ছানী দেউলৰ বাংলো নিলামৰ জাননী প্ৰত্যাহাৰ বেংকৰ

Story by  atv | Posted by  Munni Begum • 11 Months ago
ছানী দেউল
ছানী দেউল
 
মুম্বাই
 
অভিনেতা তথা বিজেপি সাংসদ ছানী দেউলৰ মুম্বাইৰ জুহুত থকা বাংলোৰ নিলামৰ জাননী প্ৰত্যাহাৰ কৰা হৈছে। চৰকাৰী মালিকানাধীন বেংক অৱ বৰোদাই আজি এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।  
 
২৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ই-নিলামৰ জৰিয়তে ₹৫৬ কোটি আদায় কৰিবলৈ দেওবাৰে বেংক অৱ বৰোডাই দেউল পৰিয়ালৰ সম্পত্তি ব্লকত ৰাখিছিল। গুৰদাসপুৰৰ সাংসদ দেউলে ২০২২ চনৰ ডিচেম্বৰৰ পৰা বেংক অৱ বৰোদাৰ পৰা ₹৫৫.৯৯ কোটি ঋণ পৰিশোধ নকৰাকৈয়ে আছে।
 
বেংক অফ বৰোদাই আজি এক বিবৃতিত কয়, "অজয় সিং দেউল ওৰফে ছানী দেউলৰ সন্দৰ্ভত বিক্ৰী নিলামৰ জাননীৰ  সন্দৰ্ভত ই-নিলাম জাননীৰ সংশোধন কাৰিকৰী কাৰণত প্ৰত্যাহাৰ কৰা হৈছে।" 
 
বেংকে দেওবাৰে জনাইছিল যে ছানী ভিলা নামেৰে জনাজাত জুহুৰ সম্পত্তিৰ নিলাম ₹৫১.৪৩ কোটিৰ পৰা আৰম্ভ হ'ব। নিবিদাৰ নূন্যতম পৰিমাণ ₹৫.১৪ কোটি নিৰ্ধাৰণ কৰা হৈছিল।  
 
ইয়াৰ উপৰিও ছানী ভিলাৰ লগতে ছানী চাউণ্ডছ থকা ৫৯৯.৪৪ বৰ্গমিটাৰ সম্পত্তিও নিলাম কৰা হ’ব। ছানী চাউণ্ডছ হৈছে দেউলৰ মালিকানাধীন কোম্পানী আৰু ই হৈছে ঋণৰ বাবে কৰ্পোৰেট গেৰাণ্টৰ। ধৰ্মেন্দ্ৰ, ছানী দেউলৰ অভিনেতা-ৰাজনীতিবিদ পিতৃ ব্যক্তিগত গেৰাণ্টৰ। 
 
দেওবাৰৰ জাননীখনত উল্লেখ কৰা হৈছে যে ২০০২ চনৰ ছাৰ্ফেছি আইনখনৰ বিধান অনুসৰি নিলাম অনুষ্ঠিত নহ’বলৈ দেউল পৰিয়ালে এতিয়াও বেংকৰ বাকী থকা ঋণ পৰিশোধ কৰিব পাৰিব।