে এতিয়া বলীউডৰ সংগীত জগতত অত্যন্ত ভাল কাম কৰি আছে।’- ৰাণী হাজৰিকাই কয়।
 
উল্লেখ্য যে, বৰ্তমান ৰাণী হাজৰিকাই বলীউডত সংগীতকাৰ আৰু সংগীত পৰিচালক হিচাপে কৰ্মৰত। তেওঁৰ আৰু বহুতো প্ৰজেক্ট আগন্তুক দিনত সংগীতপ্ৰেমীয়ে দেখিবলৈ পাব। ডুবাইতো তেওঁ এক সংগীত প্ৰজেক্টত ব্যস্ত হৈ আছে। ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু পেছাদাৰী জীৱনৰ মাজতো ৰাণীয়ে জন্মভূমি অসমৰ কলা-সংস্কৃতিক পাহৰা নাই। যেতিয়াই সুযোগ পায় ৰাণীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশত অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰচাৰৰ প্ৰয়াস চলাই আহিছে।